কোভিডক লৈ নতুন সমীক্ষাত কি তথ্য প্ৰকাশ পালে ?

Share This Article

ভাৰতত অধিক সংক্ৰামক হৈ পৰিছে কোভিডৰ ডেল্টা ভেৰিয়েন্ট ৷ দেশৰ কোভিড আক্ৰান্তসকলৰ ৮৯ শতাংশৰ দেহত ধৰা পৰিছে ডেল্টা ভেৰিয়েন্টৰ উপস্থিতি ৷ পুণেস্থিত নেচনেল ইন্সটিটিউট অব ভাইৰ’লজীৰ শেহতীয়া এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিষ্ঠানটোৱে ৬৭৭ গৰাকী ডেল্টা ভেৰিয়েন্ট সংক্ৰমিত লোকক লৈ এক সমীক্ষা চলাইছিল ৷ এই সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি , আক্ৰান্তসকলৰ ৪৮২ গৰাকীৰ দেহত কোভিডৰ লক্ষণ ফুটি উঠিছিল ৷ ৭১ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় আৰু ৩ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে ৷  আক্ৰান্তসকলৰ ৬৯ শতাংশ আক্ৰান্তই জ্বৰত ভুগিছিল , ৫৬ শতাংশৰ মূৰ আৰু গাৰ বিষ  , ৪৫ শতাংশৰ কাহ , ২২ শতাংশৰ গোন্ধ আৰু সোৱাদ নোপোৱা আৰু ৬ শতাংশৰ ডায়েৰীয়াৰ লক্ষণ ফুটি উঠিছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.