বাংলাদেশত মন্দিৰত লুটপাত চলাই গ্ৰেপ্তাৰ হ’ল কোন ?

Share This Article

বাংলাদেশৰ খুলনা জিলাৰ ৰূপসা অঞ্চলত কেবাটাও মন্দিৰত লুটপাত  আৰু হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ চলোৱা ১০ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অভিযোগ অনুসৰি এই লোককেইজনে শণিবাৰে ৰূপসা অঞ্চলৰ শিয়ালী গাঁৱত চাৰিটাকৈ মন্দিৰত লুট পাত চলোৱাৰ উপৰি মূৰ্তিৰ অনিষ্ট সাধন কৰিছে ৷ সেইদিনা নিশাই আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে আৰু দেওবাৰে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ ৰূপসা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰ্দাৰ মুছাৰফ হুছেইনে কয় যে অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান শান্তিপূৰ্ণ ৷ আৰক্ষীয়ে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে ৷অৱশ্যে তেও গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ পৰিচয় প্ৰকাশৰ পৰা বিৰত থাকে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.