কোনে হাস্পতাল নিৰ্মানৰ নামত ২.৪০ কৌটি ব্ৰক্ষ্মপুত্ৰত পেলালে ?

Share This Article

বিধানসভাত কেগে দাখিল কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে স্বাস্থ্যখণ্ডৰ বহু অনিয়মৰ তথ্য ৷ কেনেদৰে চিকিৎসালয় নিৰ্মানৰ নামত কৌটি কৌটি টকাৰ অপচয় কৰা হৈছে , সেয়া প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে ৷ আনকি ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহাজ হাস্পতাল নিৰ্মানৰ নামতো পানীত পেলোৱা হ’ল ২ কৌটি ৪০ লাখ টকা ৷ কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে , ২০০৯ চনত ভাৰত চৰকাৰৰ পুঁজিৰে অসমত নিৰ্মান কৰিবলৈ লোৱা হৈছিল এখন জাহাজ হাস্পতাল ৷ “ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহাজ অস্পতাল নিৰ্মান “ এই প্ৰকল্পটোৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমান আছিল মুঠ ৪ কৌটি টকা ৷ কিন্তু ২ কৌটি ৪০ লাখ টকা ব্যয় কৰাৰ পাছত প্ৰকল্পটো বছৰ বছৰ ধৰি অসম্পূৰ্ণ ৰূপত পেলাই থৈ দিয়া হ’ল ৷ অৰ্থাৎ জাহাজ অস্পতাল নিৰ্মানৰ ধনো ব্ৰক্ষ্মপুত্ৰৰ পানীতে উটি গ’ল ৷ কেগে এই প্ৰকল্পটোক অসম্পূৰ্ণ আৰু অফলপ্ৰসূ বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক ক্ষিপ্ৰগতিত সম্পূৰ্ণ কৰি তুলিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

thecrosscurrent
পৰিত্যক্ত প্ৰকল্পৰ ছবি

কি আছিল জাহাজ হাস্পতাল নিৰ্মান প্ৰকল্প ?

২০০৯ চনত ভাৰত চৰকাৰৰ ড’নাৰ মন্ত্ৰালয়ে ব্ৰক্ষ্মপুত্ৰ নদীত জাহাজ হাস্পতাল নিৰ্মানৰ এক অভিলাষী প্ৰকল্পৰ বাবে মুঠ ৪ কৌটি টকাৰ অনুমোদন দিছিল ৷ ইয়াৰে জাহাজ নিৰ্মানৰ বাবে আগবঢ়োৱা হৈছিল ৩ কৌটি টকা আৰু অন্যান্য সা- সজুলি ক্ৰয়ৰ বাবে ১ কৌটি টকা ৷ এই প্ৰকল্প ৰূপায়নৰ দায়িত্ব লাভ কৰিছিল ‘চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডীজ এণ্ড পলিচী ৰিচাৰ্চ ‘ নামৰ এন জি অ’ টোৱে ৷ প্ৰকল্পটোৰ নাম দিয়া হৈছিল আশা ৷ ২০০৯ চনৰ নৱেম্বৰ মাহত ‘চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডীজ এণ্ড পলিচী ৰিচাৰ্চ ‘ ৰ লগত ভাৰত চৰকাৰৰ যাৱতীয় চুক্তি স্বাক্ষৰ কৰা হয় ৷ ইয়াৰ পাছত ড’নাৰ মন্ত্ৰালয়ে ২০০৯ চনত প্ৰথম কিস্তিত ৪০ লাখ টকা আৰু ২০১২ চনত দ্বিতীয় কিস্তিত ২.২০ কৌটি টকা মোকলাই দিয়ে ৷ ড’নাৰ মন্ত্ৰালয়ৰ নথিত এই কথা অতি স্পষ্টকৈ উল্লেখ আছে ৷

 

কি অৱস্থাত আছে জাহাজ হাস্পতাল ?

