সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১২ জানুৱাৰীৰ পৰা আৰম্ভ হব ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং

উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে ২০২১-২২ বৰ্ষৰ বাবে NEET-PGৰ নামভৰ্তিৰ বাবে পুনৰ কাউঞ্চেলিং আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিলে। উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি পোৱা পাছতেই ১২ জানুৱাৰীৰ পৰা ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং আৰম্ভ হ’ব, এইকথা ঘোষণা কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই। মন্ত্ৰীজনে এক টুইটযোগে কয়, ” উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত স্বাস্থ্য মন্ত্ৰালয়ে আৱাসী চিকিৎসকসকলক দিয়া আশ্বাস অনুসৰি, ২০২২ চনৰ ১২ জানুৱাৰীৰ পৰা এমচিচি(চিকিৎসা পৰামৰ্শ সমিতি)ৰ দ্বাৰা NEET-PG পৰামৰ্শ আৰম্ভ কৰা হ’ব,”। আনহাতে ন্যায়ালয়ে এইবাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) প্ৰাৰ্থীৰ বাবে ২৭ শতাংশ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ (ইডব্লিউএছ) শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ কৰিছে।
উল্লেখ্যযোগ্য যে, ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা পৰিষদে যোৱা বছৰ ২৮ ছেপ্টেম্বৰত NEET-PGৰ ২০২১ ৰ ফলাফল ঘোষণা কৰিছিল।

Leave A Reply

Your email address will not be published.