সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

indiathecrosscurrent

ৰাজনৈতিক চাণক্য প্ৰশান্ত কিশোৰৰ দৃষ্টিত এতিয়াও দুৰ্বল কংগ্ৰেছ

উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ কাণ্ড লৈ সক্ৰিয়তা প্ৰত্যক্ষ কৰাৰ পাছতে কংগ্ৰেছ দললৈ শক্তি উভতি অহা বুলি ভাবিছিল দলৰ কৰ্মীসকলে। কিন্তু শেহতীয়াকৈ দেশৰ আগশাৰীৰ ৰাজনীতিজ্ঞ প্ৰশান্ত কিশোৰৰ এটা টুইটে চিন্তিত কৰি তুলিছে কংগ্ৰেছী সকলক। কংগ্ৰেছৰ নাম…

দলং নিৰ্মাণৰ বাবে মাজুলী পাইছেহি যাৱতীয় সামগ্ৰী

৮ ছেপটেম্বৰত মাজুলীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাছতে দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা দেখা গৈছিল । নৱেম্বৰৰ পৰা দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া মাজুলী পাইছেহি কেতবোৰ দলং…

Just in- সু:খবৰ! ৰাজ্যত ১ অক্টোবৰৰ পৰা আনলক

ৰাজ্যবাসীৰ বাবে সু: খবৰ। পহিলা অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হব আনলক প্ৰক্ৰিয়া। সকলো ক্ষেত্ৰতে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো ক্ষেত্ৰতে বাধ্য বাধকতা নাথাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী…

২০২১ চনৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ভাৰতীয় সকল কোন জানেনে ?

বিগত বুধবাৰে টাইম মেগাজিনে নিজাববীয়াকৈ সমীক্ষা চলাই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী ব্যক্তিৰ এখন বিশেষ তালিকা প্ৰকাশ কৰিছে। টাইম মেগাজিনে প্ৰকাশ কৰা এই বিশেষ তালিকাখনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ…

আসন্ন তৃতীয় ঢৌঃ দেশৰ শিশুসকলে কেতিয়া লাভ কৰিব ক’ভিড ভেকচিন ?

অক্টোবৰৰ পৰা দেশত ক'ভিডৰ তৃতীয় ঢৌয়ে তাণ্ডৱ চলাব পাৰে বুলি আশংকা ব্যক্ত কৰিছে গৱেষক তথা চিকিৎসক সকলে। উদ্বেগজনকভাৱে ক'ভিডৰ এই তৃতীয় ঢৌত অধিক হাৰত শিশু আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে গৱেষক সকলে। এনে আসন্ন বিপদৰ প্ৰতি…

অসমত নতুন শিক্ষা নীতি বলবৎ কৰিবলৈ গঠন হ’ব ৪০ জনীয়া সমিতি

দেশৰ নতুন শিক্ষা নীতি অসমত বলবৎ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব এখন ৪০ জনীয়া সমিতি ৷ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত গঠন হ’বলগীয়া সমিতিখনে অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ এই প্ৰতিবেদনত নতুন শিক্ষা নীতি অসমত কিদৰে…

হঠাৎ ৰিপুন বৰাক দিল্লীলৈ তলব কিয়?

বৃহস্পতিবাৰে অৰ্থাৎ কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক হঠাৎ তলব কৰা হ’ল দিল্লীলৈ ৷ খোদ ছোনিয়া গান্ধীয়ে ৰিপুন বৰাক তলব কৰাক লৈ ৰাজনৈতিক মহলত জোৰদাৰ চৰ্চা চলিল ৷ নিৰ্বাচনৰ আগে আগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি – তাক লৈও ব্যাপক…

দহটকীয়া সাম্ৰাজ্যৰ ৰাণী

ৰাহুল গৌতম শৰ্মাৰ কলমত-দহটকীয়া সাম্ৰাজ্যৰ ৰাণী অখিল গগৈ এতিয়া হাস্পতালত। সেইদিনা এম্বুলেঞ্চৰ পৰা অখিল গগৈ নামি আহোঁতে, শেষ বিচাৰত মানুহক মানুহ হিচাপে চাব বিচৰা সকলোৰেই অন্তৰ শোকে খুন্দা মাৰি ধৰিছিল। বিজেপি সদস্যৰো। মুকলিকৈ ক’বলৈ তেওঁলোকৰ…

বানৰ বাতৰি: পুনৰ এজনৰ মৃত্যু

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Disaster Management Authority ৰ ৩১ মে'ৰ তথ্য অনুসৰি আজিৰ দিনটোত বানত নিহত হৈছে এজন ব্যক্তি।মৃত ব্যক্তিজনৰ ঘৰ গোৱালপাৰা জিলাত।আজিৰ দিনটোত ৰাজ্যৰ মুঠ তিনিখন জিলাৰ সাতটা ৰাজহ চক্ৰ বানৰ কৱলত…

ভাৰতত এদিনতে ৫০০০+: ক’ৰোনাই লৈছে কালৰূপ

ভাৰতত ক’ৰোনাৰ সংক্ৰমন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰিছে ৷ দেওবাৰৰ দিনটোত দেশত নতুনকৈ ৫২৪২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াকে লৈ ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬,১৬৯ ৷ এদিনত হোৱা সংক্ৰমন এয়াই সৰ্বাধিক ৷ ইফালে ,যোৱা ২৪…