আসন্ন তৃতীয় ঢৌঃ দেশৰ শিশুসকলে কেতিয়া লাভ কৰিব ক’ভিড ভেকচিন ?

Share This Article

অক্টোবৰৰ পৰা দেশত ক’ভিডৰ তৃতীয় ঢৌয়ে তাণ্ডৱ চলাব পাৰে বুলি আশংকা ব্যক্ত কৰিছে গৱেষক তথা চিকিৎসক সকলে। উদ্বেগজনকভাৱে ক’ভিডৰ এই তৃতীয় ঢৌত অধিক হাৰত শিশু আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে গৱেষক সকলে। এনে আসন্ন বিপদৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশত অতিশীঘ্ৰে ১৮ বছৰৰ তলৰ কিশোৰ কিশোৰী আৰু শিশু সকলক প্ৰদান কৰা হব ক’ভিড ভেকচিন। চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা শিশু সকলক ভেকচিন প্ৰদানৰ চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰ্যাযক্ৰমে ১২ৰ পৰা ১৭বছৰীয়া শিশু তথা কিশোৰ-কিশোৰীক প্ৰদান কৰা হব ভেকচিন। প্ৰথম পৰ্যায়ত মেদবহুলতা, হৃদযন্ত্ৰৰ ৰোগ আৰু অন্যান্য ৰোগত আক্ৰান্ত কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদান কৰাৰ চিন্তা চৰ্চা কৰিছে কেন্দ্ৰ চৰকাৰে। প্ৰথম পৰ্যায়ত ২০ৰ পৰা ৩০ লাখ কিশোৰ-কিশোৰী তথা শিশুক ভেকচিন প্ৰদান কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে দেশৰ স্বাস্থ্য বিভাগে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.