সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাংলাদেশত মন্দিৰত লুটপাত চলাই গ্ৰেপ্তাৰ হ’ল কোন ?

বাংলাদেশৰ খুলনা জিলাৰ ৰূপসা অঞ্চলত কেবাটাও মন্দিৰত লুটপাত  আৰু হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ চলোৱা ১০ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অভিযোগ অনুসৰি এই লোককেইজনে শণিবাৰে ৰূপসা অঞ্চলৰ শিয়ালী গাঁৱত চাৰিটাকৈ মন্দিৰত লুট পাত চলোৱাৰ উপৰি মূৰ্তিৰ অনিষ্ট সাধন কৰিছে ৷ সেইদিনা নিশাই আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে আৰু দেওবাৰে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ ৰূপসা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰ্দাৰ মুছাৰফ হুছেইনে কয় যে অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান শান্তিপূৰ্ণ ৷ আৰক্ষীয়ে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে ৷অৱশ্যে তেও গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ পৰিচয় প্ৰকাশৰ পৰা বিৰত থাকে ৷

Leave A Reply

Your email address will not be published.