লকডাউনৰ মাজত বিশ্বৰ দহগৰাকী ধনী ব্যক্তি কেনেকৈ দুগুন ধনী হল

Share This Article

সোমবাৰে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে  অক্সফামে৷প্ৰতিবেদন অনুসৰি কোভিডে দুগুন ধনী কৰিলে বিশ্বৰ শীর্ষ দহগৰাকী ধনী ব্যক্তিক৷কোভিডৰ দুটা বছৰত শীর্ষ দহগৰাকী ধনী ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ ৭ শ বিলিয়ন ডলাৰ অর্থাৎ ৫১ লাখ ৯৭ হাজাৰ ১১৫ কোটি টকাৰ পৰা ১.৫ ট্ৰিলিয়ন ডলাৰ অর্থাৎ ১ কোটি ১১ লাখ ৩৬ হাজাৰ ৩০০ কোটি টকালৈ বৃদ্ধি হ’ল৷অর্থাৎ গড়ে দৈনিক এওলোকৰ আয় বৃদ্ধি হল ১.৩ বিলিয়ন ডলাৰ অর্থাৎ প্ৰায়  ১০ হাজাৰ কোটি টকাকৈ৷আটাইতকৈ গুৰুত্বপূর্ণ কথাটো এয়ে,কোভিডৰ সময়ত এই সকল শীর্ষ ধনী ব্যক্তিৰ যিমান সম্পত্তি বৃদ্ধি হল,সিমান সম্পত্তি বৃদ্ধি হোৱা নাছিল বিগত ১৪ বছৰতো৷

অক্সফামৰ প্ৰতিবেদনত এই বৈষ্যমক অর্থনৈতিক হিংসা আখ্যা দিয়া হৈছে আৰু কোৱা হৈছে এই বৈষম্যই স্বাস্থ্যৰ যতনৰ অভাব,লিংগ বৈষ্যম,ভোকাতুৰ আদিৰ জৰিয়তে নিত্য ২১ হাজাৰ লোকৰ মৃত্যুলৈ অৰিহনা যোগাইছে৷উল্লেখনীয় যে এই প্ৰতিবেদনতে বিশ্বৰ ১৬০ মিলিয়ন লোকক কোভিডে দৰি্দ্ৰতাৰ দিশে ঠেলি দিয়া বুলি প্ৰকাশ কৰা হৈছে৷কিন্তু কোভিডৰ সময়ত দুগুণ ধনী হোৱা বিশ্বৰ শীর্ষ দহগৰাকী ব্যক্তিৰ তালিকাত কোন কোন আছে জানেনে?এই তালিকাত আছে,এলন মাস্ক,জেফ বেজচ,লেৰি পেজ,চাৰগে ব্ৰিন,মার্ক জুকাৰবার্গ,বিল গেটচ,ষ্টিভ বালমাৰ.লেৰি ইলিচন , ৱাৰেন বাফেট আৰু বার্নাড আৰনাল্ট৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.