এজাক বৰষুণতে মোডীৰ স্মাৰ্ট চিটিত হাহাকাৰ

Share This Article

আজি এজাক বৰষুণতে পুনৰ বুৰিল গুৱাহাটী। ৰাতিপুৱাৰ মূষলধাৰ বৰষুণ জাকে বুৰাই পেলালে মহানগৰখনৰ বহুকেইটা ৰাজপথ। বহু উপ-পথত পানীয়ে সৃষ্টি কৰিছে ছুইমিং পুল সদৃশ পৰিস্থিতি। মাত্ৰ এজাক বৰষুণতে পণবন্দী হ’ল মোডীৰ স্মাট চিটিৰ জনতা। বিজেপি চৰকাৰে ৰাজ্যত প্ৰায় ৬টাকৈ বছৰ সম্পূৰ্ণ কৰাৰ পিছতো সমাধান কৰিব পৰা নাই কৃত্ৰিম বানৰ সমস্যা। মোডীৰ স্মাৰ্ট চিটি প্ৰজেক্টত গুৱাহাটীও অন্তৰ্ভুক্ত হব বুলি ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে কেন্দ্ৰীয় চৰকাৰে। আজিলৈকে গুৱাহাটীত নহ’ল জাৱৰ নিষ্কাশন কিম্বা বান নিয়ন্ত্ৰণৰ সু-ব্যৱস্থা। মহানগৰৰ নাগৰিক হৈয়ো যমৰ যাতনা ভুগিছে গুৱাহাটীবাসীয়ে। সেয়েহে সিদ্ধান্ত ভট্টাচাৰ্য কিম্বা অতুল বৰাক প্ৰশ্ন কৰিছে ৰাইজে-গুৱাহাটীত সম্পূৰ্ণ বান নিয়ন্ত্ৰণ হ’ব কেতিয়া?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.