আফগানিস্থানত নিহত ভাৰতীয় সাংবাদিক

Share This Article

আফগানিস্থানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ লগে লগে অশান্ত হৈ উঠিছে দেশখন ৷ পুণৰ আৰম্ভ হৈছে তালিবানৰ উপদ্ৰৱ ৷একাধিক স্থানত আফগানিস্থান সেনাৰ লগত তালিবানৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাতৰি আহিছে ৷ এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ হোৱা সময়তে নিহত হৈছে পুলিৎজাৰ বটা বিজয়ী ভাৰতীয় চিত্ৰ সাংবাদিক দানিশ ছিদ্দিকী ৷ আফগানিস্থানৰ স্পিন বলদাক অঞ্চলত কৰ্মৰত আছিল ভাৰতীয় সংবাদিকগৰাকী ৷ তেও ৰয়টাৰৰ হৈ আফগানিস্থানৰ যুদ্ধৰ ফটো সংগ্ৰহৰ কামত নিয়োজিত হৈ আছিল ৷ উল্লেখ্য যে , ২০১৯ চনত ৰহিঙীয়াসকলক কৰা নিৰ্যাতনৰ ফটোৰ বাবে তেও লাভ কৰিছিল পুলিৎজাৰ পুৰষ্কাৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.