সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি

দেশত কোভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তেই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ'লেচনৰ বাবে নতুন বিধি । চৰকাৰৰ পৰামৰ্শ অনুসৰি - ● কোনো লক্ষণ দেহত দেখা নিদিয়া কোভিড ৰোগীসকলো আইছ'লেচনত থাকিব লাগিব সম্পূৰ্ণ সাত…

তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু

পাকিস্তানত এক ভয়ংকৰ ঘটনা। পাকিস্তানৰ মুৰীত প্ৰৱল তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু হয়। এটা পাহাৰীয়া ষ্টেচনত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে পাকিস্তান প্ৰশাসনে। উল্লেখ্য যে,  ষ্টেচনত প্ৰায় ১০০০ খন গাড়ী বৰফত আৱদ্ধ হৈ আছে।

কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল

১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল।  ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ…

মুকেশ আম্বানীয়ে ক্ৰয় কৰে বিলাসী হোটেল মেণ্ডেৰিন অৰিয়েণ্টেল

দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে শেহতীয়াকৈ ক্ৰয় কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত প্ৰতিষ্ঠিত বিলাসী হোটেল মেণ্ডেৰিন অৰিয়েণ্টেল। আম্বানীয়ে এই পঞ্চ তাৰকা বিলাসী হোটেলখন ৯.৮১ কোটি…

জনপ্ৰিয়তা কমিছে নেকি বিজেপিৰ?

চেমি ফাইনেলৰ বাবে সাজু নৰেন্দ্ৰ মোদী৷ নির্বাচন আয়োগে ঘোষনা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সময়সূচী৷ ২৪ ৰ লোকসভা নির্বাচনৰ পূর্বে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যত হব লগা নির্বাচনক গন্য কৰা হৈছে চেমি ফাইনেল বুলিয়েই৷ কাৰণ এই ৫ ৰাজ্যৰ নির্বাচনী…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত

দেশৰ লগতে ৰাজ্যত কোভিড ৰোগী সংখ্যা দিনে-দিনে পোৱা বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত কৰা হৈছে। অহা ১০জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল এই নিৰ্বাচন। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনত বৰ্তমান ১৪…

১২ জানুৱাৰীৰ পৰা আৰম্ভ হব ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং

উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে ২০২১-২২ বৰ্ষৰ বাবে NEET-PGৰ নামভৰ্তিৰ বাবে পুনৰ কাউঞ্চেলিং আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিলে। উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি পোৱা পাছতেই ১২ জানুৱাৰীৰ পৰা ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং আৰম্ভ হ'ব,…

অসমত নতুন SOP ঘোষণা পাছতো বৃদ্ধি পাই আছে ক’ভিড ৰোগী

শনিবাৰৰে পৰা ৰাজ্যত  জাৰি কৰা হ’ল নতুন SOP। বলবৎ হ’ল নৈশ সান্ধ্য আইন। কিন্তু SOP জাৰি কৰা পাছতো বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। কামৰূপ মহানগৰত বিগত ২৪ ঘণ্টাত…

APDCL ৰ সঞ্চালক পদত অভিনেতা যতীন বৰা

এইবাৰ অসমীয়া চলচিত্ৰ বিভাগৰ দায়িত্ব নহয়, APDCL ৰ সঞ্চালক পদত অভিনেতা যতীন বৰা। যতীন বৰাক APDCL ৰ সঞ্চালক পদৰ দায়িত্ব দিয়া পাছতেই সৰ্বত্ৰে হৈছে প্ৰতিক্ৰিয়া। চলচ্চিত্রৰ লগত জড়িত এজন ব্যক্তিক কেনেকৈ APDCL ৰ সঞ্চালক পদ দিয়া হ'ল তাকে লৈ…

কোভিডক লৈ চিন্তিত কেন্দ্ৰ,আজি প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠক

কোভিডৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ভাগলৈ এক  বৈঠকৰ আহ্বান কৰিছে। বিয়লি ৪.৩০বজাত অনুষ্ঠিত হব এই বৈঠক।এই বৈঠকত শেহতীয়া কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হব।এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয়…