ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ আগনিশা কি ঘটিছিল ?

Share This Article

জন্মু –কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সময়ছোৱাত ৰাজ্যসভাত ঘটিছিল এক ডাঙৰ ঘটনা ৷ দিনটো আছিল ৫ আগষ্ট , ২০১৯ ৷ সিদিনাই ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই পদত্যাগৰ কথা ঘোষণা কৰিছিল ৷ তেওৰ লগতে সমাজবাদী পাৰ্টীৰ আন দুগৰাকী সাংসদেও একেলগে পদত্যাগ কৰে ৷ সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্বাৰ্থত শাসকীয় বিজেপি দলে লৈছিল এক বিশেষ কৌশল ৷ এই কৌশলৰ আধাৰতে ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ আগনিশা বিজেপি নেতাই সাক্ষাৎ কৰিছিল কংগ্ৰেছ সাংসদ ভৱনেশ্বৰ কলিতা আৰু সমাজবাদী পাৰ্টীৰ সাংসদ সুৰেন্দ্ৰ সিঙ নাগৰ আৰু সঞ্জয় শেঠক ৷ তাৰ পাছতে ৫ আগষ্টৰ পুৱা তিনিওগৰাকী সাংসদে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে ৷ যাৰ ফলত ৰাজ্যসভাতো সংবিধান সংশোধনী বিধেয়ক সুকলমে গৃহীত কৰাটো সম্ভৱ হৈ উঠিছিল ৷’দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত আজি প্ৰকাশ পাইছে ভুৱনেশ্বৰ কলিতাৰ বিজেপিত যোগদান সন্দৰ্ভত এক এক্সক্লুছিভ প্ৰতিবেদন ৷

কি কৌশল লৈছিল বিজেপিয়ে ?

ৰাজ্যসভাত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ বিধেয়ক উত্থাপন হোৱাৰ আগনিশা ভুৱনেশ্বৰ কলিতাৰ বাসগৃহত উপস্থিত হৈছিল এজন শীৰ্ষস্থানীয় চৰকাৰী আমোলা ৷ অসমৰ এজন বিজেপি নেতাই নিজেই গাড়ী চলাই তেওক লৈ গৈছিল কলিতাৰ বাসগৃহলৈ ৷ একেসময়তে ভুৱনেশ্বৰ কলিতাৰ পৰিয়ালৰ লোককো সিদিনা অসমৰ পৰা লৈ যোৱা হৈছিল দিল্লীলৈ ৷ যাতে বিজেপিয়ে দিয়া প্ৰস্তাবত কলিতাক সৈমান কৰোৱাটো সম্ভৱ হয় ৷ কিন্তু পৰিয়ালৰ লোকে বুজাবলগীয়া নহ’লেই ৷ বিজেপি নেতা আৰু চৰকাৰী আমোলাগৰাকীৰ প্ৰস্তাবত সৈমান হ’ল কংগ্ৰেছৰ চীফ হুইপগৰাকী ৷তাৰ পাছদিনা পুৱাই তেও ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে ৷এই সকলোবোৰ পৰিকল্পনা ইমান গোপনে আৰু দ্ৰুতগতিত সম্পন্ন কৰা হৈছিল যে কংগ্ৰেছৰ আন কোনো নেতাই তাৰ ভূ- ভা নাপালে ৷

কিয় ভুৱনেশ্বৰ কলিতাৰ ইমান প্ৰয়োজন হ’ল বিজেপিক ?

