সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

himantabiswasarma

হিন্দুস্তান কাগজ কল নিগমৰ কৰ্মচাৰীৰ বাবে দুমাহৰ ভিতৰত মুকলি হ’ব ৫৭০ কোটি টকা

অৱশেষত হিন্দুস্থান কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ। দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অৱশেষত কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। নিশা ২ বজাত এক বিশেষ চুক্তি সম্পন্ন হোৱা বুলি…

গ্ৰেপ্তাৰ লাট মণ্ডলঃ দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ নামত বিচাৰিছিল লাখ লাখ টকা

ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে মাটিৰ দালাল বিৰোধী অভিযান। ইয়াৰ মাজতে গুৱাহাটীত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে এজন লাট মণ্ডল।গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলগৰাকীৰ নাম গুলজাৰ হুছেইন। দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ নামত…

দৰঙত আজি নচলে উচ্ছেদ অভিযানঃ কিন্তু কিয়?

দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে।গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান।গৰুখুঁটিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী অনাৰ ব্যৱস্থা কৰা হৈছে। গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী আৰু অৰুণাচল…

Just in-ছিপাঝাৰৰ গৰুখুটিত গুলীচালনাঃ আৰক্ষী সহ আহত ৯-নিহত ২

ছিপাঝাৰত প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। কিন্তু আজি স্থানীয় জনতাই প্ৰশাসনক বাধা দিয়াৰ চেষ্টা কৰাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা। ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হ'ল আৰক্ষী। আমাৰ হাতত আহি পৰা…

ডিঙিত অসমীয়া গামোচা লৈ আমেৰিকালৈ মোডীঃ উৎফুল্লিত হিমন্ত বিশ্ব শৰ্মা

সুদীৰ্ঘ বিৰতিৰ অন্তত আমেৰিকালৈ ৰাওনা হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনক সাক্ষাতৰ উদ্দেশ্যে আমেৰিকালৈ উৰা মাৰিলে মোডীয়ে। উৰণৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা এখন ফটো পোষ্ট কৰিছিল। ফটোখনত…

অতি সোনকালে পুনৰ ৭০০ জন দালাল গ্ৰেপ্তাৰ কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে আলফা কিম্বা চৰকাৰী কাৰ্যালয়ৰ দালাল সম্পৰ্কে সংবাদ মাধ্যমৰ আগত…

এজাক বৰষুণতে মোডীৰ স্মাৰ্ট চিটিত হাহাকাৰ

আজি এজাক বৰষুণতে পুনৰ বুৰিল গুৱাহাটী। ৰাতিপুৱাৰ মূষলধাৰ বৰষুণ জাকে বুৰাই পেলালে মহানগৰখনৰ বহুকেইটা ৰাজপথ। বহু উপ-পথত পানীয়ে সৃষ্টি কৰিছে ছুইমিং পুল সদৃশ পৰিস্থিতি। মাত্ৰ এজাক বৰষুণতে পণবন্দী হ'ল মোডীৰ স্মাট চিটিৰ জনতা। বিজেপি চৰকাৰে ৰাজ্যত…

আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে

আগন্তুক ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ক্ষন্তেক পিছতে মনোনয়ন দাখিল…

লাচিত ঘাটত মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী

ৰাজ্যৰ জলপৰিবহণ বিভাগত নব সংযোজন। আজি মহানগৰীৰ লাচিত ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰিব লোহিত, সোনাই, প্ৰতিমা, বিশাল আৰু বিক্ৰান্ত নামৰ ফেৰী কেইখনে। লোহিত চলাচল কৰিব যোৰহাটৰ…

CCTVৰে গুৱাহাটীৰ পৰাই নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ঘাটঃ হিমন্ত বিশ্ব শৰ্মা

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত মাজুলীৰ জল যাতায়তৰ বাবে কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। আজি পৰিস্থিতি পুনৰ নিৰীক্ষণ কৰিবলৈ নিমাতীঘাটত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CCTVৰে গুৱাহাটীৰ পৰাই মাজুলীৰ ঘাট…