সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জনপ্ৰিয়তা কমিছে নেকি বিজেপিৰ?

চেমি ফাইনেলৰ বাবে সাজু নৰেন্দ্ৰ মোদী৷ নির্বাচন আয়োগে ঘোষনা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সময়সূচী৷ ২৪ ৰ লোকসভা নির্বাচনৰ পূর্বে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যত হব লগা নির্বাচনক গন্য কৰা হৈছে চেমি ফাইনেল বুলিয়েই৷ কাৰণ এই ৫ ৰাজ্যৰ নির্বাচনী ফলাফলে বহু পৰিমানে প্ৰভাবিত কৰিব আগন্তুক লোকসভা নির্বাচনক৷ কিন্তু এই ৫ ৰাজ্যৰ নির্বাচনৰ বাবে শাসকীয় দল বিজেপিৰ সন্মুখত দেখা দিছে এক বৃহৎ প্ৰত্যাহ্বানে৷ কাৰণ বিগত সময়তকৈ ক্ৰমাগতভাবে হ্ৰাস পাব ধৰিছে বিজেপিৰ জনপ্ৰিয়তা আৰু সেই কথাও প্ৰতিফলিত কৰিছে শেহতীয়াকৈ অনুষ্ঠিত কেইখনমান ৰাজ্যৰ নির্বাচনে৷ আগবঢ়াইছো এক প্ৰতিবেদন৷

২০১৯ চনত দ্বিতীয়বাৰলৈ দিল্লী দখল কৰিলে বিজেপিয়ে৷ কিন্তু তাৰপাছতেই ক্ৰমাগতভাবে হ্ৰাস পাইছে বিজেপিৰ পক্ষে ভোটৰ হাৰ৷ ২০১৯ চনৰ পিছত বিধানসভাত নির্বাচন অনুষ্ঠিত হোৱা কেইখনমান ৰাজ্যৰ ফলাফললৈ লক্ষ্য কৰিলেই ষ্পষ্ট হৈ পৰে এই কথা৷

- Donation -

২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে হাৰিয়ানাত লাভ কৰিছিল ৫৮ শতাংশ ভোট৷ কিন্তু একেটা বছৰতে পৰবর্তী সময়ত অনুষ্ঠিত নির্বাচনত ৰাজ্যখনত বিজেপিয়ে লাভ কৰিলে মাত্ৰ ৩৭ শতাংশ ভোট৷
২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে দিল্লীত লাভ কৰিছিল ৫৭ শতাংশ ভোট৷ কিন্তু ২০২০ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত দিল্লীত বিজেপিৰ লাভ কৰা ভোট হ্ৰাস হল ৩৯ শতাংশলৈ৷
অসমত ২০১৯ ৰ লোকসভা নির্বাচনত বিজেপিয়ে লাভ কৰিছিল ৩৬ শতাংশ ভোট৷ কিন্তু ২০২১ ৰ বিধানসভা নির্বাচনত ভোটৰ পৰিমান হ্ৰাস হ’ল ৩৩ শতাংশলৈ৷
একেদৰে পশ্চিম বংগত বিজেপিৰ পক্ষে ২০১৯ চনৰ লোকসভা নির্বাচনৰ ভোটৰ পৰিমাণ আছিল ৪১ শতাংশ৷ কিন্তু শেহতীয়া বিধানসভা নির্বাচনত বিজেপিৰ সপক্ষে ভোট হ্ৰাস হ’ল ৩৯ শতাংশলৈ৷

আগন্তুক সময়ত নির্বাচন অনুষ্ঠিত হব লগা ৫ ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশৰ নির্বাচনেই সর্বাধিক গুৰুত্বপূর্ণ বুলি গণ্য কৰা হৈছে৷ কিন্তু ২০১৪ চনৰ লোকসভা নির্বাচনতকৈ ২০১৭ চনৰ বিধানসভা নির্বাচনত উত্তৰ প্ৰদেশৰ হ্ৰাস পাইছিল বিজেপিৰ ভোট৷আগন্তুক ৫ ৰাজ্যৰ নির্বাচন বিজেপি,কংগ্ৰেছৰ উপৰিও সমাজবাদী পার্টি,বহুজন সমাজবাদী পার্টি আৰু আম আদমী পার্টিৰ বাবে গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ নির্বাচনৰ প্ৰাকক্ষণত কোভিড, কৃষক আন্দোলন, মূল্যবৃদ্ধি, নিবনুৱা ইত্যাদি ইচ্ছুয়ে বিজেপিক সংকটত পেলোৱাৰ বিপৰীতে আভ্যন্তৰীণ বিবাদে অস্থিৰ কৰি ৰাখিছে কংগ্ৰেছক৷ইয়াৰে বিপৰীতে তৃণমূল কংগ্ৰেছ আৰু আম আদমী পার্টি যুদ্ধংদেহী গতিৰে নামি পৰিছে গোৱা দখল অভিযানত৷ পঞ্জাৱ,উত্তৰাখণ্ডতো আম আদমী পার্টিয়ে পুতিছে সবল খোপনি৷ বিগত বিধানসভা নির্বাচনতো আপে পঞ্জাৱত লাভ কৰিছিল ২০ খন আসন৷ আনহাতে উত্তৰ প্ৰদেশত অখিলেশ যাদবৰ সমাজবাদী পার্টিয়েও লাভ কৰিছে বিশাল জনসমর্থন৷ কংগ্ৰেছ বিজেপিৰ বিপর্যয়ৰ সময়ত এতিয়া এনেদৰেই ৫ ৰাজ্যৰ নির্বাচনত বিশেষভাবে গুৰুত্বপূর্ণ হৈ পৰিছে দেশৰ আঞ্চলিক দল সমূহৰ উত্থান৷

Leave A Reply

Your email address will not be published.