সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দায়ী কোন? জবাবদিহি কোন?

“দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷”বিশ্বজিৎ বৰাৰ কলমত:দায়ী কোন? জবাবদিহি কোন?

বিশ্বজিৎ বৰা

- Donation -

চৰকাৰ ৰাষ্ট্ৰ নহয়৷ বিধানমণ্ডলী,ন্যায়পালিকা,আৰু কাৰ্যপালিকাকলৈ ৰাষ্ট্ৰ গঠিত, য’ত ন্যায়পালিকাৰ ক্ষমতাই চৰকাৰ আৰু সংসদ বা পাৰ্লিয়ামেণ্টৰ মাজত লিখিত আইনৰ নিৰৱচ্ছিন্নতা (continuity) সূচায়, যি আইন চৰকাৰৰ কাৰণেও সমান ৷ নাগৰিক সমাজত প্ৰতিষ্ঠিত আধিপত্যই ৰাষ্ট্ৰক সুৰক্ষা প্ৰদান কৰে আৰু ৰাষ্ট্ৰই দমনমূলক ৰাষ্ট্ৰযন্ত্ৰৰ নিৰ্মম প্ৰয়োগেৰে প্ৰভাৱশালী (dominant) শ্ৰেণীৰ আধিপত্য সুৰক্ষিত কৰি ৰাখে৷ ৰাষ্ট্ৰযন্ত্ৰৰ স্বৰূপো দুইধৰণৰ: দমনমূলক (repressive) আৰু মতাদৰ্শগত (ideological)। দমনমূলক ৰাষ্ট্ৰযন্ত্ৰবোৰ হৈছে চৰকাৰ, প্ৰশাসন, আৰ্মী, পুলিচ, আদালত, কাৰাগাৰ ইত্যাদি যি প্ৰধানতঃ আৰু অন্তিম পৰ্যায়ত হিংসা আৰু নিপীড়নৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ শাসনাধীন লোকক দমন কৰে৷ আনহাতে, মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰবোৰ হৈছে ধৰ্ম, শিক্ষা ব্যৱস্থা, পৰিয়াল ব্যৱস্থা, আইন ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, শ্ৰমিক সংঘ বা ট্ৰেড ইউনিয়ন, দূৰসংযোগ বা কমিউনিকেইশ্যনছ ব্যৱস্থা, আৰু সংস্কৃতি, যি প্ৰধানতঃ মতাদৰ্শৰ জৰিয়তে সমাজ ব্যৱস্থা পৰিচালিত কৰে৷
গতিকে মানৱীয়তাৰ খাতিৰত ৰাষ্ট্ৰৰ প্ৰতি আবেদন জনোৱাটো নিৰ্বুদ্ধিতাৰ বাহিৰে একো নহয়৷ ৰাষ্ট্ৰই মানৱীয়তা কি বুজি নাপায়, আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ পৰিপন্থী বুলি গণ্য কৰা সকলোকে নিজ ইচ্ছামতে দমনমূলক ৰাষ্ট্ৰযন্ত্ৰৰ হতুৱাই নিৰ্মমভাৱে পুলিয়ে-পোখাই উঘালিবলৈ কৃপণালি নকৰে৷
এনে এক সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থাত ৰাষ্ট্ৰৰ শাসনাধীন লোকৰ কোন মৰিব আৰু কোন জীয়াই থাকিব সেয়া ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰে৷ এই ক্ষেত্ৰত উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰৰ কাৰণে বিশেষকৈ দমনমূলক ৰাষ্ট্ৰযন্ত্ৰৰ বেআইনী প্ৰয়োগ অতি সহজ (অৱশ্যে দূৰসংযোগ ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ দৰে মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰৰো বেআইনী প্ৰয়োগৰ উদাহৰণ নিজৰ চৌপাশে এবাৰ চকু ফুৰালেই দেখা যায়), কাৰণ এই দমনমূলক ৰাষ্ট্ৰযন্ত্ৰ ঔপনিৱেশিক শাসনৰ উত্তৰাধিকাৰ, যি অতিবিকশিত (overdeveloped) আৰু যি উত্তৰ-ঔপনিৱেশিক সমাজ ব্যৱস্থাৰ বিকাশৰ সৈতে সুসম্বন্ধিত – গতিকে খাপ খোৱা – নহয়, অৰ্থাৎ যি আমাৰ সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত জৈৱিক বা অৰ্গেনিক নহয়৷
