সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ আগনিশা কি ঘটিছিল ?

কিয় ভুৱনেশ্বৰ কলিতাৰ পৰিয়ালক দিল্লীলৈ লৈ যোৱা হৈছিল ?

জন্মু –কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সময়ছোৱাত ৰাজ্যসভাত ঘটিছিল এক ডাঙৰ ঘটনা ৷ দিনটো আছিল ৫ আগষ্ট , ২০১৯ ৷ সিদিনাই ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই পদত্যাগৰ কথা ঘোষণা কৰিছিল ৷ তেওৰ লগতে সমাজবাদী পাৰ্টীৰ আন দুগৰাকী সাংসদেও একেলগে পদত্যাগ কৰে ৷ সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্বাৰ্থত শাসকীয় বিজেপি দলে লৈছিল এক বিশেষ কৌশল ৷ এই কৌশলৰ আধাৰতে ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ আগনিশা বিজেপি নেতাই সাক্ষাৎ কৰিছিল কংগ্ৰেছ সাংসদ ভৱনেশ্বৰ কলিতা আৰু সমাজবাদী পাৰ্টীৰ সাংসদ সুৰেন্দ্ৰ সিঙ নাগৰ আৰু সঞ্জয় শেঠক ৷ তাৰ পাছতে ৫ আগষ্টৰ পুৱা তিনিওগৰাকী সাংসদে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে ৷ যাৰ ফলত ৰাজ্যসভাতো সংবিধান সংশোধনী বিধেয়ক সুকলমে গৃহীত কৰাটো সম্ভৱ হৈ উঠিছিল ৷’দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত আজি প্ৰকাশ পাইছে ভুৱনেশ্বৰ কলিতাৰ বিজেপিত যোগদান সন্দৰ্ভত এক এক্সক্লুছিভ প্ৰতিবেদন ৷

কি কৌশল লৈছিল বিজেপিয়ে ?

- Donation -

ৰাজ্যসভাত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ বিধেয়ক উত্থাপন হোৱাৰ আগনিশা ভুৱনেশ্বৰ কলিতাৰ বাসগৃহত উপস্থিত হৈছিল এজন শীৰ্ষস্থানীয় চৰকাৰী আমোলা ৷ অসমৰ এজন বিজেপি নেতাই নিজেই গাড়ী চলাই তেওক লৈ গৈছিল কলিতাৰ বাসগৃহলৈ ৷ একেসময়তে ভুৱনেশ্বৰ কলিতাৰ পৰিয়ালৰ লোককো সিদিনা অসমৰ পৰা লৈ যোৱা হৈছিল দিল্লীলৈ ৷ যাতে বিজেপিয়ে দিয়া প্ৰস্তাবত কলিতাক সৈমান কৰোৱাটো সম্ভৱ হয় ৷ কিন্তু পৰিয়ালৰ লোকে বুজাবলগীয়া নহ’লেই ৷ বিজেপি নেতা আৰু চৰকাৰী আমোলাগৰাকীৰ প্ৰস্তাবত সৈমান হ’ল কংগ্ৰেছৰ চীফ হুইপগৰাকী ৷তাৰ পাছদিনা পুৱাই তেও ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে ৷এই সকলোবোৰ পৰিকল্পনা ইমান গোপনে আৰু দ্ৰুতগতিত সম্পন্ন কৰা হৈছিল যে কংগ্ৰেছৰ আন কোনো নেতাই তাৰ ভূ- ভা নাপালে ৷

কিয় ভুৱনেশ্বৰ কলিতাৰ ইমান প্ৰয়োজন হ’ল বিজেপিক ?

