আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?

Share This Article

ভাৰতৰ আৰু আফগানিস্তানৰ সম্পৰ্ক বিশ্বৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ প্ৰসংগ। আফগানিস্থানেই সম্ভৱতঃ SAARCৰ একমাত্ৰ ৰাষ্ট্ৰ যাৰ সৈতে ভাৰতৰ আছে নিবিড় সম্পৰ্ক।
২০০১ চনৰ পৰা ভাৰতে আফগানিস্থানৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰম্ভ কৰে আৰু একেসময়তে আফগানিস্তান হৈ পৰে ভাৰতৰ অন্যতম বিনিয়োগৰ ক্ষেত্ৰ। ভাৰতে আফগানিস্থানক এখন গণতান্ত্ৰিক দেশ হিচাপে আত্মপ্ৰকাশ কৰাত বিভিন্ন প্ৰকাৰেৰে সহায়ৰ হাত আগৱঢ়াই আহিছে । ইতিমধ্যে ভাৰতে দেশখনত গুৰুত্বপূৰ্ণ পথ,নদী বান্ধ, বিদ্যুৎ পৰিবহন লাইন আৰু চাবষ্টেচন, বিদ্যালয় আৰু চিকিৎসালয় আদি নিৰ্মাণ কৰিছে । ভাৰতে দেশখনত বিনিয়োগ কৰা উন্নয়নমূলক সাহায্যৰ মূল্য হ’ব ৩ বিলিয়ন ডলাৰ অৰ্থাৎ ২২ হাজাৰ কৌটিৰো অধিক ।
২০১১ চনৰ ভাৰত-আফগানিস্তান কৌশলগত অংশীদাৰিত্ব চুক্তি অনুসৰি আফগানিস্থানৰ আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানসমূহৰ পুনৰ নিৰ্মাণত সহায় কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতি বদ্ধ হৈছিল । ২০১৬ চনত আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কাবুলত ষ্টৰ প্ৰাসাদ উদ্বোধন কৰে, যিটো মূলতঃ ১৯ শতিকাৰ শেষৰ ফালে নিৰ্মাণ কৰা হৈছিল। ভৱনটোত ১৯৬৫ চনলৈকে আছিল আফগান বৈদেশিক মন্ত্ৰী আৰু মন্ত্ৰালয়ৰ কাৰ্যালয় । ২০০৯ চনত ভাৰত, আফগানিস্থান আৰু আগা খান ডেভেলপমেণ্ট নেটৱৰ্কে ইয়াৰ পুনৰুদ্ধাৰৰ বাবে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে। আগা খান ট্ৰাষ্ট ফৰ কালচাৰে ২০১৩ ৰ পৰা ২০১৬ ৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰে ।
আফগানিস্থানৰ অন্যান্য ভাৰতীয় প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাজধানীলৈ বিদ্যুৎ যোগান বৃদ্ধি কৰাৰ বাবে নিৰ্মাণ কৰা ২২০ হাজাৰ ভিডিচি ট্ৰেন্সমিচন লাইন। অন্যহাতে ভাৰতে ১৯৭২ চনত কাবুলত আৰম্ভ কৰিছিল এখন শিশু চিকিৎসালয় পুনৰ নিৰ্মাণ কাম। যাৰ নাম আছিল ইন্দিৰা গান্ধী ইনষ্টিটিউট ফৰ চাইল্ড হেল্থ । ‘ভাৰতীয় চিকিৎসা অভিযানৰ জৰিয়তে কেইবাটাও অঞ্চলত বিনামূলীয়া পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰা হৈছিল সেই সময়ত। যুদ্ধত হাত-ভৰি হেৰুওৱা হাজাৰ হাজাৰ লোককো সহায়ৰ হাত আগৱঢ়াইছিল ভাৰতে । ভাৰতে সীমান্তপ্ৰদেশ বাদাখশান, বালখ, কান্দাহাৰ, খোষ্ট, কুনাৰ, নানগাৰহাৰ, নিমৰুজ, নুৰিস্তান, পাকটিয়া আৰু পাকটিকাত ক্লিনিক নিৰ্মাণ কৰিছে।
ভাৰতে দেশখনৰ বিদ্যালয়সমূহৰ উন্নয়নৰ সহায় আগৱঢ়োৱাৰ লগতে দূৰৱৰ্তী গাওঁবোৰত সৌৰ পেনেল নিৰ্মাণ কৰিছে। আনহাতে কাবুলৰ সুলভ শৌচালয় খণ্ড নিৰ্মাণ কৰাতো সহায় কৰিছে ভাৰতে । বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান, আফগান শিক্ষাৰ্থীসকলক বৃত্তি, অসামৰিক সেৱাত পৰামৰ্শ প্ৰদান কাৰ্যসূচী, আৰু চিকিৎসক আৰু অন্যান্যসকলৰ বাবে প্ৰশিক্ষণ দিয়াৰ দায়িত্বও পালন কৰিছে ভাৰতে।
