হিন্দুস্তান কাগজ কল নিগমৰ কৰ্মচাৰীৰ বাবে দুমাহৰ ভিতৰত মুকলি হ’ব ৫৭০ কোটি টকা

Share This Article

অৱশেষত হিন্দুস্থান কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ। দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অৱশেষত কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। নিশা ২ বজাত এক বিশেষ চুক্তি সম্পন্ন হোৱা বুলি টুইটযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ যে দুমাহৰ ভিতৰত প্ৰাপ্য ধন লাভ কৰিব কৰ্মচাৰীসকলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থা সহমতত উপনীত হোৱাৰ পিছতে ৫৭০ কোটি টকীয়া সাহাৰ্য্য পেকেজত চূড়ান্ত মোহৰ পৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.