সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লকডাউনৰ মাজত বিশ্বৰ দহগৰাকী ধনী ব্যক্তি কেনেকৈ দুগুন ধনী হল

সোমবাৰে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে  অক্সফামে৷প্ৰতিবেদন অনুসৰি কোভিডে দুগুন ধনী কৰিলে বিশ্বৰ শীর্ষ দহগৰাকী ধনী ব্যক্তিক৷কোভিডৰ দুটা বছৰত শীর্ষ দহগৰাকী ধনী ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ ৭ শ বিলিয়ন ডলাৰ অর্থাৎ ৫১ লাখ ৯৭ হাজাৰ ১১৫ কোটি টকাৰ পৰা ১.৫ ট্ৰিলিয়ন ডলাৰ অর্থাৎ ১ কোটি ১১ লাখ ৩৬ হাজাৰ ৩০০ কোটি টকালৈ বৃদ্ধি হ’ল৷অর্থাৎ গড়ে দৈনিক এওলোকৰ আয় বৃদ্ধি হল ১.৩ বিলিয়ন ডলাৰ অর্থাৎ প্ৰায়  ১০ হাজাৰ কোটি টকাকৈ৷আটাইতকৈ গুৰুত্বপূর্ণ কথাটো এয়ে,কোভিডৰ সময়ত এই সকল শীর্ষ ধনী ব্যক্তিৰ যিমান সম্পত্তি বৃদ্ধি হল,সিমান সম্পত্তি বৃদ্ধি হোৱা নাছিল বিগত ১৪ বছৰতো৷

অক্সফামৰ প্ৰতিবেদনত এই বৈষ্যমক অর্থনৈতিক হিংসা আখ্যা দিয়া হৈছে আৰু কোৱা হৈছে এই বৈষম্যই স্বাস্থ্যৰ যতনৰ অভাব,লিংগ বৈষ্যম,ভোকাতুৰ আদিৰ জৰিয়তে নিত্য ২১ হাজাৰ লোকৰ মৃত্যুলৈ অৰিহনা যোগাইছে৷উল্লেখনীয় যে এই প্ৰতিবেদনতে বিশ্বৰ ১৬০ মিলিয়ন লোকক কোভিডে দৰি্দ্ৰতাৰ দিশে ঠেলি দিয়া বুলি প্ৰকাশ কৰা হৈছে৷কিন্তু কোভিডৰ সময়ত দুগুণ ধনী হোৱা বিশ্বৰ শীর্ষ দহগৰাকী ব্যক্তিৰ তালিকাত কোন কোন আছে জানেনে?এই তালিকাত আছে,এলন মাস্ক,জেফ বেজচ,লেৰি পেজ,চাৰগে ব্ৰিন,মার্ক জুকাৰবার্গ,বিল গেটচ,ষ্টিভ বালমাৰ.লেৰি ইলিচন , ৱাৰেন বাফেট আৰু বার্নাড আৰনাল্ট৷

 

- Donation -

Leave A Reply

Your email address will not be published.