বিজেপিক প্ৰতিহত কৰিবলৈ  কৃষকৰ মিছন ইউপি অভিযান

Share This Article

বিপদে লগ এৰা উত্তৰ প্ৰদেশ বিজেপিক৷ইজনৰ পিছত সিজন বিজেপি মন্ত্ৰী আৰু বিধায়কৰ পদত্যাগে দলটোক সংকটৰ সন্মুখীন কৰাই আহিছে উত্তৰ প্ৰদেশত৷উত্তৰ প্ৰদেশৰ নির্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই গুৰুত্বপূর্ণ৷কাৰণ উত্তৰ প্ৰদেশতেই আছে সর্বাধিক লোকসভা আসন৷সেই অনুসৰি প্ৰধানমন্ত্ৰী মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হব পাৰিব নে নাই,তাৰো এক ছেমি ফাইনেল হিচাপে পৰিগণিত উত্তৰ প্ৰদেশৰ নির্বাচন৷কিন্তু উত্তৰ প্ৰদেশৰ নির্বাচনৰ প্ৰাকক্ষণত এইবাৰ চৰম সংকটত বিজেপি দল৷কাৰণ,বিজেপি মন্ত্ৰী বিধায়কৰ দলত্যাগ,সমাজবাদী পার্টিৰ উত্থান আৰু অন্যান্য নির্বাচনী ইচ্ছ্যুৰ ওপৰিও বিজেপিক প্ৰতিহত কৰিবলৈ এইবাৰ দেশৰ কৃষক সংগঠন সমূহ নামিছে মিছন ইউপি অভিযানত

কৃষকৰ দাবীক নস্যাৎ কৰি মোদী চৰকাৰে গৃহীত কৰিছিল তিনিখনকৈ কৃষি আইন৷কিন্তু কৃষকৰ আন্দোলনৰ লগত যুজিব নোৱাৰিলে মোদী চৰকাৰে৷তিনি কৃষি আইন বাতিলৰ দাবীৰে লাখ লাখ কৃষকে মাহ মাহ ধৰি চলাই নিলে কৃষক বিদ্ৰোহে৷শাসকীয় পক্ষৰো বহুতেই কৃষকক আখ্যা দিলে খালিস্তানী,মাওবাদী বুলি৷আন্দোলনৰ মাজতে শ্বহীদ হ’ল ৬০০ ৰো অধিক প্ৰতিবাদী কৃষক৷৬০০ কৃষকৰ শ্বহীদৰ পিছতো কৃষি আইন বাতিল কৰিবলৈ বাধ্য নহল মোদী চৰকাৰ৷কিন্তু বাধ্য হল পাচ ৰাজ্যৰ নির্বাচনৰ আগত৷উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত মোদী চৰকাৰে বাতিল কৰিলে তিনি বিতর্কিত কৃষি আইন৷কিন্তু কৃষি আইন বাতিল কৰিও এতিয়া কৃষকক বলাব পৰা নাই মোদী চৰকাৰে৷কৃষি আইন বাতিল কৰিলেও কৃষকৰ বহু দাবীয়েই পূৰ কৰা নাই চৰকাৰে৷সেইবাবেই আগন্তুক উত্তৰ প্ৰদেশ নির্বাচনত বিজেপিক ৰুধিবলৈ কৃষকে লৈ আহিছে মিছন ইউপি অভিযান৷কৃষক সংগঠনৰ অভিযোগ,কৃষি আইন বাতিল কৰি নৰেন্দ্ৰ মোদী চৰকাৰে কৃষক আন্দোলনৰ ওৰ পেলালে,কিন্তু পূৰ নকৰিলে কৃষকৰ কোনো এটা দাবী৷সেইবাবেই এতিয়া মিছন ইউপি৷শনিবাৰে মিছন ইউপি সন্দর্ভত এক বৈঠকত বহিল সংযুক্ত কিচান মর্চা৷দি্ল্লীৰ সিংঘু বর্ডাৰত অনুষ্ঠিত বৈঠকৰ পৰাই সংগঠনটোৰ ঘোষণা- পশ্চিম বংগৰ নির্বাচনৰ দৰেই হব মিছন ইউপি৷ভোটাৰক আহ্বান জনোৱা হ’ব,ভোট দিব নালাগে বিজেপিক৷২১ জানুৱাৰীত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিৰ পৰা আৰম্ভ হব মিছন ইউপি৷ইয়াৰ পিছতেই ৩১ জানুৱাৰীত ৰাজ্যজুৰি পালন হব বিশ্বাসঘাটকতা দিবস শীর্ষক প্ৰতিবাদী কার্যসূচী৷আনহাতে ২৩ আৰু ২৪ ফ্ৰেবুৱাৰীত ট্ৰেড ইউনিয়নে  এম এচ পি ইচ্ছ্যু আৰু ব্যক্তিগত কৰনৰ বিৰোধিতাৰে দেশজুৰি ৰুপয়ান কৰিব ধর্মঘট৷এই কার্যসূচীৰো অংশীদাৰ হব কৃষক সংগঠন৷উল্লেখনীয় যে,কৃষি আইন বাতিল কৰিলেও,কৃষকৰ দাবী এতিয়াও পূৰণ কৰা নাই ভাৰত চৰকাৰে৷নিম্নতম সমর্থন মূল্যৰ বিষয়টো, বিদ্যুৎ সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী,কৃষকৰ ওপৰত ৰুজু হোৱা ভূৱা গোচৰ প্ৰত্যাহাৰ আৰু খেৰিৰ ঘটনাৰ তদন্ত,দোষীক শাস্তি আৰু ভুক্তভোগী পৰিয়ালৰ ক্ষতিপূৰনৰ দাবী আদি এতিয়াও পূৰ কৰা নাই মোদী চৰকাৰে৷সেইবাবেই উত্তৰ প্ৰদেশ নির্বাচনত ভোটাৰক বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাব কৃষক সংগঠন সমূহে৷আৰু অভিযানৰ নাম হ’ব মিছন ইউপি৷দেশৰ কৃষক সংগঠন সমূহে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহন কৰাৰ সময়তে  সমাজবাদী পার্টিৰ নেতা অখিলেশ যাদবে কৃষকৰ প্ৰতি আগবঢ়াইছে কেইবাটাও প্ৰতিশ্ৰুতি৷কৃষকৰ প্ৰতি বিজেপিক প্ৰতিহত কৰাৰ আহ্বান জনাই অখিলেশ যাদবে আগবঢ়াই বহু কেইটা প্ৰতিশ্ৰুতি৷অখিলেষ যাদবৰ প্ৰতিশ্ৰুতি এক,নিশ্চিত হব নিম্নতম সমর্থন মূল্য৷প্ৰতিশ্ৰুতি দুই, বিনামূলীয়াকৈ প্ৰদান কৰা হব ৩০০ ইউনিট বিদ্যুৎ৷প্ৰতিশ্ৰুতি তিনি,কৃষকক প্ৰদান কৰা হব সুদবিহীন ঋণ৷উল্লেখনীয় যে ভাৰতীয় কিচান মর্চাই ইতিমধ্যে মুকলি সমর্থন জনাইছে সমাজবাদী পার্টিক৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.