কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি

Share This Article

বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ । ৩,০৫৩ হেক্টৰ ভূমি অন্তৰ্ভূক্ত হ’ল কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ সৈতে পূৰ্বে ১৯৮৫ চনৰ পৰা সময়ে সময়ে ছটা সংযোজন ঘটাই বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত মাটিকালি বৃদ্ধি কৰা হৈছিল। পূৰ্বৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনত দিনক দিনে বৃদ্ধি পাই আহিছে বন্যপ্ৰাণীৰ সংখ্যা। যাৰ ফলত বন্যপ্ৰাণীৰ তুলনাত খাদ্য আৰু বিচৰণ ভূমিৰ সমস্যাই দেখা দিছিল। কিছুদিন পূৰ্বে সপ্তম, অষ্টম আৰু নৱম সংযোজনৰ প্রস্তাৱনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চৰকাৰক দাখিল কৰা সপ্তম সংযোজন দেউচুৰ , পালখোৱা আৰু দেউচুৰ পাহাৰক লৈ ১৭৬ হেক্টৰ ভূমি, অষ্টম সংযোজন নগাঁও জিলাৰ বান্দৰডুবি ৩০৭ হেক্টৰ আৰু নৱম সংযোজন শোণিতপুৰ জিলাৰ মাকোৱা চাপৰি ২,৫৭০ হেক্টৰ ভূমি নতুনকৈ সংযোজিত। এতিয়াৰে পৰা উক্ত অনুমোদিত ৩,০৫৩ হেক্টৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তত্বাৱধানত থাকিব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.