Investigative reporting with dedication.

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ’ব পৰা নাই অইল কৰ্তৃপক্ষ।
ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি। বাতৰি অনুসৰি অইল কৰ্তৃপক্ষই এইবাৰ জুই নুমুওৱাৰ বাবে উত্তৰ প্ৰদেশৰ পৰা মতাই আনিছে বিশেষ তান্ত্ৰিক। এই খবৰ ৰাষ্ট্ৰ হৈ পৰাৰ পাছতে ৰাজ্যবাসীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্ত আজি অইল ইন্ডিয়াই এই বিষয়ত সামাজিক মাধ্যমত স্পষ্টতা দাঙি ধৰি তান্ত্ৰিক মতাই অনা বাতৰিক ভুৱা বুলি অভিহিত কৰিছে।

অইল ইন্ডিয়াই নিজৰ স্পষ্টীকৰণত এনে ভুৱা বাতৰিৰ (fake news) যোগেদি অইল ইণ্ডিয়াৰ প্ৰতিচ্ছবি নষ্ট কৰা এক প্ৰচেষ্টা চলিছে বুলি অভিহিত কৰিছে। অইল ইন্ডিয়াই আৰু জানিব দিয়ে যে বিশেষজ্ঞ সকলে বাঘজানৰ জুই নিৰ্বাপনৰ কাৰণে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।




