সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

“পৰিৰ্বতিত ব্যৱস্থা আৰু আগ্ৰাসী সময়”

“নতুন প্ৰজন্মটোৱে বিশ্বায়নৰ মোকাবিলা কৰিছে কেনেকৈ? এফালে নৈতিকতা, আৰু আনফালে বিশ্বায়ন, এই দুই দন্দ্বৰ মাজত পাৰিছেনে অৰ্থনৈতিক, সামাজিক অথবা সাংস্কৃতিক পুঁজি সংগ্ৰহ কৰিব? আচলতে এই তিনিওবিধ পুঁজিকে বিশ্বায়নে প্ৰত্যক্ষভাৱে হস্তগত কৰি পেলালে । এক কথাত কৰ্পৰেটৰ হাতলৈ গ’ল । কৰ্পৰেটেই হৈ পৰিল পুঁজি যোগানৰ একমাত্ৰ মাধ্যম । কাৰ কি গুণ আছে, কাৰ কি কৰিব পৰা ক্ষমতা আছে, সকলো নিৰ্ধাৰণ কৰি সকলোকে এক বৃহৎ গোলকীয় পুঁজিৰ অন্তৰ্ভুক্ত কৰি পেলালে । এই গোলকীয় পুঁজি কোনো নৈতিকতা নামানে । কেৱল যদি মানে সেয়া হৈছে বজাৰ দখলৰ কৌশল সমূহ,” লিখিছে দেৱব্ৰত গগৈয়ে

দেৱব্ৰত গগৈ  

 

 

 

 

- Donation -

বিগত কেইটামান দশকৰ পৰা অসমত গাঁৱৰ পৰা চহৰলৈ যোৱাৰ প্ৰৱণতা অধিক বৃদ্ধি পোৱা দেখা গৈছে। প্ৰায় ৯০ৰ দশকৰ শেষৰ ফালৰ পৰা অসমৰ গাঁৱে-ভূঞে থকা সীমিত শিক্ষিত মহলটোৱে ব্যাপকৰূপে নগৰীয় জীৱন এটাৰ অনুসন্ধানত চহৰমুখী হোৱাৰ ছবিখন স্পষ্ট হৈ উঠে । উল্লেখিত এই চহৰমুখী শব্দটো আমি এক সম্পূৰ্ণ নগৰীকৰণ আৰু উদ্যোগীকৰণৰ মফচলৰ সংজ্ঞাৰে নিৰ্ধাৰণ কৰিব বিচৰা নাই। এই সংজ্ঞাই পৰম্পৰাগত কৃষিভিত্তিক এখন সমাজৰ পৰা উলাই আহি তুলনামূলকভাৱে সামান্য কিছু সা-সুবিধা থকা এক অঞ্চলকহে বুজাইছে। আচলতে চহৰ শব্দটোৱে চহা ৰাইজৰ সংঘবদ্ধ এক মফচল বা অঞ্চলকহে প্ৰতিনিধিত্ব কৰে। এই অঞ্চলৰ লগত পৰম্পৰাগত সমাজখনে সকলো দিশতে প্ৰায়ে সহাৱস্থান কৰে বুলিয়ে ক’ব পাৰি। ৰীতি-নীতি, সাংস্কৃতিক মূল্যবোধ, নৈতিকতা, প্ৰথা-পৰম্পৰা, আচাৰ-আচৰণ, সকলো ক্ষেত্ৰতে বৰ বেছি পাৰ্থক্য নাই। কিয়নো চহৰমুখী হোৱা এই শিক্ষিত মধ্যবিত্তীয় চামটোৰ কৈশোৰ, শৈশৱ, কিম্বা জীৱনক বুজি উঠাৰ অমূল্য সময়খিনিয়েই একাত্ম হৈ আছে গাঁৱৰ ধূলি-বালি, আকাশ-বতাহ, বায়ু-পানীৰ মাজতেই। গাঁৱৰ কঠোৰ বাস্তৱতাক পাৰ কৰি অৱশেষত তেওঁলোকে পাইছে অৰ্থনৈতিকভাৱে কিছু সকাহ। একে সময়তে গোটাই লৈছে সামাজিক আৰু সাংস্কৃতিক পুঁজি। এই অৰ্থনৈতিক, সামাজিক, আৰু সাংস্কৃতিক পুঁজিয়ে তেওঁলোকক গাঁওখনৰ ভিতৰতে দিছে এক সুকীয়া স্থান। কিন্তু এই সুকীয়া স্থানেই তেওঁলোকক লৈ গৈছে গাঁওখনৰ পৰা কিছু দূৰলৈ, ওপৰত উল্লেখিত চহৰখনৰ পৰিসৰলৈ। কিয়নো বিশ্বায়ন আৰু নব্য-উদাৰবাদী ব্যৱস্থাই ক্ৰমান্বয়ে আনি দিয়া নব্য-নতুন ব্যৱস্থাত টিকি থাকিবলৈ হ’লে সামাজিক সচলতাৰ হেঁচাত গাঁওখন এৰি অহাটো তেওঁলোকৰ বাবে খুবেই জৰুৰী। তেওঁলোকৰ সপোন, তেওঁলোকে যিমানদূৰ সম্ভৱ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পুঁজি গোটালে, আৰু যি গোটাব নোৱাৰিলে (বা সক্ষম নহল), তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব তেওঁলোকৰ পৰবৰ্তী প্ৰজন্মই। পৰিণতিত এফালে বিশ্বায়নৰ আৰম্ভণিতে নিজৰ অৰ্থনৈতিক সামৰ্থ্য যি পাৰে অৰ্জন কৰিলে আৰু একে সময়তে পূৰ্বৰে পৰা যি সামাজিক আৰু সাংস্কৃতিক পুঁজি আছিল তাৰ সহায়ত এক সুকীয়া স্থানো বৰ্তাই ৰাখিবলৈ সক্ষম হ’ল আপোন গাঁওখনত। অৰ্থাৎ ক’ব পাৰি যে, তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক পুঁজিৰ গুৰুত্ব কেৱল গাঁওখনতেই সীমাৱদ্ধ থাকিল। সেয়ে চহৰত বাস কৰিলেও তেওঁলোকে গাঁৱৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতহে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিবলৈ ভাল পালে। অথবা, চহৰখনত এনেদৰে গোট খোৱা মানুহ বোৰে নতুন যি আচাৰ-অনুষ্ঠান গঢ়ি তুলিলে তাৰো মূল ভেঁটি বা আধাৰো হৈ থাকিল গাঁওখনেই।

