Investigative reporting with dedication.

দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে শেহতীয়াকৈ ক্ৰয় কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত প্ৰতিষ্ঠিত বিলাসী হোটেল মেণ্ডেৰিন অৰিয়েণ্টেল। আম্বানীয়ে এই পঞ্চ তাৰকা বিলাসী হোটেলখন ৯.৮১ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৭২৯ কোটি টকাত ক্ৰয় কৰে।
২০০৩ চনত তৈয়াৰ কৰি উলিওৱা মেণ্ডেৰিন অৰিয়েণ্টেল নিউয়ৰ্কৰ ৮০ কলম্বাছ চাৰ্কলত অৱস্থিত। এই বিলাসী হোটেল খনত এনিশা কটোৱাৰ মূল্য ৭৪৫ ডলাৰৰ পৰা ১৪,০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৫৫,০০০ ৰ পৰা ১০,৪০,০০০ টকা।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডে বিগত বৰ্ষটো ব্ৰিটেইনৰ বিখ্যাত কাউণ্ট্ৰী ক্লাব আৰু গ’ল্ফ ৰিজৰ্ট ৫৭ মিলিয়ন পাউণ্ডত অৰ্থাৎ ভাৰতীয় মূল্যত ৫৯২ কোটি টকাত ক্ৰয় কৰিছিল।