ভাৰত চৰকাৰৰ পৰা ‘চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডীজ এণ্ড পলিচী ৰিচাৰ্চ ‘য়ে মুঠ ২.৪০ কৌটি টকা লাভ কৰাৰ ৮ বছৰ পাৰ হৈ গ’ল ৷ কিন্তু ৮ বছৰ পাছতো জাহাজ হাস্পতাল নিৰ্মানৰ কাম আধও সম্পূৰ্ণ নহ’ল ৷ ২০১৮ চনত ভাৰত চৰকাৰে অসম্পূৰ্ণ অৱস্থাতে প্ৰকল্পটোৰ নিৰ্মান বন্ধ কৰি দিয়া বুলি ঘোষণা কৰিছে ৷ কেগে নিজৰ প্ৰতিবেদনত ইয়াৰ কাৰণ হিচাপে উল্লেখ কৰিছে যে যোগ্যতা নিৰ্ণয় নকৰাকৈ এটা এন জি অ’ক কামৰ দায়িত্ব  প্ৰদান কৰাৰ বাবেই প্ৰকল্পটো আধৰুৱা হৈ ৰ’ল ৷

এন জি অ’ত কোন কোন আছে ?

সঞ্জয় হাজৰিকা

‘চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডীজ এণ্ড পলিচী ৰিচাৰ্চ ‘ নামৰ এন জি অ’টোৱে লাভ কৰিছিল ব্ৰক্ষ্মপুত্ৰত জাহাজ হাস্পতাল নিৰ্মানৰ দায়িত্ব ৷ এই এন জি অ’টোৰ মুখ্য ন্যাসৰক্ষী হ’ল সঞ্জয় হাজৰিকা ৷ তেও দেশৰ এগৰাকী প্ৰখ্যাত সাংবাদিক ৷ কেবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থৰ লেখক ৷ আন আন ন্যাসৰক্ষীসকল হ’ল – ভাৰত চৰকাৰৰ প্ৰাক্তণ গৃহ সচিব জি কে পিল্লাই , নাগালেণ্ডৰ সমাজকৰ্মী নিকেতু ইৰালু , মেঘালয়ৰ সাংবাদিক পেট্ৰিছিয়া মুখীম , কটন কলেজৰ প্ৰাক্তণ অধ্যাপিকা মেহফুজা ৰহমান , ৰাজ্যিক তথ্য আয়ুক্ত এইচ এছ দাস আৰু জুবানৰ প্ৰাক্তণ কনছাল্টিঙ এডিটৰ প্ৰীতি গীল ৷

কেগৰ পৰামৰ্শ কি ?

ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহাজ হাস্পতাল  নিৰ্মানৰ ধন যদিও ভাৰত চৰকাৰৰ ড’নাৰ মন্ত্ৰালয়ে প্ৰদান কৰিছিল , প্ৰকল্পটো নীৰিক্ষণ কৰাৰ দায়িত্বত আছিল অসম চৰকাৰ ৷ কিন্তু অসম চৰকাৰৰ অমনোযোগিতাৰ বাবেই আজিও প্ৰকল্পটো আধৰুৱা হৈ ৰ’ল ৷ সেয়ে কেগে পৰামৰ্শ আগবঢ়াইছে যে ভাৰত চৰকাৰৰ নিৰ্দেশাৱলী ৰক্ষা কৰি অসম চৰকাৰে ক্ষিপ্ৰ গতিত প্ৰকল্পটোৰ ৰূপায়ন সম্পূৰ্ণ কৰিব লাগে ৷

আমাৰ প্ৰশ্ন –

  • দেশৰ প্ৰখ্যাত সাংবাদিক , আমোলাৰ নাম জড়িত হৈ থকা বাবেই যোগ্যতা নিৰূপণ নকৰাকৈ এটা এন জি অ’ক অভিলাষী প্ৰকল্প ৰূপায়নৰ দায়িত্ব দিয়া হৈছিল নেকি ?
  • নিজৰ প্ৰভাৱ আৰু ক্ষমতাৰ সুবিধা লৈ এন জি অ’টোৱে প্ৰকল্পৰ ধন আত্মসাৎ কৰাৰ অভিষন্ধি ৰচনা কৰিছিল নেকি ?
  • কিয় অসম চৰকাৰে প্ৰকল্পটোৰ ৰূপায়নৰ কাম সঠিকভাৱে নীৰিক্ষণ নকৰিলে ?
  • ২.৪০ কৌটি টকা পানীত পেলোৱা ‘চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডীজ এণ্ড পলিচী ৰিচাৰ্চ ‘ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ?
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.