সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নীট কেতিয়া অনুষ্ঠিত হ’ব ?

অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা – নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১৩ জুলাইৰ বিয়লি ৫ বজাৰ পৰা ৷ শিক্ষাৰ্থীসকলে নেচনেল টেষ্টিঙ এজেন্সীৰ ৱেবচাইটৰ জড়িয়তে প্ৰ- পত্ৰ পূৰণ কৰিব পাৰিব ৷ উল্লেখ্য যে , অহা ১ আগষ্ট নীট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কপভিড পৰিস্থিতিৰ বাবে পৰীক্ষা পিছুৱাই দিয়া হয় ৷

Leave A Reply

Your email address will not be published.