আফগানিস্থানত তালিবানৰাজ চলিব নেকি ?

Share This Article

আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে আফগানিস্থানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই তালিবানে পুনৰ এবাৰ আৰম্ভ কৰিছে সক্ৰিয় সামৰিক সঞ্চালন। এটাৰ পিছত এটা অঞ্চল দখল কৰি গৈছে দুৰ্ধৰ্ষ তালিবানে। উল্লেখ্য যে , বুধবাৰে পাকিস্তানৰ সীমান্তমুখী কান্ধাৰ প্ৰদেশৰ স্পিন বলদাক চহৰখন দখল কৰে। অৱশ্যে কেইঘণ্টামানৰ ভিতৰতে আফগান সেনাই অঞ্চলটো পুনৰুদ্ধাৰ কৰিছে বুলি দাবী উত্থাপন কৰে। কিন্তু, তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে আফগান প্ৰশাসনৰ এই দাবী অৰ্থহীন বুলি নস্যাৎ কৰি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে যে, “অঞ্চলটো আমাৰ। কাবুল প্ৰশাসনৰ এই দাবী ভিত্তিহীন। প্ৰচাৰ কেৱল মাত্ৰ এটা ৰণনীতি।”

আমেৰিকাই মে মাহৰ আৰম্ভণিৰে পৰা আফগানিস্থানৰ পৰা সৈন্য আঁতৰ কৰিবলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰপতি জো বাইডেনে কৈছিল যে প্ৰক্ৰিয়াটো ১১ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। কিন্তু তেতিয়াৰ পৰা, দুৰ্ধৰ্ষ তালিবানে সমগ্ৰ দেশতে নিজৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি কৰিছে। তেওঁলোকে ইতিমধ্যে ইৰাণৰ সীমান্তৱৰ্তী ইছলাম কালা আৰু তুৰ্কমেনিস্তান সীমান্তমুখী তোৰঘুন্দি চহৰো দখল কৰিছে। গজনীত তালিবানৰ আক্ৰমণৰ সন্মুখীন হৈ আফগান প্ৰশাসনো পিছুৱাবলৈ বাধ্য হৈছে । এইবাৰ পাক সীমান্তৰ দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ চহৰ স্পিন বলডাক তালিবানে দখল কৰাৰ শংকা প্ৰকাশ কৰিছে পাকিস্তানে।

উত্তেজনা এৰাই চলিবলৈ স্পিন বলদাকৰ চমন এলেকাটো বন্ধ কৰি দিছে পাকিস্তান প্ৰশাসনে। এই সীমান্ত চহৰসমূহ আফগানিস্থানৰ উপাৰ্জনৰ অন্যতম ৰাষ্ট্ৰীয় উৎস। গতিকে এইবোৰ উগ্ৰপন্থীৰ প্ৰথম লক্ষ্য বুলি বিশ্বাস কৰা হয়।
ইয়াৰ সমান্তৰাল ভাৱে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুচে আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ সিদ্ধান্তক “ভুল” বুলি বিবেচনা কৰিছে। তেওঁ বুধবাৰে জাৰ্মান সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল। তেওঁ লগতে আশা কৰিছিল যে জাৰ্মান শ্বেঞ্চেলৰ এঞ্জেলা মাৰ্কেল এই বিষয়ত সন্মত হ’ব। ২০০১ চনত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জৰ্জ বুশ্বে আফগানিস্থানলৈ সৈন্য প্ৰেৰণ কৰিছিল। বৰ্তমানৰ বাইডেন চৰকাৰে প্ৰায় দুটা দশকৰ পিছত সৈন্য স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সন্দৰ্ভত বুশ্বে কয় যে , “সৈন্য অপসাৰণে আফগান মহিলাসকলৰ অবৰ্ণনীয় ক্ষতি কৰিব। সাধাৰণ মানুহক নিষ্ঠুৰ মানুহে বলি দিব বুলি ভাবি মোৰ হৃদয় কঁপি উঠিছে।”অৱশ্যে আমেৰিকাৰ সেনা প্ৰত্যাহাৰে আফগানিস্থান কিম্বা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কি প্ৰভাৱ পেলাব সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.