সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্থানত নিহত ভাৰতীয় সাংবাদিক

আফগানিস্থানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ লগে লগে অশান্ত হৈ উঠিছে দেশখন ৷ পুণৰ আৰম্ভ হৈছে তালিবানৰ উপদ্ৰৱ ৷একাধিক স্থানত আফগানিস্থান সেনাৰ লগত তালিবানৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাতৰি আহিছে ৷ এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ হোৱা সময়তে নিহত হৈছে পুলিৎজাৰ বটা বিজয়ী ভাৰতীয় চিত্ৰ সাংবাদিক দানিশ ছিদ্দিকী ৷ আফগানিস্থানৰ স্পিন বলদাক অঞ্চলত কৰ্মৰত আছিল ভাৰতীয় সংবাদিকগৰাকী ৷ তেও ৰয়টাৰৰ হৈ আফগানিস্থানৰ যুদ্ধৰ ফটো সংগ্ৰহৰ কামত নিয়োজিত হৈ আছিল ৷ উল্লেখ্য যে , ২০১৯ চনত ৰহিঙীয়াসকলক কৰা নিৰ্যাতনৰ ফটোৰ বাবে তেও লাভ কৰিছিল পুলিৎজাৰ পুৰষ্কাৰ ৷

Leave A Reply

Your email address will not be published.