সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাঘজানৰ জুই নুমোৱাবলৈ তান্ত্ৰিক অনা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে:অইল ইণ্ডিয়া

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ'ব পৰা নাই অইল কৰ্তৃপক্ষ। ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি।…

EIA ক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকল নিমাত কিয়?

EIA-2020 ৰ বিৰুদ্ধে দেশৰ শিক্ষাবিদ, বিজ্ঞানী আৰু গৱেষক সকল সৰৱ হৈ উঠাৰ সময়তো কিয় কোনো কানসাৰ নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলৰ। ইতিমধ্যে দেশৰ ৫ শতাধিক শিক্ষাবিদ , বিজ্ঞানী আৰু গৱেষক সকলে এই জননীখন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয়…

তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ 'মন কি বাত'কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত 'Like'-'dislike' ৰ সুবিধা বন্ধ…

ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল

ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল । ৩ দিনীয়া ভ্ৰমণ সূচীৰে ৰাছিয়াত উপস্থিত হৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ চুক্তি স্বাক্ষৰ কৰে। ভাৰতক সৰ্বমুঠ ৭,৭০,০০০ অত্যাধুনিক ৰাইফল প্ৰয়োজন।…

ৰাজ্যত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

আজি অসম চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যত চলি থকা সাপ্তাহিক লক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে। এই কথা টুইটাৰ যুগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। Weekend lockdown and night curfew have been lifted , however,…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি

বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ । ৩,০৫৩ হেক্টৰ ভূমি অন্তৰ্ভূক্ত হ'ল কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ সৈতে পূৰ্বে ১৯৮৫ চনৰ পৰা সময়ে সময়ে ছটা সংযোজন ঘটাই বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত মাটিকালি বৃদ্ধি কৰা হৈছিল।…

জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো…

কৰোনা সংক্ৰমণৰ মাজত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বিৰোধিতা আলফাৰ

মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ বাবে লোৱা আচঁ‌নিক লৈ "সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) তথা আলফাৰ বিৰোধিতা। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত…