১০ আগষ্টৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়া

গুৱাহাটী, ৭ জুলাই: ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম পৰ্যায়ৰ (বাচনি তালিকা অনুসৰি) নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১০ আৰু ১১ আগষ্টত । উল্লেখিত তাৰিখৰ ৰাতিপুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ বিশ্ববিদ্যালয়খনৰ অফিছিয়েল ৱেবচাইটত অনলাইন যোগে নামভৰ্তি প্ৰক্ৰিয়া চলিব ।

ইপিনে বিশ্ববিদ্যালয়খনৰ ৱেবচাইটতে প্ৰথম পৰ্যায়ৰ বাচনি তালিকাৰ নামভৰ্তি সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ বাচনি তালিকা তথা নামভৰ্তিৰ দিন ঘোষণা কৰা হ’ব । এইক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ বাবে (EC আৰু DC ) ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ তাৰিখ পৃথককৈ ঘোষণা কৰা হ’ব ।

উল্লেখ্য যে নামভৰ্তিৰ সৈতে জড়িত নথি পত্ৰসমূহ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে পৰ্যবেক্ষণ কৰা হ’ব ।

অধিক তথ্য যেনে নামভৰ্তিৰ ব্যৱস্থা, বিষয় নিৰ্বাচন আৰু নামভৰ্তিৰ মাচুলৰ বিষয়ে জানিবলৈ কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট www.cottonuniversity.ac.in ত লাভ কৰিব পাৰিব ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296