Investigative reporting with dedication.

উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ কাণ্ড লৈ সক্ৰিয়তা প্ৰত্যক্ষ কৰাৰ পাছতে কংগ্ৰেছ দললৈ শক্তি উভতি অহা বুলি ভাবিছিল দলৰ কৰ্মীসকলে। কিন্তু শেহতীয়াকৈ দেশৰ আগশাৰীৰ ৰাজনীতিজ্ঞ প্ৰশান্ত কিশোৰৰ এটা টুইটে চিন্তিত কৰি তুলিছে কংগ্ৰেছী সকলক। কংগ্ৰেছৰ নাম উল্লেখ নকৰাকৈ আওপকিয়াকৈ টুইটোত প্ৰশান্ত কিশোৰে কয় যে জি অ পি ( গ্ৰেণ্ড অল্ড পাৰ্টি অৰ্থাৎ কংগ্ৰেছ) ৰ দুৰ্ভাগ্য এয়ে যে দলটোৱে অন্তঃ গাঁথনি সবল কৰাৰ পৰিবৰ্তে অপ্ৰয়োজনীয় প্ৰসংগত অধিক মনোনিবেশ কৰি আহিছে’। যিহেতু লক্ষীমপুৰ কাণ্ডৰ পাছৰে পৰা ৰাহুল- প্ৰিয়ংকাৰ নেতৃত্বত কংগ্ৰেছে উত্তৰ প্ৰদেশত ৰাজনৈতিক ভাৱে ভেটি সবল কৰিছে বুলি দলৰ সমৰ্থক সকলে আশা প্ৰকাশ কৰিছিল। কিন্তু হঠাতে বিশিষ্ট নিৰ্বাচনী বিশেষজ্ঞ প্ৰশান্ত কিশোৰে কংগ্ৰেছ নেতৃত্বৰ ওপৰত কৰা এনে সমালোচনাত এতিয়া চিন্তিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল।




