উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

Share This Article

হিল ষ্টেচনসমূহত মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা মানুহৰ ভিৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ – এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্নতা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোণাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ এই পৰিস্থিতি নোহোৱা কৰিবলৈ অধিক কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন হৈ পৰিছে ৷একেসময়তে ক’ৰোণাৰ পৰিৱৰ্তিত ৰূপৰ ওপৰতো চকু ৰাখিব লাগিব ৷ বিশেষজ্ঞসকলে এই বিষয়টো অধ্যয়ন কৰি আছে ৷ আমি জনসাধাৰণক  ক’ভিড এপ্ৰ’প্ৰিয়েট ব্যৱহাৰ কৰিবলৈ উদ্গণি যোগাব লাগিব ৷ উল্লেখ্য যে , ভাৰতত ক’ৰোণাৰ নতুন হটস্পটত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল ৷ যোৱা এটা সপ্তাহত দেশৰ মুঠ ৫৮ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ ওপৰত আছে ৷ ইয়াৰে ৩৭ খন জিলাই হ’ল উত্তৰ -পূৱৰ ৷ ১০ শতাংশতকৈ অধিক লোক সংক্ৰমিত হোৱা জিলাসমূহৰ ভিতৰত আছে  অৰুণাচল প্ৰদেশৰ ৫ খন  , অসমৰ ৪ খন , মণিপুৰৰ ৮ খন , মেঘালয়ৰ ৭ খন, মিজোৰামৰ ৩ খন , নাগালেণ্ডৰ ৩ খন , ছিকিমৰ ৪ খন আৰু ত্ৰিপুৰাৰ ৩ খন জিলা ৷ উত্তৰ – পূৱৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে উত্তৰ পূৱৰ ৰাজ্যসমূহত আৰ টি  – পি চি আৰ টেষ্ট বৃদ্ধি কৰাৰ লগতে কনটেইন্টমেন জ’নৰ ক্ষেত্ৰত অধিক সাৱধান হ’বলৈ সকীয়াই দিছে ৷ কিন্তু তাৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই উত্তৰ – পূৱৰ কোভিড পৰিস্থিতি ৷ সামগ্ৰিকভাৱে পৰিস্থিতিৰ বিশ্লেষণ কৰিবলৈ আজি উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে এক ভাৰ্ছুৱেল বৈঠকত মিলিত হৈছে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷বৈঠকত গৃহমন্ত্ৰী অমিতশ্বাহো উপস্থিত থাকে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.