EIA ক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকল নিমাত কিয়?

Share This Article

EIA-2020 ৰ বিৰুদ্ধে দেশৰ শিক্ষাবিদ, বিজ্ঞানী আৰু গৱেষক সকল সৰৱ হৈ উঠাৰ সময়তো কিয় কোনো কানসাৰ নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলৰ। ইতিমধ্যে দেশৰ ৫ শতাধিক শিক্ষাবিদ , বিজ্ঞানী আৰু গৱেষক সকলে এই জননীখন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে কেৰেলা, মহাৰাষ্ট্ৰ, ছট্টিশগঁড়, পশ্চিমবঙ্গ আদি বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলেও জননীখন প্ৰত্যাহাৰ কৰিবৰ বাবে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে জাননীখনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ১০০ কি:মি: আকাশী দূৰত্বত থকা অঞ্চল সমূহক সীমানৱৰ্তী এলেকা হিচাপে ঘোষণা কৰা হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিত যুদ্ধনীতি সম্পৰ্কীয় প্ৰকল্প বুলি বিবেচিত প্ৰকল্পৰ ক্ষেত্ৰত কোনো ৰাজহুৱা শুনানি দিয়া নহব বুলি ঘোষণা কৰা হৈছে। তেনে স্থলত চৰকাৰে যি কোনো প্ৰকল্পকেই যুদ্ধনীতি সম্পৰ্কীয় বুলি ঘোষণা কৰি স্থাপন কৰিব পাৰিব।
তাৰ পাছতো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকল নিমাত কিয়?
এই খচৰাখনৰ আটাইতকৈ বিপদজনক দিশটো হৈছে উদ্যোগ স্থাপনৰ ক্ষেত্ৰত পৰিবেশ অনুমতি অবিহনে উদ্যোগ স্থাপনৰ বাবে সন্মতি প্ৰদান কৰা হ’ব। প্ৰতিকূল পৰিস্থিতিৰ দোহাই দি ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈয়ে প্ৰকল্প স্থাপনৰ ব্যৱস্থাও খচৰাখনত আছে। তাৰ উপৰিও খচৰাখনত উদ্যোগিক বিকাশৰ স্বাৰ্থত জ্বলাহ আৰু বনাঞ্চল ধংসৰ বাবে সেউজ সংকেতো প্ৰদান কৰা হৈছে।
দেশৰ এনে পৰিস্থিতিত বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী আৰু গৱেষক সকলে EIA-2020 প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। কিন্তু আশ্বৰ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মৌন।

মুখ্যমন্ত্ৰী কুম্ভকৰ্ণ নিদ্ৰাত মগন নে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰঙা চকুলৈ ভয় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.