অতি সোনকালে পুনৰ ৭০০ জন দালাল গ্ৰেপ্তাৰ কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

Share This Article

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে আলফা কিম্বা চৰকাৰী কাৰ্যালয়ৰ দালাল সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আলফা তথা উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি আলোচনা সম্পৰ্কে সাংবাদিকে কৰা এটা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে-এতিয়া ভাৰত চৰকাৰে প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব৷ গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কথা পাতি শান্তি আলোচনাৰ বাবে চেষ্টা চলাব ৷ যোৱা নিশা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন চাৰ্কোল অফিচৰ প্ৰায় ৪৫০ টা দালাল গ্ৰেপ্তাৰ কৰিছে ৷ চৰকাৰৰ হাতত ৭০০ ব্যক্তিৰ নাম আছে আৰু চৰকাৰে চেষ্টা কৰিব যাতে আজি গধুলিৰ ভিতৰত বাকী সকলকো গ্ৰেপ্তাৰ কৰিব পৰা যায়৷ চৰকাৰে প্ৰথমে মানুহখিনিক আগলৈ লৈ আহিব বিচাৰিছে৷
তদুপৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে-মই সেই কাৰণে বিষেশকৈ চৰকাৰী বিষয়া সকলক অনুৰোধ কৰিব বিচাৰো যে আপোনালোকে এই ধৰণৰ মানুহৰ লগত কথা বতৰা নাপাতিব আৰু এনেসধৰণৰ মানুহৰ লগত যোগাযোগ নাৰাখিব ৷ মধ্যভোগী নোহোৱাকৈ দুখীয়াৰ কাম খিনি কৰি দিব ৷ এইটো এটা ৱাৰনিং। আনকি অসমত দেড (মৃত) চাৰ্টিফিকেটখন উলিয়াবলৈ মানুহে পইচা দিব লাগে। মই এনেকুৱা বহুত মানুহ লগ পাইছো যি সকলে ক’ভিডত মৃত্যু হৈছে মৃত্যুৰ চার্টিফিকেটখন উলিয়াবলৈও পইচা দিব লগীয়া হৈছিল৷ এনে কাণ্ডবোৰ অসমত শেষ হ’ব লাগিব নহলে অসম ভাৰতৰ আগশাৰীৰ ৰাজ্য হ’ব নোৱাৰিব। থানাটো দালাল থাকিব নালাগে আৰু অফিচটো দালাল থাকিব নালাগে ৷ মাটিৰ অফিচত দালাল থাকিব নালাগে ৷ DC অফিচতো দালাল থাকিব নালাগে আৰু এই কথাটো মই DC কনফাৰেন্চৰ পৰা অৰম্ভ কৰি সকলো জেগাতে কৈ আছো৷
অসমত আকৌ সন্ত্ৰাসবাদে মূৰ দাঙি উঠিব নোৱাৰে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ চৰকাৰে এখন দুখনকৈ চুক্তি কৰি আছে৷ অক্টোবৰ আগতে টো পুলিচে কাম কৰিবই লাগিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.