অৱশ্যে আজিৰ প্ৰসংগত আমাৰ মূধাফুটা নেতাই পলিটিকেল চায়েন্সত ডিগ্ৰী লৈ চৰকাৰকে ৰাষ্ট্ৰ কৰি পেলালে৷ আৰু চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই তাক ৰাষ্ট্ৰদ্ৰোহ কৰি পেলালে৷ গতিকে আমি সকলো প্ৰসংগতে চৰকাৰৰ পোনেই আঙুলি টোঁৱাম।
আজিৰ দিনত আমোলাতন্ত্ৰ, পুলিচ ব্যৱস্থা, সংবাদ মাধ্যমকে ধৰি গোটেইবোৰেই চৰকাৰৰ বহতীয়া, চৰকাৰ বাহাদুৰে যি কয় প্ৰভুভক্ত কুকুৰৰ দৰে সেয়া পালন কৰাকে গোটেইমখাই নিজৰ কৰ্তব্য বুলি মানি লয়৷ পুলিচ ব্যৱস্থা আৰু আমোলাতন্ত্ৰ কিদৰে চৰকাৰৰ বহতীয়া (বা ভৰি চেলেকা বুলি ক’লেও ভুল নহয়) সেই কথা পুনৰাই দোহৰোৱাৰ কোনো প্ৰয়োজন নাই, যি আমাৰ শাসন-ব্যৱস্থাৰে কালিমা৷ আজিৰ দিনত সংবাদ মাধ্যমৰ নিৰপেক্ষতা আৰু বস্তুনিষ্ঠতা তেহেলে গ’ল, গতিকে এতিয়া সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱাটো ধৃষ্টতাও নহয়, বৰং চিধাই মূৰ্খামিহে৷ সংবাদ মাধ্যম আজি হৈ পৰিছে ৰাজনীতিবিদৰ ইচ্ছানুসৰি বা প্ৰয়োজন অনুসৰি বাতৰি পৰিবেশন কৰাৰ প্ৰপাগণ্ডা মাধ্যম৷ দুৰ্ভাগ্যৰ কথা এয়ে যে ন্যায়ব্যৱস্থাও আজি চৰকাৰৰ গোলাম৷ লগতে ৰাষ্ট্ৰযন্ত্ৰৰ এজেণ্টবোৰ আছেই৷
সেয়ে আমাৰ দৃষ্টিত চৰকাৰেই দায়ী, চৰকাৰেই জবাবদিহি৷
অসমৰ প্ৰেক্ষাপটত আমি দেখি আহিছো যে জাতি–মাটি–ভেটিৰ গইনা লৈ ক্ষমতালৈ অহা বিজেপি চৰকাৰে পৰ্যায়ক্ৰমে আৰু সু-পৰিকল্পিতভাৱে জাতি–মাটি–ভেটি বেচি গৈ আছে৷ যদি ২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইনখন জাতিধ্বংসী বা জাতীয় সংহতি হত্যা কৰাৰ সু-পৰিকল্পিত ষড়যন্ত্ৰ, তেন্তে চন্দ্ৰমোহন পাটোৱাৰীয়ে শেহতীয়াকৈ ৰাজহুৱা কৰা প্ৰস্তাৱিত ভূমি অধ্যাদেশখন হৈছে চিধাই মাটি বেচাৰ সু-পৰিকল্পিত ষড়যন্ত্ৰ৷ এনেস্থলত কাইলৈ চৰকাৰী আশিষধন্য বণিয়া-পুঁজিপতিয়ে আপোনাৰ বা মোৰ ভেটিটোও যে কাঢ়ি নল’বহি, তাৰ কোনো মানে নাই৷
জাতি–মাটি–ভেটিৰ ঢোল পিটি ক্ষমতালৈ অহা বিজেপি চৰকাৰ আজি অসমৰ জনগণৰ ওচৰত জবাবদিহি হ’বলৈ বাধ্য৷
আমি সকলোৱে লগতে দেখি আহিছো, চৰকাৰৰ বিৰুদ্ধে মাত মতা সকলোকে ৰাষ্ট্ৰযন্ত্ৰৰ অপপ্ৰয়োগেৰে কিদৰে ভুৱা গোচৰৰ ওপৰত ভুৱা গোচৰ তৰি বন্দী কৰি ৰখা হৈছে৷ ৰাজনৈতিক বন্দীসকল আজি মানৱ অধিকাৰ বাৰু বাদেই, ন্যূনতম সাংবিধানিক বা আইনী অধিকাৰৰ পৰাও বঞ্চিত৷ আজি সাধাৰণ ৰাইজে প্ৰতিবাদৰ পন্থা গ্ৰহণ কৰিবলৈ কিয় বাধ্য হৈছে? চৰকাৰৰ নীচ স্বাৰ্থপৰতা, ৰাইজৰ স্বাৰ্থক পাত্তা নিদিয়া আৰু বিলাই-বিপত্তিক আওকাণ কৰা চৰিত্ৰ তথা সামগ্ৰিক বিফলতাৰ কাৰণেই নহয় জানো? গতিকে আজি অখিল, বিতু, ধৈৰ্যহঁতযে বিনা বিচাৰে কাৰাগাৰত বন্দী, তাৰ বাবে দায়ী কোন? জাতি–মাটি–ভেটিৰ ঢোল পিটি ক্ষমতালৈ আহি জাতি–মাটি–ভেটি বেচি দিয়া বিজেপি চৰকাৰেই নহয় জানো? গতিকে দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷
