ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়….

Share This Article

কেন্দ্ৰই ক’ভিড ভেকচিন প্ৰসংগত দেশৰ উচ্চতম ন্যায়ালয়ত এক শপত নামা দাখিল কৰিছে। এই শপতনামাত কৈছে যে, ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। কোনোলোকে ইচ্ছা নকৰিলে তেওঁক ভেকচিন গ্ৰহণৰ বাবে বাধ্য কৰিব নোৱাৰিব। কেন্দ্ৰই লগতে শপত নামাত কৈছে যে, ক’ভিড ভেকচিন গ্ৰহণ কৰিবই যে লাগিব সেয়া কেন্দ্ৰৰ নিৰ্দেশনা নহয়। ক’ভিড ভেকচিন সন্দৰ্ভত কেন্দ্ৰই বৰ্তমানলৈকে কোনো SOP জাৰি কৰা নাই। ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ সকলোতে বাধ্যতামূলকো নহয়। লগতে শপত নামাত কৈছে, কোনো ব্যক্তিজনৰ সন্মতি অবিহনে কোনো বলপূৰ্বক টিকাকৰণৰ পৰিকল্পনা কৰা হোৱা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.