কিন্তু একবিংশ শতিকাৰ পৰিবৰ্তিত সমাজব্যৱস্থাত এই পুঁজিৰ গুৰুত্ব নাইকিয়া হৈ পৰিল বা খাপ খাব নোৱাৰা হৈ পৰিল। ইয়াৰ কাৰণ হ’ল যে, ক্ৰমান্বয়ে বিশ্বায়নে চিনাকি কৰাই দিয়া নব্য-নতুন মাধ্যমসমূহৰ ব্যৱহাৰ কৰাটো তেওঁলোকৰ বাবে জটিল। এক কথাত গোলকীয় বজাৰমুখী ব্যৱস্থাত পোনচাটেই আউট হৈ গ’ল এই প্ৰজন্মটো। কিন্তু তাৰ পৰিৰ্বতে আমি আগতে উল্লেখ কৰি অহা পৰবৰ্তী প্ৰজন্মটোৰ বাবে এয়া তেনেই সাধাৰণ হৈ পৰিল। গাঁৱৰ আকাশ-বতাহ, বায়ু-পানীৰ মাজত শৈশৱ-কৈশোৰ পাৰ নকৰা এই প্ৰজন্মটোৱে সেয়ে স্বাভাৱিকতেই কেতিয়াও বিচাৰি নাথাকিল গাঁৱৰ কেঁচা মাটিৰ গোন্ধ। তেওঁলোকে অতি সহজভাৱেই আদৰি ল’ব পাৰিলে নতুন নতুন মাধ্যম, নতুন প্ৰযুক্তি আৰু নতুন বিশ্বায়নমুখী ব্যৱস্থা। ইয়াৰ ফলত আগৰ প্ৰজন্মটোৰ সন্মুখত থিয় দিলে দুটা সমস্যাই। এফালে বিশ্বায়নৰ সন্মুখত তিষ্ঠিব নোৱাৰা তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা আৰু আনফালে তেওঁলোকৰ আৰ্জিত সামাজিক-সাংস্কৃতিক পুঁজিৰ ক্ৰমান্বয়ে হৈ পৰা গুৰুত্বহীনতা। চকুৰ সন্মুখতে হোৱা এনে বিপৰ্যয়ক তেওঁলোকে সহজভাৱে লব নোৱাৰিলে। আৰু এনে বিপৰ্যয়ক প্ৰ্ৰতিহত কৰিবলৈ সহায় লোৱা হল নৈতিকতাৰ । নৈতিকতাৰ কথা দোহাই দি প্ৰথম অৱস্থাত নতুন মাধ্যমসমূহৰ ব্যৱহাৰত দিয়া হল বাধা । অথচ তেওঁলোকেই সপোন দেখিছিল যে তেওঁলোকে উপাৰ্জন কৰা অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পুঁজিক আগুৱাই নিব পৰবৰ্তী প্ৰজন্মই। সেয়ে মাজে সময়ে “নৱ প্ৰজন্মৰ স্খলন” জাতীয় আলোচনা শুনিবলৈ পোৱাটো একেবাৰেই স্বাভাৱিক বুলি ক’ব পাৰি। এই নৈতিকতাই পৰম্পৰাগত আচাৰ-ব্যৱহাৰ সমূহ প্ৰতিনিধিত্ব কৰে । ইয়াৰ অলপমাণো হেৰফেৰ হ’লেই সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ, বিস্ফোৰিত হয় এখন সমাজ। এই নৈতিকতা ইমানেই শক্তিশালী যে সাহিত্য, শিল্প, ৰাজনীতি সকলোতে ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই আছে। যেনেকৈ নেতা হ’বলৈ হ’লে ধুনীয়া সাজপাৰ পিন্ধা, অমায়িক, মাত-কথা ভাল হ’ব লাগিব (লাগিলে তেওঁ যিমানেই ভ্ৰষ্টাচাৰত লিপ্ত নহওক কিয়); শিল্পী হ’লে বুলিয়েই চুলি দীঘল কৰা অথবা দুযোৰৰ দুপাত জোতা পিন্ধা হ’লে নহ’ব, কেঁচা মাটিৰ গোন্ধ থকা গানহে গাব পাৰিব; চিত্ৰকৰ হ’লে তথাকথিত অশ্লীল ছবি অঁকাটো নিষেধ; কবিতা, গল্প বা উপন্যাস লিখিলে সদায়ে গাঁৱৰ সেউজীয়া পথাৰ–নদী–জোনাকী পৰুৱা অথবা সহজ সৰল মনৰ মানুহবোৰৰ কথা লিখিব লাগিব, ইত্যাদি ইত্যাদি। এই নৈতিকতাই বান্ধি দিয়ে আকৌ এক শক্তিশালী জাতীয়তাবাদকো ।

