Investigative reporting with dedication.

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত মাজুলীৰ জল যাতায়তৰ বাবে কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। আজি পৰিস্থিতি পুনৰ নিৰীক্ষণ কৰিবলৈ নিমাতীঘাটত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CCTVৰে গুৱাহাটীৰ পৰাই মাজুলীৰ ঘাট নিৰীক্ষণ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যাত্ৰীয়ে অনলাইনযোগে পাব জাহাজৰ টিকট। ঘৰতে বহি বুক কৰিব পাৰিব এই টিকট। মাজুলীৰ পৰা নাইট ছুপাৰেৰেও যাব পাৰিব যাত্ৰী। এটা ইঞ্জিনযুক্ত সকলো নাঁও বন্ধ কৰি দিয়া হৈছে। ৰো-পেক্স সমূহ চলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে। দিনটোৰ ৩টা সময়ত চলিব এই অত্যাধুনিক ৰো-পেক্স। ইয়াৰ উপৰি নিমাতীঘাটৰ পৰিস্থিতি সুস্থিৰ কৰাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই আছে বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।




