ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোন অধ্যাপকৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগ ?

Share This Article

অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ বিগত কিছুদিন ধৰি এই বিশ্ববিদ্যালয়খনে বাৰম্বাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ কোনো উল্লেখযোগ্য শৈক্ষিক বৰঙণিৰ বাবে বিশ্ববিদ্যালয়খন চৰ্চালৈ অহা নাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৰ্চালৈ আহিছে কেবাগৰাকীও অধ্যাপকৰ কু – কৰ্মৰ বাবেহে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপকে ছাত্ৰীক নিৰ্যাতন চলাই কু – কীৰ্তি ৰচনা কৰাৰ পাছত এইবাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নাম সাঙোৰ খাইছে চুৰি কাৰ্যৰ  লগত ৷

কোন এইগৰাকী অধ্যাপক ?

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দৰ্পনজিৎ কোঁৱৰ ৷ এইগৰাকী অধ্যাপকে ২০১৪ চনত লাভ কৰিছিল এম ফিল ডিগ্ৰী ৷ তেওৰ এম ফিলৰ অধ্যয়নৰ বিষয় আছিল “খাময়াং ভাষাৰ ধ্বনিতত্ব : সাংবহনিক বিশ্লেষন “ ৷ ইয়াৰ পাছত তেও অধ্যাপিকা অপৰ্না কোঁৱৰৰ তত্বাবধানত আৰম্ভ কৰে পি এইচ ডি গৱেষণাৰ কাম ৷ দৰ্পনজিৎ কোঁৱৰৰ পি এইচ ডিৰ বিষয় আছিল “খাময়াং আৰু ফাকে ভাষাৰ ধ্বনিতত্ব  : এক সাংবহনিক বিশ্লেষণ “৷এই বিষয়টোত গৱেষণা পত্ৰ দাখিল কৰি দৰ্পনজিৎ কোঁৱৰে  ২০১৯ চনত পি এই ডি ডিগ্ৰীও লাভ কৰে ৷ কিন্তু দৰ্পনজিৎ কোঁৱৰে পি এইচ ডি লাভ কৰাৰ দুবছৰ পাছত পোহৰলৈ আহিছে তেওৰ গৱেষনাৰ আন এক ক’লা অধয়ায় ৷

অধ্যাপকৰ বিৰুদ্ধে কাৰ অভিযোগ ?

দৰ্পনজিৎ কোঁৱৰৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হৈছে চৌৰ্যবৃত্তিত লিপ্ত হোৱাৰ অভিযোগ ৷অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে অধীনষ্ঠ এখন মহাবিদ্যালয়ৰ অধ্যাপকে  ৷ ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড: বিজু মৰাণে উত্থাপন কৰা অভিযোগ অনুসৰি ২০০৭ চনতে তেও লাভ কৰিছিল পি এইচ  ডি ডিগ্ৰী ৷ তেওৰ গৱেষণাৰ বিষয় আছিল –“ টাইফাকেৰ বৰ্ণনাত্মক অধ্যয়ন “৷বিজু মৰাণৰ এই গৱেষণা গ্ৰন্থখনৰ পৰা কোনো ধৰণৰ অনুমতি নোহাৱাকৈ ২৮  টাকৈ পৃষ্ঠা নিজৰ গৱেষনাপত্ৰত অন্তৰ্ভুক্ত কৰে দৰ্পনজিৎ কোঁৱৰে ৷ ইমানতে দৰ্পনজিৎ কোঁৱৰৰ কীৰ্তিকলাপৰ অন্ত পৰা নাই ৷২০১৭ চনতে দাখিল কৰা আন এগৰাকী গৱেষকৰ “টাই খাময়াং ভাষা : বৰ্ণনাত্মক অধ্যয়ন ‘ শীৰ্ষক গৱেষণা গ্ৰন্থৰ পৰাও দৰ্পনজিৎ কোঁৱৰে ১৯ টা পৃষ্ঠা অনুমতি নোহাৱাকৈ নিজৰ গৱেষণাপত্ৰত অন্তৰ্ভুক্ত কৰিছে ৷ইতিমধ্যে ড: বিজু মৰানে দৰ্পনজিৎ কোৱৰৰ চুৰি কাৰ্যৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷

কিয় ব্যৱস্থা নলয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ?

আনৰ গৱেষণা পত্ৰ চুৰিৰ দৰে গুৰুতৰ অভিযোগত নাম সাঙোৰ খোৱাৰ পাছত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দৰ্পনজিৎ কোঁৱৰে এতিয়া একপ্ৰকাৰ আত্মগোপন কৰিছে ৷ নিৰ্লিপ্ত ভূমিকা লৈছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়েও ৷ ইয়াৰ পূৰ্বেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড: সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে উত্থাপন হৈছিল ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধ্যাপকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি তেওক দীৰ্ঘদিনে ৰক্ষণাবেক্ষণহে দি গ’ল ৷ তাৰ পাছত এইবাৰ একেটা বিভাগৰে অধ্যাপক চৌৰ্যবৃত্তিত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷অধ্যাপকৰ কাৰ্যকলাপৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় বাৰম্বাৰ লজ্জানত হোৱাৰ পাছত এইবাৰ  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দৰ্পনজিৎ কোঁৱৰৰ বিৰুদ্ধে কি ব্যৱস্থা  গ্ৰহণ কৰে , তাৰ প্ৰতি ৰাজ্যৰ শৈক্ষিক সমাজে নজৰ ৰাখিছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.