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু জন্মু- কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত সংবিধান সংশোধনী বিধেয়ক সদনত বিনা বাধাই গৃহীত কৰাটো বিজেপিৰ বাবে আছিল এক ডাঙৰ প্ৰত্যাহ্বান ৷লোকসভাত বিজেপিৰ নিজা সংখ্যাগৰিষ্ঠতা আছে কিন্তু ৰাজ্যসভাত প্ৰয়োজন হৈছিল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ সাংসদৰ সমৰ্থন ৷কাৰণ সংবিধান সংশোধন কৰিবলৈ হ’লে দুয়োখন সদনৰ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন ৷সেইবাবেই বিজেপিয়ে ৰাজ্যসভাৰ কেবাজনো বিৰোধী সাংসদৰ লগত যোগাযোগ স্থাপন কৰিলে ৷ কিন্তু কংগ্ৰেছ সাংসদে স্পষ্ট কৰি দিলে যে ৰাজ্যসভাত তেওলোকৰ দলৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই হুইপ জাৰি কৰিলে তেওলোক সদনত উপস্থিত হ’বই লগিব ৷ অন্যথা তেওলোকৰ সদস্য পদ কৰ্তন হ’ব ৷ইফালে , অমিত শ্বাহে  সদনত সংবিধান সংশোধনী বিধেয়ক উত্থাপনৰ কথা ঘোষণা কৰাৰ লগে লগে ভুৱনেশ্বৰ কলিতাই হুইপ জাৰি কৰাটো জৰুৰী হৈ পৰিল ৷ ইতিমধ্যে , কলিতা আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে বিষয়টো ৰাজ্যসভাত আলোচনাৰ বাবে অধ্যক্ষলৈ জাননীও প্ৰেৰণ কৰিছিল ৷গতিকে  বিধেয়কখনে দুই তৃতীয়াংশ সাংসদৰ সমৰ্থন পোৱাৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিল ৷ তাৰ লগে লগে অসমৰ এজন বিজেপি নেতাৰ সহযোগত বিজেপিয়ে ভুৱনেশ্বৰ কলিতাক লৈ প্ৰস্তুত কৰিলে বিশেষ পৰিকল্পনা ৷ এই পৰিকল্পনাত অতি সহজতে সহাৰি দিলে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷

ৰাজ্যসভাত সেইদিনা কি ঘটিল ?

২০১৯ ৰ ৫ আগষ্টৰ পুৱা যেতিয়া সদনৰ কাম কাজ আৰম্ভ হ’ল ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে প্ৰথমতে ভুৱনেশ্বৰ কলিতাৰ পদত্যাগৰ বিষয়ে ঘোষণা কৰিলে ৷ সেইদিনা পুৱাই পদত্যাগ পত্ৰ অধ্যক্ষৰ ওচৰত দাখিল কৰিছিল কলিতাই ৷সেয়া লগে লগে গ্ৰহণো কৰা হ’ল ৷ অধ্যক্ষৰ এই ঘোষণা শুনি কংগ্ৰেছ নেতৃত্ব হতচকিত হৈ পৰিল ৷ কিন্তু তেতিয়া আৰু কৰিব পৰা একো বাকী নাছিল ৷ কংগ্ৰেছৰ চীফ হুইপগৰাকীৰ পদত্যাগৰ লগে লগে ৰাজ্যসভাতো বিধেয়কখ গৃহীত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল ৷ইয়াৰ পাছতে বিজেপি দলত যোগ দিয়ে ভুৱনেশ্বৰ কলিতাই ৷

ভুৱনেশ্বৰ কলিতাই কি কয় ?

কংগ্ৰেছৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত ভুৱনেশ্বৰ কলিতাই সেইদিনা সংবাদ মাধ্যমক কৈছিল যে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিষয়টোক তেও পূৰ্বৰে পৰা সমৰ্থন কৰি আহিছিল ৷ কংগ্ৰেছৰ সংসদীয় দল আৰু ৱৰ্কিঙ কমিটীৰ বৈঠকতো তেও এই বিষয়ে আলোচনা হোৱাটো বিচাৰিছিল ৷ কিন্তু সেয়া হৈ নুঠাত পদত্যাগৰ দৰে সিদ্ধান্ত ল’বলগীয়া হ’ল ৷ বিজেপিৰ নেতা তেওৰ ঘৰলৈ যোৱাৰ বাতৰি অস্বীকাৰ কৰি তেও কয় জে পদত্যাগৰ পূৰ্বে কোনো বিজেপি নেতা তেওৰ ঘৰলৈ যোৱা নাছিল ৷ সেয়া তেওৰ নিজাববীয়া সিদ্ধান্ত আছিল ৷ পদত্যাগ কৰাৰ পাছতহে বিজেপিৰ লগত তেওৰ যোগাযোগ হৈছিল ৷ কিন্তু ভুৱনেশ্বৰ কলিতাৰ এই বক্তব্যৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰকাশ পাইছে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ বাতৰিত ৷

অসমৰ কোন বিজেপি নেতা দিল্লীত আছিল ?

প্ৰশ্ন হ’ল –সংবিধান সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সময়ছোৱাত অসমৰ কোন বিজেপি নেতা দিল্লীত আছিল ? সেই দিনটোত দিল্লীত থকা অসমৰ বিজেপি নেতাগৰাকী আছিল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই কথা তেও নিজে এখন গ্ৰন্থ উন্মোচনী সভাত সদৰী কৰিছিল ৷

 

 

Leave A Reply

Your email address will not be published.