সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

হিল ষ্টেচনসমূহত মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা মানুহৰ ভিৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ – এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্নতা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোণাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ এই পৰিস্থিতি নোহোৱা কৰিবলৈ অধিক কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন হৈ পৰিছে ৷একেসময়তে ক’ৰোণাৰ পৰিৱৰ্তিত ৰূপৰ ওপৰতো চকু ৰাখিব লাগিব ৷ বিশেষজ্ঞসকলে এই বিষয়টো অধ্যয়ন কৰি আছে ৷ আমি জনসাধাৰণক  ক’ভিড এপ্ৰ’প্ৰিয়েট ব্যৱহাৰ কৰিবলৈ উদ্গণি যোগাব লাগিব ৷ উল্লেখ্য যে , ভাৰতত ক’ৰোণাৰ নতুন হটস্পটত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল ৷ যোৱা এটা সপ্তাহত দেশৰ মুঠ ৫৮ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ ওপৰত আছে ৷ ইয়াৰে ৩৭ খন জিলাই হ’ল উত্তৰ -পূৱৰ ৷ ১০ শতাংশতকৈ অধিক লোক সংক্ৰমিত হোৱা জিলাসমূহৰ ভিতৰত আছে  অৰুণাচল প্ৰদেশৰ ৫ খন  , অসমৰ ৪ খন , মণিপুৰৰ ৮ খন , মেঘালয়ৰ ৭ খন, মিজোৰামৰ ৩ খন , নাগালেণ্ডৰ ৩ খন , ছিকিমৰ ৪ খন আৰু ত্ৰিপুৰাৰ ৩ খন জিলা ৷ উত্তৰ – পূৱৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে উত্তৰ পূৱৰ ৰাজ্যসমূহত আৰ টি  – পি চি আৰ টেষ্ট বৃদ্ধি কৰাৰ লগতে কনটেইন্টমেন জ’নৰ ক্ষেত্ৰত অধিক সাৱধান হ’বলৈ সকীয়াই দিছে ৷ কিন্তু তাৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই উত্তৰ – পূৱৰ কোভিড পৰিস্থিতি ৷ সামগ্ৰিকভাৱে পৰিস্থিতিৰ বিশ্লেষণ কৰিবলৈ আজি উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে এক ভাৰ্ছুৱেল বৈঠকত মিলিত হৈছে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷বৈঠকত গৃহমন্ত্ৰী অমিতশ্বাহো উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.