কিন্তু এই খিনিতে প্ৰশ্ন হয়, নতুন প্ৰজন্মটোৱে বিশ্বায়নৰ মোকাবিলা কৰিছে কেনেকৈ? এফালে নৈতিকতা, আৰু আনফালে বিশ্বায়ন, এই দুই দন্দ্বৰ মাজত পাৰিছেনে অৰ্থনৈতিক, সামাজিক অথবা সাংস্কৃতিক পুঁজি সংগ্ৰহ কৰিব? আচলতে এই তিনিওবিধ পুঁজিকে বিশ্বায়নে প্ৰত্যক্ষভাৱে হস্তগত কৰি পেলালে । এক কথাত কৰ্পৰেটৰ হাতলৈ গ’ল । কৰ্পৰেটেই হৈ পৰিল পুঁজি যোগানৰ একমাত্ৰ মাধ্যম । কাৰ কি গুণ আছে, কাৰ কি কৰিব পৰা ক্ষমতা আছে, সকলো নিৰ্ধাৰণ কৰি সকলোকে এক বৃহৎ গোলকীয় পুঁজিৰ অন্তৰ্ভুক্ত কৰি পেলালে । এই গোলকীয় পুঁজিয়ে কোনো নৈতিকতা নামানে । কেৱল যদি মানে সেয়া হৈছে বজাৰ দখলৰ কৌশল সমূহ । বজাৰ দখলৰ এই কুঁচকাৱাজে আনি দিলে নগৰীকৰণ, উদ্যোগীকৰণ । চহৰৰ ধাৰণা পৰিবৰ্তন হৈ বিকাশ হল নগৰীকৰণৰ ধাৰণা । একে সময়তে প্ৰযুক্তি আৰু যোগাযোগ ব্যৱস্থাৰ সহজলভ্যতাই পৰিচয় কৰাই দিলে নিত্য নতুন কথাৰ লগত, নতুন সংস্কৃতিৰ লগত । আৰু পৰিণতিত এই নতুন প্ৰজন্মটোৱে ঢাপলি মেলিবলৈ আৰম্ভ কৰিলে গোলকীয় পুঁজিৰ মাজলৈ । কিন্তু কৰ্পৰেটৰ পুঁজি দখলৰ প্ৰতিযোগিতাৰ মাজত স্বাভাৱিকতেই ধৰাশায়ী হৈ পৰিল নতুন প্ৰজন্ম । ব্যক্তিগত সকলো সত্বা পৰিহাৰ কৰি কৰ্পৰেটৰ লাভৰ স্বাৰ্থত একাকাৰ হব লগা হ’ল । বিসৰ্জন দিবলৈ বাধ্য হল আগৰ প্ৰজন্মই অভ্যাসত পৰিণত কৰোৱা সকলো নৈতিকতা । এফালে বিশ্বায়নে ক্ৰমান্বয়ে দি অহা নব্য-নতুন পৰিৱেশৰ লোভ, আৰু আনফালে দুৰ্বল অৰ্থনৈতিক স্থিতি । এই দুয়োটাৰে মোকাবিলা কৰিবলৈ যাওঁতে অৱশেষত কৰ্পৰেট গোষ্ঠীৰ ওচৰত হাত পাতি সামাজিক আৰু সাংস্কৃতিক পুঁজি সংগ্ৰহৰ কথা ক’ৰবাত দলিয়াই দিবলৈ বাধ্য হ’ল । সেয়ে এই বাস্তৱতাৰ পৰা আঁতৰি সকলো ক্ষেত্ৰতে তাহানিৰ সহজ সৰল গাঁৱৰ ছবি বিচাৰি থকাটো সময়োপযোগী নিশ্চয় নহ’ব ।

