বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পাৰিনে ? ষ্টেণ্ডিং কমিটীয়ে কি ক’লে ?

Share This Article

অসম এখন নদী প্ৰধান ৰাজ্য। সৰু বৰ বিভিন্ন নদীৰ লগতে অসমৰ ঠিক মাজেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ । সেইবাবে প্ৰতি বছৰে বাৰিষা কালত বানত ডুব যায় ৰাজ্যৰ আধা অংশ। প্ৰতি বছৰে বানৰ সংহাৰত  হাজাৰ হাজাৰ মানুহ গৃহহীন হোৱাৰ লগতে এক বৃহৎ ক্ষতিৰ সমুখীন হয় ৰাজ্যৰ প্ৰাকৃতিক সম্পদৰ লগতে জীৱ জন্তুবোৰ। কেৱল অসমেই নহয় , বিহাৰ , উত্তৰ প্ৰদেশকে ধৰি ভাৰতবৰ্ষৰ আন বহু কেইখন ৰাজ্য আছে য’ত বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ সময়ে সময়ে দাবী উত্থাপন হৈ আছে।

বহু সময় ধৰি অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ সকলো দল- সংগঠনে দাবী উত্থাপন কৰি আহিছে।  অসমত শাসনাধিষ্ঠিত বিজেপি চৰকাৰেও প্ৰায় প্ৰতিখন সভাতেই অসমক বানপানী মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে।কিন্তু প্ৰতিশ্ৰুতি দিয়াতেই যেন দায়িত্ব সামৰিছে কেন্দ্ৰই। কাৰণ আজি পৰ্যন্ত অসমৰ বানপানী সমস্যা নিৰ্মূল কৰা দূৰৰ কথা , বানপানীক সমস্যা হিচাপেই ঘোষণা নকৰিলে কেন্দ্ৰই।

শেহতীয়াকৈ standing committee report to the department of water resources , river development and ganga rejuvenation ত সদৰী কৰা তথ্য অনুসৰি ,  ৰাজ্যসমূহৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ ওচৰত কোনো আইনেই নাই।

উল্লেখযোগ্য যে , DEPARTMENT OF WATER RESOURCES ৰ কমিটিৰ তৰফৰ পৰা এক প্ৰশ্ন উত্থাপন কৰা হৈছিল। প্ৰশ্নটো আছিল – কেনে পৰিস্থিতিত কোনো এখন ঠাইৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পাৰি।  উত্তৰত কোৱা হয় যে , ভাৰত চৰকাৰৰ গৃহ বিভাগৰ অন্তৰ্গত দুখন আঁচনি ক্ৰমে STATE DISASTER RESPONSE FUND আৰু NATIONAL RESPONSE FUND ৰ অধীনত এনে কোনো আইন নাই  ,যাৰ জড়িয়তে বানপানীক এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হব। ”

অৱশ্যে  এইটোও উল্লেখ কৰা হয় যে কোনো ঠাইত বানপানী সমস্যা গুৰুতৰ ৰূপত দেখা দিলে কেন্দ্ৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।কিন্তু  ১০০ শতাংশই আৰ্থিক ভাৱে সহায় কৰিবলৈ কেন্দ্ৰ সক্ষম নহয় বুলিও উল্লেখ কৰে কেন্দ্ৰীয় জলসম্পদ বিভাগে। এক সীমিত পৰিমাণৰ আৰ্থিক সাহায্যহে প্ৰদান কৰিব পাৰিব বুলি উল্লেখ কৰা হয় ৷

প্ৰশ্ন হয় ,  প্ৰতি নিৰ্বাচনত ৰাজনৈতিক দলসমূহে বানপানী সমস্যা সমাধানৰ লগতে বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰ ঘোষণাৰ যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিসমূহ গাদী চম্ভালাৰ পাছত ক’লৈ যায়। বৰ্তমান কেন্দ্ৰ তথা ৰাজ্যত শাসনত থকা বিজেপি চৰকাৰে এসময়ত বানপানী ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ বাবে দাবী উত্থাপন কৰিছিল। কিন্তু বিজেপি শাসনলৈ অহাৰ পাছত এই সমস্যা সমাধানৰ কথা কেৱল নিৰ্বাচনী সভাই সমিতিয়েহে শুনিবলৈ পোৱা যায় । এই লৈ যেন কোনোৱে হাতে কামে একোয়েই নকৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.