সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি

দেশত কোভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তেই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি ।

চৰকাৰৰ পৰামৰ্শ অনুসৰি –

- Donation -

● কোনো লক্ষণ দেহত দেখা নিদিয়া কোভিড ৰোগীসকলো আইছ’লেচনত থাকিব লাগিব সম্পূৰ্ণ সাত দিনলৈ ।
● পৰৱৰ্তী ৩ দিনলৈ দেহত দেখা দিব নালাগিব জ্বৰ অথবা আন কোনো লক্ষণ ।
● পিছৰ পৰ্যায়তো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
● আইছ’লেচন শেষ হৈ যোৱাৰ পিছত কৰিব নালাগে পুনৰ কোভিড পৰীক্ষা ।
● দেহত কোনো লক্ষণ দেখা নিদিয়া তথা অক্সিজেনৰ পৰিমাণ ৰুম এয়াৰত ৯৩% তকৈ অধিক হ’লে তুলনামূলকভাৱে বিপদমুক্ত কোভিড পজিটিভ ৰোগী।
● যিসকল ৰোগীৰ আপাৰ ৰেছপিৰেটৰী ট্ৰেক্টত সমস্যাই দেখা দিছে অথচ জ্বৰ অথবা শ্বাস-প্ৰশ্বাসত কোনো সমস্যা হোৱা নাই তেওঁলোকক মাইল্ড কেচ ৰোগী বুলি কোৱা হ’ব।
● সংক্ৰমিত পৰিয়ালৰ লোকৰ সংস্পৰ্শত অহা তথা চেল্ফ আইছ’লেচনত থকা ব্যক্তি সকলে নিজ বাসগৃহত লাভ কৰিব প্ৰয়োজনীয় সুবিধা।
● ২৪×৭ পৰিচৰ্যাৰৰ বাবে থাকিব কোভিড ভেকচিনৰ দুটা ড’জ সম্পূৰ্ণকৈ লোৱা এজনকৈ ব্যক্তি ।
● পৰিচৰ্যাৰ বাবে থকা ব্যক্তিজন আৰু একোজন হাস্পতাল কৰ্তৃপক্ষৰ মাজত যোগাযোগ পূৰ্বনিৰ্ধাৰিত হ’ব।
● ৬০ বছৰ উৰ্ধৰ লোক বা অন্য কোনো ৰোগী লগতে যিসকল ব্যক্তিয়ে ৰোগ প্ৰতিৰোধক জনিত সমস্যা থকা কোভিড ৰোগী সকল থাকিব নোৱাৰিব হ’ম আইছ’লেচনত।
● একেৰাহে তিনিদিনলৈ ১০০৹ F ত জ্বৰ হৈ থকা কোভিড পজিটিভ ৰোগী সকলে শীঘ্ৰেই জৰুৰী চিকিৎসা সেৱা ল’ব লাগিব ।
● শ্বাস-প্ৰশ্বাস জনিত সমস্যাই দেখা দিলে শীঘ্ৰেই চিকিৎসা লোৱাটো নিতান্তই প্ৰয়োজনীয়।
● একেৰাহে হৈ থকা বুকুৰ বিষ বা আন কোনো সমস্যাৰ বাবে চিকিৎসা লোৱাটো অত্যন্তই প্ৰয়োজনীয়।
● মানসিক অশান্তি বা অৱসাদ আদিৰ দৰে সমস্যাই দেখা দিলেও চিকিৎসা সেৱা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়।

Leave A Reply

Your email address will not be published.