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু জন্মু- কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত সংবিধান সংশোধনী বিধেয়ক সদনত বিনা বাধাই গৃহীত কৰাটো বিজেপিৰ বাবে আছিল এক ডাঙৰ প্ৰত্যাহ্বান ৷লোকসভাত বিজেপিৰ নিজা সংখ্যাগৰিষ্ঠতা আছে কিন্তু ৰাজ্যসভাত প্ৰয়োজন হৈছিল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ সাংসদৰ সমৰ্থন ৷কাৰণ সংবিধান সংশোধন কৰিবলৈ হ’লে দুয়োখন সদনৰ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন ৷সেইবাবেই বিজেপিয়ে ৰাজ্যসভাৰ কেবাজনো বিৰোধী সাংসদৰ লগত যোগাযোগ স্থাপন কৰিলে ৷ কিন্তু কংগ্ৰেছ সাংসদে স্পষ্ট কৰি দিলে যে ৰাজ্যসভাত তেওলোকৰ দলৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই হুইপ জাৰি কৰিলে তেওলোক সদনত উপস্থিত হ’বই লগিব ৷ অন্যথা তেওলোকৰ সদস্য পদ কৰ্তন হ’ব ৷ইফালে , অমিত শ্বাহে  সদনত সংবিধান সংশোধনী বিধেয়ক উত্থাপনৰ কথা ঘোষণা কৰাৰ লগে লগে ভুৱনেশ্বৰ কলিতাই হুইপ জাৰি কৰাটো জৰুৰী হৈ পৰিল ৷ ইতিমধ্যে , কলিতা আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে বিষয়টো ৰাজ্যসভাত আলোচনাৰ বাবে অধ্যক্ষলৈ জাননীও প্ৰেৰণ কৰিছিল ৷গতিকে  বিধেয়কখনে দুই তৃতীয়াংশ সাংসদৰ সমৰ্থন পোৱাৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিল ৷ তাৰ লগে লগে অসমৰ এজন বিজেপি নেতাৰ সহযোগত বিজেপিয়ে ভুৱনেশ্বৰ কলিতাক লৈ প্ৰস্তুত কৰিলে বিশেষ পৰিকল্পনা ৷ এই পৰিকল্পনাত অতি সহজতে সহাৰি দিলে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷

ৰাজ্যসভাত সেইদিনা কি ঘটিল ?

২০১৯ ৰ ৫ আগষ্টৰ পুৱা যেতিয়া সদনৰ কাম কাজ আৰম্ভ হ’ল ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে প্ৰথমতে ভুৱনেশ্বৰ কলিতাৰ পদত্যাগৰ বিষয়ে ঘোষণা কৰিলে ৷ সেইদিনা পুৱাই পদত্যাগ পত্ৰ অধ্যক্ষৰ ওচৰত দাখিল কৰিছিল কলিতাই ৷সেয়া লগে লগে গ্ৰহণো কৰা হ’ল ৷ অধ্যক্ষৰ এই ঘোষণা শুনি কংগ্ৰেছ নেতৃত্ব হতচকিত হৈ পৰিল ৷ কিন্তু তেতিয়া আৰু কৰিব পৰা একো বাকী নাছিল ৷ কংগ্ৰেছৰ চীফ হুইপগৰাকীৰ পদত্যাগৰ লগে লগে ৰাজ্যসভাতো বিধেয়কখ গৃহীত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল ৷ইয়াৰ পাছতে বিজেপি দলত যোগ দিয়ে ভুৱনেশ্বৰ কলিতাই ৷

ভুৱনেশ্বৰ কলিতাই কি কয় ?

কংগ্ৰেছৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত ভুৱনেশ্বৰ কলিতাই সেইদিনা সংবাদ মাধ্যমক কৈছিল যে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিষয়টোক তেও পূৰ্বৰে পৰা সমৰ্থন কৰি আহিছিল ৷ কংগ্ৰেছৰ সংসদীয় দল আৰু ৱৰ্কিঙ কমিটীৰ বৈঠকতো তেও এই বিষয়ে আলোচনা হোৱাটো বিচাৰিছিল ৷ কিন্তু সেয়া হৈ নুঠাত পদত্যাগৰ দৰে সিদ্ধান্ত ল’বলগীয়া হ’ল ৷ বিজেপিৰ নেতা তেওৰ ঘৰলৈ যোৱাৰ বাতৰি অস্বীকাৰ কৰি তেও কয় জে পদত্যাগৰ পূৰ্বে কোনো বিজেপি নেতা তেওৰ ঘৰলৈ যোৱা নাছিল ৷ সেয়া তেওৰ নিজাববীয়া সিদ্ধান্ত আছিল ৷ পদত্যাগ কৰাৰ পাছতহে বিজেপিৰ লগত তেওৰ যোগাযোগ হৈছিল ৷ কিন্তু ভুৱনেশ্বৰ কলিতাৰ এই বক্তব্যৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰকাশ পাইছে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ বাতৰিত ৷

অসমৰ কোন বিজেপি নেতা দিল্লীত আছিল ?

প্ৰশ্ন হ’ল –সংবিধান সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সময়ছোৱাত অসমৰ কোন বিজেপি নেতা দিল্লীত আছিল ? সেই দিনটোত দিল্লীত থকা অসমৰ বিজেপি নেতাগৰাকী আছিল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই কথা তেও নিজে এখন গ্ৰন্থ উন্মোচনী সভাত সদৰী কৰিছিল ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.