কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি

Share This Article

দেশত কোভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তেই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি ।

চৰকাৰৰ পৰামৰ্শ অনুসৰি –

● কোনো লক্ষণ দেহত দেখা নিদিয়া কোভিড ৰোগীসকলো আইছ’লেচনত থাকিব লাগিব সম্পূৰ্ণ সাত দিনলৈ ।
● পৰৱৰ্তী ৩ দিনলৈ দেহত দেখা দিব নালাগিব জ্বৰ অথবা আন কোনো লক্ষণ ।
● পিছৰ পৰ্যায়তো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
● আইছ’লেচন শেষ হৈ যোৱাৰ পিছত কৰিব নালাগে পুনৰ কোভিড পৰীক্ষা ।
● দেহত কোনো লক্ষণ দেখা নিদিয়া তথা অক্সিজেনৰ পৰিমাণ ৰুম এয়াৰত ৯৩% তকৈ অধিক হ’লে তুলনামূলকভাৱে বিপদমুক্ত কোভিড পজিটিভ ৰোগী।
● যিসকল ৰোগীৰ আপাৰ ৰেছপিৰেটৰী ট্ৰেক্টত সমস্যাই দেখা দিছে অথচ জ্বৰ অথবা শ্বাস-প্ৰশ্বাসত কোনো সমস্যা হোৱা নাই তেওঁলোকক মাইল্ড কেচ ৰোগী বুলি কোৱা হ’ব।
● সংক্ৰমিত পৰিয়ালৰ লোকৰ সংস্পৰ্শত অহা তথা চেল্ফ আইছ’লেচনত থকা ব্যক্তি সকলে নিজ বাসগৃহত লাভ কৰিব প্ৰয়োজনীয় সুবিধা।
● ২৪×৭ পৰিচৰ্যাৰৰ বাবে থাকিব কোভিড ভেকচিনৰ দুটা ড’জ সম্পূৰ্ণকৈ লোৱা এজনকৈ ব্যক্তি ।
● পৰিচৰ্যাৰ বাবে থকা ব্যক্তিজন আৰু একোজন হাস্পতাল কৰ্তৃপক্ষৰ মাজত যোগাযোগ পূৰ্বনিৰ্ধাৰিত হ’ব।
● ৬০ বছৰ উৰ্ধৰ লোক বা অন্য কোনো ৰোগী লগতে যিসকল ব্যক্তিয়ে ৰোগ প্ৰতিৰোধক জনিত সমস্যা থকা কোভিড ৰোগী সকল থাকিব নোৱাৰিব হ’ম আইছ’লেচনত।
● একেৰাহে তিনিদিনলৈ ১০০৹ F ত জ্বৰ হৈ থকা কোভিড পজিটিভ ৰোগী সকলে শীঘ্ৰেই জৰুৰী চিকিৎসা সেৱা ল’ব লাগিব ।
● শ্বাস-প্ৰশ্বাস জনিত সমস্যাই দেখা দিলে শীঘ্ৰেই চিকিৎসা লোৱাটো নিতান্তই প্ৰয়োজনীয়।
● একেৰাহে হৈ থকা বুকুৰ বিষ বা আন কোনো সমস্যাৰ বাবে চিকিৎসা লোৱাটো অত্যন্তই প্ৰয়োজনীয়।
● মানসিক অশান্তি বা অৱসাদ আদিৰ দৰে সমস্যাই দেখা দিলেও চিকিৎসা সেৱা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.