প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণত কিয় বিৰোধিতা একাংশ বিজেপি সাংসদৰ ?

Share This Article

হঠাৎ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণৰ বিষয়টোক লৈ সৰব হৈ উঠে বিজেপিৰ জ্যেষ্ঠ সাংসদ জগদাম্ভিকা পাল। শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা পাব্লিক একাউণ্ট কমিটি চমুকৈ(PAC) ত এইকথা কৈ শ’লঠেকত পৰে সাংসদ গৰাকী। যেন কেঁচু খান্দোতে সাপ ওলাল । দৰাচলতে PAC ৰ সভাপতি অৰ্থাৎ কংগ্ৰেছৰ সাংসদ অধিৰ ৰঞ্জন চৌধুৰীয়ে “কোভিড-১৯” আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে এখন আলোচনাৰ আয়োজন কৰিছিল। এই আলোচনাত PAC ৰ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ বিষয়ে এটা শব্দও কোৱা নাছিল। কিন্তু সেই আলোচনাত বিজেপিৰ সাংসদ গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিক লৈ কোনো ধৰণৰ আলোচনা বা হিচাপ পৰীক্ষণ নকৰো বুলি সৰব হোৱা দেখা পোৱা গ’ল। ইয়াৰ পাছতে PAC ৰ সভাপতি চৌধুৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ” হয়তো তেওঁলোকৰ মনত ভয় আছে যে কোভিড -১৯ ৰ কথা আলোচনা কৰাৰ লগে লগে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ কথাও আলোচনাৰ আওতালৈ আহিব বুলি ভাবিছে। সেয়েহে বিজেপিৰ নেতা সকলক সেই আচৰণ দেখা পোৱা গ’ল।”

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.