উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ কিয় ?

Share This Article

অসমীয়া ডিজিটেল সংবাদ মাধ্যম ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷ অতি আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য – প্ৰযুক্তি আইনৰ ৬৬(এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ বাবে আবেদন জনাইছে ৷ এজাহাৰখনত এইবুলিও কোৱা হৈছে যে ‘দ্য ক্ৰছকাৰেন্টে’ উদ্দেশ্যপ্ৰণোদিতভাৱে জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু তথ্য আৰু জনসংযোগ বিভাগৰ ভাবমূৰ্তি ম্লান কৰিব বিচাৰিছে ৷ চৰকাৰী বিভাগটোৰ এই অভিযোগ সন্দৰ্ভত ‘দ্য ক্ৰছকাৰেন্ট’ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে কোনো মন্ত্ৰী , কোনো বিভাগৰ ভাবমূৰ্তি ম্লান কৰিবৰ বাবে ‘দ্য ক্ৰছকাৰেন্টে’ বাতৰি পৰিৱেশন কৰা নাই ৷ ‘দ্য ক্ৰছকাৰেন্টে ‘প্ৰশ্ন উত্থাপন কৰিছিল শেহতীয়াকৈ বিতৰ্কৰ আওতাত সোমাই পৰা মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত দুখন হোৰ্ডিঙক লৈ ৷ অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পনেৰে বাটে পথে লগোৱা মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত দুখন হোৰ্ডিঙ শেহতীয়াকৈ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ৷ যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওৰ কাৰ্যালয়ৰ অনুমতি নোলোৱাকৈ ফটো ব্যৱহাৰ নকৰিবলৈ সকীয়ণি পৰ্যন্ত দিবলগীয়া হৈছিল ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ আধাৰতে শুকুৰবাৰে প্ৰচাৰিত এটা বাতৰিত ‘দ্য ক্ৰছকাৰেন্টে’ প্ৰশ্ন উত্থাপন কৰিছিল যে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জড়িয়তে যদি এই হোৰ্ডিঙসমূহ প্ৰচাৰ কৰা হৈছিল , তেনেহ’লে মুখ্যমন্ত্ৰীৰ এই সকীয়ণি মন্ত্ৰী পীয়ূষ হাজৰিকালৈ নেকি ? কিন্তু জনসংযোগ বিভাগে আজিও ৰাজহুৱা নকৰিলে যে মুখ্যমন্ত্ৰীৰ ভাবমূৰ্তিত আঘাত হানিব পৰা হোৰ্ডিঙ প্ৰকৃততে কোনে প্ৰচাৰ কৰিছিল ৷তাৰ সলনি উচ্চতম ন্যায়ালয়ে বাতিল কৰা ধাৰাত গোচৰ ৰুজু কৰাৰ আৰ্জিৰে ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ৷ আশ্চৰ্যজনক কথাটো হ’ল , তথ্য আৰু জনসংযোগ বিভাগে তথ্য – প্ৰযুক্তি আইন , ২০০০ ৰ ৬৬ (এ) ধাৰাৰ অধীনত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কৈছে ৷ কিন্তু তথ্য প্ৰযুক্তি আইনৰ উক্ত ধাৰাৰ ব্যাপক অপপ্ৰয়োগ প্ৰত্যক্ষ কৰি উচ্চতম ন্যায়ালয়ে ২০১৫ চনতে এই ধাৰা খাৰিজ কৰি থৈছে ৷তাৰ পাছতো উক্ত ধাৰাৰ অধীনত গোচৰ ৰুজু হৈ থকা দেখি চলিত বৰ্ষৰ ৫ জুলাইত ন্যায়াধীশ আৰ এফ নাৰিমনৰ বিচাৰপীঠে আশ্চৰ্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাছত ১৪ জুলাইত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ে সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰ প্ৰেৰণ কৰি তথ্য – প্ৰযুক্তি আইনৰ ৬৬(এ) ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু নকৰিবলৈ নিৰ্দেশ দিয়ে ৷ ২ আগষ্টত উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত পুণৰ কঠোৰ স্থিতি গ্ৰহণ কৰি সকলো ৰাজ্যলৈ জাননী প্ৰেৰণ কৰে৷ ইয়াৰ পাছতো অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত’ দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কোৱাটো কেৱল ভীতি প্ৰদৰ্শনেই নহয় , উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ মুকলি উলংঘনো ৷ আইনৰ এনে অপপ্ৰয়োগৰ বিৰুদ্ধে গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি শ্ৰদ্ধাশীল সকলো লোককে থিয় হ’বলৈ ‘দ্য ক্ৰছকাৰেন্টে’ আহ্বান জনায় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.