তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

Share This Article

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত ‘Like’-‘dislike’ ৰ সুবিধা বন্ধ কৰাৰ পাছতে এইবাৰ সৰৱ হৈছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে আজি টুইটাৰত এই সম্পৰ্কে কয় যে “তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে। মই আপোনালোকৰ দাবী বিশ্বৰ সমুখত ৰাখি থাকিম।”

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ অনুষ্ঠানত Dislike কৰোঁতে কমেণ্ট বক্সত দেশৰ ছাত্ৰ সমাজে JEE-NEET আৰু বহু লোকে চৰকাৰী চাকৰি আৰু দেশৰ সম্পদ ব্যক্তিগতখণ্ডৰ হাতত গতাই দিয়াক লৈ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু ছাত্ৰ ছাত্ৰী আৰু জনগণৰ ক্ষোভ প্ৰকাশৰ এই প্ৰতিবাদক বিজেপিয়ে কংগ্ৰেছ আৰু বিদেশী শত্ৰুৰ হাত থকা বুলি অভিযোগ আনিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.