দৰঙত আজি নচলে উচ্ছেদ অভিযানঃ কিন্তু কিয়?

Share This Article

দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে।গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান।গৰুখুঁটিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী অনাৰ ব্যৱস্থা কৰা হৈছে। গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী আৰু অৰুণাচল প্ৰদেশৰ পৰা আহিব ১১টা কোম্পানী।উল্লেখযোগ্য যে বৃহস্পতিবাৰে ধলপুৰত উচ্ছেদ অভিযানৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আৰক্ষীৰ লগতে ১১জন লোক আহত হৈছিল। এইসকল লোক এতিয়া GMCHত চিকিৎসাধীন হৈ আছে।চিকিৎসাধীন আৰক্ষী তিনিগৰাকী অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ।উচ্ছেদিত সাধাৰণ লোকৰ ভিতৰত ৮জন লোক চিকিৎসাধীন।এইসকল চিকিৎসাধীন লোকৰ ভিতৰত দুগৰাকী বুলেটট আঘাতপ্ৰাপ্ত। সেইবাবেই আজি কোনো সুৰুঙা ৰাখিব বিচৰা নাই চৰকাৰে। সম্পূৰ্ণ সামৰিক বাহিনী মোতায়েন কৰাৰ পিছতহে পুনৰ অভিযান আৰম্ভ কৰিব প্ৰশাসনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.