কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল

Share This Article

১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল।  ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ ভিতৰত প্ৰথম উত্তৰ-পূৰ্বাঞ্চলতে বিক্ৰী হব। ইতিমধ্যে সমগ্ৰ দেশত ২ শতাংশৰ পৰা ৬.৭ শতাংশ ইথানল মিহলিযুক্ত পেট্ৰলহে বিক্ৰী হৈ আছে তাৰ মাজতে ১০ শতাংশ ইথানল বৃদ্ধিয়ে সচকিত কৰি তুলিছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীক। কিয়নো অধিক ইথানলযুক্ত পেট্ৰলে ক্ষতি কৰে বাহনৰ ইঞ্জিন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.