দেশখনত ভাৰতৰ আনটো হাই-প্ৰফাইল প্ৰকল্প আছিল সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মিত ২১৮ কিলোমিটাৰ দৈঘ্যৰ জাৰাঞ্জ-ডেলাৰাম ঘাইপথ। জাৰাঞ্জ ইৰাণৰ আৰু আফগানিস্থানৰ সীমাৰ ওচৰত অৱস্থিত। ১৫০ নিযুত ডলাৰৰ ঘাইপথটো খাছ ৰুড নদীৰ কাষেৰে জাৰাঞ্জৰ উত্তৰ-পূবৰ ডেলাৰামলৈ সম্প্ৰসাৰিত ৷
২০২০ চনৰ নৱেম্বৰ মাহত জেনেভাত অনুষ্ঠিত আফগানিস্থান সন্মিলনত ভাষণ দি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ঘোষণা কৰিছিল যে ভাৰতে আফগানিস্থানৰ সৈতে কাবুলত বান্ধ নিৰ্মাণৰ বাবে এক চুক্তি সম্পাদন কৰিছে, যিয়ে দেশখনৰ ২ নিযুত বাসিন্দাক সুৰক্ষিত খোৱা পানী প্ৰদান কৰিব। তেওঁ ৮০ নিযুত ডলাৰ মূল্যৰ প্ৰায় ১০০ টা সামূহিক উন্নয়ন প্ৰকল্প আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে সন্মিলনখনিত।
শেহতীয়াকৈ ভাৰতে আন এটা আগা খান ঐতিহ্য প্ৰকল্পৰ বাবে ১ নিযুত ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল দেশখনত। কাবুলৰ দক্ষিণে বালা হিচাৰ ফৰ্টৰ পুনৰুদ্ধাৰৰো পৰিকল্পনা কৰিছে ভাৰতে। জেনেভা অধিৱেশনত ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে শেহতীয়া কোভিড মহামাৰীৰ সময়ত ৭৫ হাজাৰ টন ঘেহু আফগানিস্থানলৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছিল।
কিন্তু এই পৰিকল্পনা আৰু বিনিয়োগৰ মাজতে বৰ্তমানৰ আন্তৰ্ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ চৰ্চিত হৈছে আন এটা প্ৰসংগ। পুনৰ তালিবানৰ দখললৈ যাব নেকি আফগানিস্থান ? বিগত কেইসপ্তাহমানত তালিবানে ওচৰৰ ঠাইবোৰত আক্ৰমণ চলোৱা খবৰ ইতিমধ্যে সম্প্ৰচাৰ হৈছে বিভিন্ন আন্তৰ্ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। বাতৰি প্ৰকাশিত হৈছে যে আফগানিস্থানত তালিবানে পুনৰ চলাইছে সামৰিক সঞ্চালন। এই আক্ৰমণৰ ফলত নিহত হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী । তালিবানে দাবী কৰিছে যে বান্ধটোৰ চাৰিওফালৰ এলেকা এতিয়া তেওঁলোকৰ নিয়ন্ত্ৰণত আছে।

তালিবানৰ সম্ভাৱ্য বিজয়ে কেৱল আফগানিস্থানত ভাৰতৰ কূটনৈতিক অংশীদাৰিত্বৰ প্ৰতিয়েই নহয়,বৰঞ্চ বিভিন্ন প্ৰকল্পত ভাৰতে বিনিয়োগ কৰা প্ৰায় ৩ বিলিয়ন ডলাৰ অৰ্থাৎ ২২ হাজাৰ কৌটিৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পলৈও ভাবুকি কঢ়িয়াই আনিছে ৷ লগে লগে বিগত ২০ বছৰীয়া সম্পৰ্কৰ বিপৰীতে নতুন সম্পৰ্ক সমীকৰণো আৰম্ভ হৈছে আফগানিস্থানৰ সৈতে? এনে পৰিস্থিতিত ভাৰত আৰু আফগানিস্থানৰ সম্পৰ্ক আৰু বানিজ্যিক চুক্তি সমূহে কি ৰূপ ধাৰণ কৰে , সেয়া হ’ব লক্ষ্যনীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.