Investigative reporting with dedication.

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিলে ‘নিয়া’ৰ আদালতে। চান্দমাৰী থানাৰ ১৩/১৯ গোচৰৰ শুনানিত ‘নিয়া’ৰ আদালতে ‘কা’ আন্দোলনৰ নেতা জনৰ জামিন নাকচ কৰে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জনোৱা মতে,ইয়াৰ পাছত তেওঁলোকে উচ্চ ন্যায়ালয়ত নেতা গৰাকীৰ জামিনৰ বাবে আবেদন কৰিব।
উল্লেখযোগ্য যে যোৱা ৭ মাহৰো অধিক সময় বন্দী হৈ থকা নেতাজনৰ মুক্তিৰ বাবে সমগ্ৰ অসম জুৰি মুক্তিৰ তীব্ৰ দাবী উত্থাপন হৈ আহিছে। যোৱা ডিচেম্বৰ মাহৰ ‘কা’ আন্দোলনৰ সময়ত সমগ্ৰ ৰাজ্য জুৰি হোৱা উত্তাল প্ৰতিবাদৰ মাজতে অখিল গগৈক চৰকাৰে দেশ দ্ৰোহী সজাই গ্ৰেপ্তাৰ কৰিছিল। বহু কেইটা গোচৰত জামিন লাভ কৰাৰ পাছতো চৰকাৰে বাৰে বাৰে নতুন গোচৰ জাপি দি নেতাজনক বন্দী কৰি ৰাখিব বিচৰাক সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে।




