সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোন অধ্যাপকৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগ ?

অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ বিগত কিছুদিন ধৰি এই বিশ্ববিদ্যালয়খনে বাৰম্বাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ কোনো উল্লেখযোগ্য শৈক্ষিক বৰঙণিৰ বাবে বিশ্ববিদ্যালয়খন চৰ্চালৈ অহা নাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৰ্চালৈ আহিছে কেবাগৰাকীও অধ্যাপকৰ কু – কৰ্মৰ বাবেহে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকে ছাত্ৰীক নিৰ্যাতন চলাই কু – কীৰ্তি ৰচনা কৰাৰ পাছত এইবাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নাম সাঙোৰ খাইছে চুৰি কাৰ্যৰ  লগত ৷

কোন এইগৰাকী অধ্যাপক ?

- Donation -

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দৰ্পনজিৎ কোঁৱৰ ৷ এইগৰাকী অধ্যাপকে ২০১৪ চনত লাভ কৰিছিল এম ফিল ডিগ্ৰী ৷ তেওৰ এম ফিলৰ অধ্যয়নৰ বিষয় আছিল “খাময়াং ভাষাৰ ধ্বনিতত্ব : সাংবহনিক বিশ্লেষন “ ৷ ইয়াৰ পাছত তেও অধ্যাপিকা অপৰ্না কোঁৱৰৰ তত্বাবধানত আৰম্ভ কৰে পি এইচ ডি গৱেষণাৰ কাম ৷ দৰ্পনজিৎ কোঁৱৰৰ পি এইচ ডিৰ বিষয় আছিল “খাময়াং আৰু ফাকে ভাষাৰ ধ্বনিতত্ব  : এক সাংবহনিক বিশ্লেষণ “৷এই বিষয়টোত গৱেষণা পত্ৰ দাখিল কৰি দৰ্পনজিৎ কোঁৱৰে  ২০১৯ চনত পি এই ডি ডিগ্ৰীও লাভ কৰে ৷ কিন্তু দৰ্পনজিৎ কোঁৱৰে পি এইচ ডি লাভ কৰাৰ দুবছৰ পাছত পোহৰলৈ আহিছে তেওৰ গৱেষনাৰ আন এক ক’লা অধয়ায় ৷

অধ্যাপকৰ বিৰুদ্ধে কাৰ অভিযোগ ?

দৰ্পনজিৎ কোঁৱৰৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হৈছে চৌৰ্যবৃত্তিত লিপ্ত হোৱাৰ অভিযোগ ৷অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে অধীনষ্ঠ এখন মহাবিদ্যালয়ৰ অধ্যাপকে  ৷ ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড: বিজু মৰাণে উত্থাপন কৰা অভিযোগ অনুসৰি ২০০৭ চনতে তেও লাভ কৰিছিল পি এইচ  ডি ডিগ্ৰী ৷ তেওৰ গৱেষণাৰ বিষয় আছিল –“ টাইফাকেৰ বৰ্ণনাত্মক অধ্যয়ন “৷বিজু মৰাণৰ এই গৱেষণা গ্ৰন্থখনৰ পৰা কোনো ধৰণৰ অনুমতি নোহাৱাকৈ ২৮  টাকৈ পৃষ্ঠা নিজৰ গৱেষনাপত্ৰত অন্তৰ্ভুক্ত কৰে দৰ্পনজিৎ কোঁৱৰে ৷ ইমানতে দৰ্পনজিৎ কোঁৱৰৰ কীৰ্তিকলাপৰ অন্ত পৰা নাই ৷২০১৭ চনতে দাখিল কৰা আন এগৰাকী গৱেষকৰ “টাই খাময়াং ভাষা : বৰ্ণনাত্মক অধ্যয়ন ‘ শীৰ্ষক গৱেষণা গ্ৰন্থৰ পৰাও দৰ্পনজিৎ কোঁৱৰে ১৯ টা পৃষ্ঠা অনুমতি নোহাৱাকৈ নিজৰ গৱেষণাপত্ৰত অন্তৰ্ভুক্ত কৰিছে ৷ইতিমধ্যে ড: বিজু মৰানে দৰ্পনজিৎ কোৱৰৰ চুৰি কাৰ্যৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷

কিয় ব্যৱস্থা নলয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ?

আনৰ গৱেষণা পত্ৰ চুৰিৰ দৰে গুৰুতৰ অভিযোগত নাম সাঙোৰ খোৱাৰ পাছত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দৰ্পনজিৎ কোঁৱৰে এতিয়া একপ্ৰকাৰ আত্মগোপন কৰিছে ৷ নিৰ্লিপ্ত ভূমিকা লৈছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়েও ৷ ইয়াৰ পূৰ্বেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড: সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে উত্থাপন হৈছিল ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধ্যাপকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি তেওক দীৰ্ঘদিনে ৰক্ষণাবেক্ষণহে দি গ’ল ৷ তাৰ পাছত এইবাৰ একেটা বিভাগৰে অধ্যাপক চৌৰ্যবৃত্তিত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷অধ্যাপকৰ কাৰ্যকলাপৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় বাৰম্বাৰ লজ্জানত হোৱাৰ পাছত এইবাৰ  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দৰ্পনজিৎ কোঁৱৰৰ বিৰুদ্ধে কি ব্যৱস্থা  গ্ৰহণ কৰে , তাৰ প্ৰতি ৰাজ্যৰ শৈক্ষিক সমাজে নজৰ ৰাখিছে ৷

 

Leave A Reply

Your email address will not be published.