জয়ন্ত বড়াৰ হত্যাকাৰী কোন? জয়ন্ত বড়া এক সাধাৰণ যুৱকহে আছিল৷ তাক কিয় উঠাই লৈ গৈ ৰাষ্ট্ৰই বা ৰাষ্ট্ৰৰ দালালে হত্যা কৰিলে? তাৰ মানে শাসনাধীন ৰাইজৰ প্ৰাণৰ ওপৰত চৰম কৰ্তৃত্ব ৰাষ্ট্ৰৰে৷ সৰ্বানন্দ সোণোৱালে জয়ন্ত বড়াৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰা মানে একপ্ৰকাৰ নৈতিক দোষ স্বীকাৰ কৰা যে – ১) ৰাষ্ট্ৰই হৈছে জয়ন্ত বড়াৰ হত্যাকাৰী, আৰু ২) সাধাৰণ খাটি খোৱা ৰাইজক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ৷
বাঘজান যে আজি জ্বলি আছে তাৰ কাৰণে দায়ী কোন? নীতি সংস্কাৰ বা সংশোধনৰ নামত ন-কৈ গৃহীত নীতি-নিয়মবোৰ চালি-জাৰি চালে দেখা যায় যে জন এনাৰ্জি প্ৰাইভেট লিমিটেডৰ দৰে পূৰ্ব-অভিজ্ঞতা-শূন্য এটা কোম্পানীয়ে কিদৰে ঠিকা পালে৷ ২০০৫ চনত ডিকমত জুই লগাৰ পোন্ধৰ বছৰৰ পাছতো চৰকাৰ-কৰ্তৃপক্ষই একো নিশিকিলে, বিকাশ বিকাশ চিঞৰি টেটুফলা এই চৰকাৰৰ ওচৰত এই সন্দৰ্ভত কোনো বিশেষজ্ঞই নাই, অৰ্থাৎ এই চৰকাৰ ফোঁপজহী আৰু মিছলীয়া৷ গতিকে বাঘজানৰ কাণ্ডৰ বাবেও দায়ী বিজেপি চৰকাৰ৷
আমাৰ স্বাস্থ্যমন্ত্ৰী চিকিৎসাবিজ্ঞানী নহয়, শিক্ষামন্ত্ৰী শিক্ষাবিদ নহয়, যোগানমন্ত্ৰীয়ে সাৰ্বজনীন যোগান ব্যৱস্থাৰ বিষয়ে একো নাজানে৷ গতিকে আমাৰ দৃষ্টিত গণতন্ত্ৰ এতিয়াও মূৰ্খৰ চৰকাৰেই হৈ আছে৷
গতিকে ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ নামত সাধাৰণ খাটি খোৱা ৰাইজৰ কথা চিন্তা নকৰাকৈ অবিবেচকৰ দৰে তলাবন্ধ দি সকলোৰে হাৰাশাস্তি কৰাৰ কাৰণেও বিজেপি চৰকাৰেই দায়ী৷
কাৰ্ল স্মিটে ডিক্টেটৰশিপ্ গ্ৰন্থত মেকিয়াভেলিৰ প্ৰিন্স গ্ৰন্থখনৰ উদ্ধৃতি দি লিখিছিল যে মানুহ হৈছে সহজাতভাৱেই অসৎ বা দুৰ্বৃত্ত (“Human beings are by nature evil”)৷ মানুহক প্ৰাকৃতিকভাৱেই অসৎ বা দুৰ্বৃত্ত বুলি কৈয়েই বা অসৎ বা দুৰ্বৃত্তজনক কাম-কাজৰ প্ৰতি মানুহৰ প্ৰাকৃতিক প্ৰৱণতা আছে বুলি কৈয়েই ৰাষ্ট্ৰক আৰু ৰাষ্ট্ৰৰ অত্যাচাৰক নায্যতা প্ৰদান কৰা হয়৷ তথাপিও আমি অত্যুৎসাহী আশাবাদী যে মেকিয়াভেলিৰ এই ধাৰণা ভুল (অৱশ্যে চৌপাশে এবাৰ চকু ফুৰালেই আমাৰ আশাভংগ হয়), আৰু আমাৰ এই অহৌবলিয়া আশাই আমাক জীয়াই ৰাখে, অন্ততঃ ৰাষ্ট্ৰই নমৰালৈকে৷
বিজেপি চৰকাৰে কেৱল জাতি–মাটি–ভেটি বেচাই নহয়, সাধাৰণ ৰাইজক ভাতে মৰাৰ আৰু প্ৰতিবাদী কণ্ঠক প্ৰাণে মৰাৰ ষড়যন্ত্ৰ কৰিছে। আৰু এয়া বিজেপি চৰকাৰৰে ষড়যন্ত্ৰ। গতিকে এতিয়াও যদি কোনোবাই বিজেপি চৰকাৰৰ সপক্ষে মাত মাতে, তেনে মানুহক অৱশ্যে অসৎ বা দুৰ্বৃত্ত বুলিয়েই ক’ব লাগিব৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.