সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এটাৰ পাছত আন এটা এনকাউন্টাৰ ৷ এনকাউন্টাৰৰ পক্ষত মুখ্যমন্ত্ৰী ৷ কিন্তু অভিযুক্তৰ পৰিয়ালে কি কয় ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণ কৰাৰ পৰাই অসম চৰকাৰে অপৰাধীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষণা কৰিছে ৷ যোৱা ১০ মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেইদিনাৰ পৰা ২৩ গৰাকী অভিযুক্তক পুলিচৰ…

দুই ঘন্টাত পাঠ কৰা বাজেটত কি আছে- জানক দুই মিনিটত

কি আছে অজন্তা নেওগৰ বাজেটত?কি কি নতুন ঘোষণা আগবঢ়োৱা হল অজন্তা নেওগৰ বাজেটত৷দুই ঘন্টাত পাঠ কৰা বাজেটৰ সাৰাংশ পঢ়ক দুই মিনিটত৷ ১.এহেজাৰ টকালৈ বৃদ্ধি অৰুনোদয় আঁচনিৰ ধন ৷ ২. চৰকাৰী শিক্ষানুষ্ঠানৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰদান কৰা…

আফগানিস্থানত তালিবানৰাজ চলিব নেকি ?

আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে আফগানিস্থানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই তালিবানে পুনৰ এবাৰ আৰম্ভ কৰিছে সক্ৰিয় সামৰিক সঞ্চালন। এটাৰ পিছত এটা অঞ্চল দখল কৰি গৈছে দুৰ্ধৰ্ষ তালিবানে। উল্লেখ্য যে , বুধবাৰে পাকিস্তানৰ…

কোভিডক লৈ নতুন সমীক্ষাত কি তথ্য প্ৰকাশ পালে ?

ভাৰতত অধিক সংক্ৰামক হৈ পৰিছে কোভিডৰ ডেল্টা ভেৰিয়েন্ট ৷ দেশৰ কোভিড আক্ৰান্তসকলৰ ৮৯ শতাংশৰ দেহত ধৰা পৰিছে ডেল্টা ভেৰিয়েন্টৰ উপস্থিতি ৷ পুণেস্থিত নেচনেল ইন্সটিটিউট অব ভাইৰ’লজীৰ শেহতীয়া এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিষ্ঠানটোৱে ৬৭৭ গৰাকী…

আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?

আফগানিস্থানত পুণৰ সক্ৰিয় হৈছে তালিবান ৷ আফগান সেনাৰ সৈতে আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষ ৷ ইয়াৰ লগে লগে ভাৰতৰো দু:শ্চিন্তা বৃদ্ধি পাইছে ৷ কিয়নো দেশখনত ভাৰতৰ বিনিয়োগৰ পৰিমান ৩ বিলিয়ন ডলাৰৰো অধিক ৷

আফগানিস্থানত নিহত ভাৰতীয় সাংবাদিক

আফগানিস্থানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ লগে লগে অশান্ত হৈ উঠিছে দেশখন ৷ পুণৰ আৰম্ভ হৈছে তালিবানৰ উপদ্ৰৱ ৷একাধিক স্থানত আফগানিস্থান সেনাৰ লগত তালিবানৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাতৰি আহিছে ৷ এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ হোৱা সময়তে নিহত…

কেতিয়া দাখিল কৰিব বাজেট ?

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব ২০২১- ২২বিত্তীয় বৰ্ষৰ বাজেট ৷ অসম বিধানসভাৰ মজিয়াত বিয়লি প্ৰায় ৩ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিব৷ ৰাজ্যত বিজেপি চৰকাৰৰ দ্বিতীয়টো শাসনকালত এইখনেই হ’ব প্ৰথমখন বাজেট ৷ তদুপৰি অসমৰ ইতিহাসত…

কোনে হাস্পতাল নিৰ্মানৰ নামত ২.৪০ কৌটি ব্ৰক্ষ্মপুত্ৰত পেলালে ?

বিধানসভাত কেগে দাখিল কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে স্বাস্থ্যখণ্ডৰ বহু অনিয়মৰ তথ্য ৷ কেনেদৰে চিকিৎসালয় নিৰ্মানৰ নামত কৌটি কৌটি টকাৰ অপচয় কৰা হৈছে , সেয়া প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে ৷ আনকি ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহাজ হাস্পতাল…

নীট কেতিয়া অনুষ্ঠিত হ’ব ?

অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা - নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ১৩…

উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

হিল ষ্টেচনসমূহত মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা মানুহৰ ভিৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ – এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷শেহতীয়া কোভিড…