আজিকালি বহুলভাৱে প্ৰচলিত ষ্টেণ্ড আপ কমেডী শ্ব’ সমূহৰ এটা বিশেষ তাৎপৰ্য থকা দেখা যায় । এই শ্ব’ সমূহে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নতুন প্ৰজন্মৰ অধিকাংশকে । এনেধৰণৰ অনুষ্ঠান সমূহত কোনে কি পৰিৱেশন কৰে সেয়া বেলেগ কথা । কিন্তু প্ৰশ্ন হয়, এই শ্ব’ সমূহ কিয় ইমান জনপ্ৰিয় হৈছে, কিয় এই শ্ব’ সমূহে আকৰ্ষণ কৰিব পাৰিছে এক বৃহৎ দৰ্শক গোষ্ঠীক । এই প্ৰশ্ন সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক প্ৰশ্ন । ইয়াৰ নিৰ্দিষ্টকৈ বা সৰলীকৃত উত্তৰটোৱে হব যে, মানুহৰ হাতত হাঁহিবলৈও সময় আৰু সুযোগৰ অভাৱ । কেৱল হাঁহিবলৈকে নহয়, কান্দিবলৈও সময়ৰ অভাৱ । দিল্লী, হায়দৰাবাদ, বেংগালুৰু আদিত কৰ্পৰেট গোষ্ঠীত কৰ্মৰত এজন লোকৰ বাবে এয়া বাস্তৱ সত্য । প্ৰাণ খুলি হাঁহিবলৈ মাত্ৰ এটা অজুহাত লাগে । কিন্তু বৰ্তমানৰ কৰ্পৰেট মডেলৰ জীৱনাৱস্থাত এই অজুহাতৰে যে অভাৱ হৈ পৰিছে । সেয়ে এই অভাৱ পূৰ কৰিবলৈ সক্ষম হৈছে ষ্টেণ্ড আপ কমেডী শ্ব’ সমূহে । আৰু তাৰ বাবে প্ৰয়োজন হয় নগদ ধনৰ । ধন দিলেহে এই শ্ব’ সমূহ উপভোগ কৰিব পাৰি । অৰ্থাৎ হাঁহিবলৈও মানুহক প্ৰয়োজন হৈ পৰিছে নগদ ধনৰ । এক কথাত হাঁহিও পৰিণত হৈছে এক পণ্যলৈ । এই শ্ব’ সমূহত ৰাজনীতি, অৰ্থনীতি, সামাজিক আদি বিভিন্ন বিষয়সমূহ সাঙুৰি লোৱা হয়। অতি সচেতনভাৱে আৰু হাস্যৰসেৰে ভৰপূৰ এনে কিছু শ্ব’য়ে দাঙি ধৰিবলৈ সক্ষম হয় বহু গুৰুত্বপূৰ্ণ বিষয় । কিন্তু বিষয় গুৰুত্বপূৰ্ণ হলেও ইয়াৰ দৰ্শক কিন্তু সেইসকলহে যিসকলে ধনৰ বিনিময়ত হাঁহিব লগীয়া হৈছে । সমাজ ৰাজনীতিৰ প্ৰতি এই দৰ্শক সকল যিমানেই সচেতন নহওক লাগিলে, পিছ মুৰ্হূততে এওঁলোকে পইচাৰ বাবে হাত পাতিব লগীয়া হৈ পৰিছে কৰ্পৰেটৰ ওচৰতে । এতেকে এই শ্ব’ সমূহে উত্থাপন কৰা বিষয় সমূহৰ কোনো দীৰ্ঘম্যাদী প্ৰভাৱ থাকিব পাৰে যেন নালাগে ।

এনে প্ৰক্ষাপটত পৰিবৰ্তিত সমাজ ব্যৱস্থাৰ প্ৰতিটো চৰিত্ৰ অৰাজনৈতিক দৃষ্টি কোণৰ পৰা চোৱাটো আমাৰ কাৰণে কোনোপধ্যেই সম্ভৱ নহয় । কিয়নো অতি পৰিকল্পিতভাৱে চলি থকা এই বিষয়সমূহেই নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰি আছে আমাৰ চৌপাশ ।

Leave A Reply

Your email address will not be published.