সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০২১ চনৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ভাৰতীয় সকল কোন জানেনে ?

বিগত বুধবাৰে টাইম মেগাজিনে নিজাববীয়াকৈ সমীক্ষা চলাই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী ব্যক্তিৰ এখন বিশেষ তালিকা প্ৰকাশ কৰিছে। টাইম মেগাজিনে প্ৰকাশ কৰা এই বিশেষ তালিকাখনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, ডিউক আৰু ডাচেছ অৱ চাচেক্সপ্ৰিন্স হেৰী আৰু মেঘান, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তালিবানৰ সহ-প্ৰতিষ্ঠাপক মোল্লা আব্দুল গনি বাৰাদাৰৰ দৰে বিশ্বৰ বহু পৰিচিত মুখৰ নাম।
ভাৰতৰ প্ৰেক্ষাপটত টাইমৰ সমীক্ষাই প্ৰকাশ কৰিছে যে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বাধীনতাৰ পিছৰ ৭৪ বছৰত ভাৰতত তিনিজন গুৰুত্বপূৰ্ণ নেতাৰ জন্ম হৈছে– জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু মোডী। ভাৰতৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডীৰ স্থান তৃতীয়। দেশৰ ৰাজনীতিত এই তিনি নেতাৰ দৰে কোনেও আধিপত্য বিস্তাৰ কৰিব পৰা নাই।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম CNNৰ প্ৰখ্যাত সাংবাদিক ফৰিদ জাকাৰিয়াই লিখা প্ৰফাইলত অভিযোগ কৰা হৈছে যে মোডীয়ে দেশখনক ধৰ্মনিৰপেক্ষতাৰ পৰা হিন্দু জাতীয়তাবাদৰ ফালে ঠেলি দিছে। জাকাৰিয়াই ৬৯ বছৰীয়া নেতাগৰাকীৰ বিৰুদ্ধে ভাৰতৰ মুছলমান সংখ্যালঘুসকলৰ অধিকাৰ খৰ্ব কৰা আৰু সাংবাদিকসকলক কাৰাগাৰত বন্দী কৰা ৰখাৰ অভিযোগ উত্থাপন কৰিছে।
বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ জন ব্যক্তিৰ তালিকাত আছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও ভাৰতৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। তালিকা খনত বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্দৰ্ভত প্ৰ’ফাইলত কোৱা হৈছে যে ৬৬ বছৰীয়া নেতাগৰাকী ভাৰতীয় ৰাজনীতিত আক্ৰমণাত্মক মুখ হৈ পৰিছে। কোৱা হয় যে মমতাই তৃণমূল কংগ্ৰেছক নেতৃত্ব নিদিয়ে কাৰণ মমতা বেনাৰ্জী মানেই হৈছে তৃণমূল কংগ্ৰেছ। মমতাৰ প্ৰফাইলটোত কোৱা হৈছে যে পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে যুঁজ দিয়াৰ মানসিকতাই মমতা বেনাৰ্জীক আনৰ পৰা পৃথক কৰি তুলিছে।
বিশ্বৰ সৰ্ববৃহৎ ভেকছিন নিৰ্মাতাৰ কোম্পানীৰ অধ্যক্ষ আদাৰ পুনাৱালাৰ টাইম প্ৰফাইলত কোৱা হৈছে যে
মহামাৰী এতিয়াও শেষ হোৱা নাই আৰু পুনাৱালাই ইয়াক শেষ কৰাত সহায় কৰিব পাৰে। ভেকছিনৰ বৈষম্য যথেষ্ট বেছি আৰু পৃথিৱীৰ এটা অংশত বিলম্বিত টিকাকৰণৰ বিশ্বব্যাপী পৰিণাম হ’ব পাৰে ভয়ংকৰ।
টাইম প্ৰফাইলত তালিবানৰ সহ-প্ৰতিষ্ঠাপক বাৰাদাৰক এজন শান্ত আৰু গোপনীয় ব্যক্তি বুলি বৰ্ণনা কৰা হৈছে যিয়ে কেতিয়াবাহে ৰাজহুৱা বিবৃতি বা সাক্ষাৎকাৰ দিয়ে। বাৰাদাৰে তথাপিও তালিবানৰ ভিতৰত এক অধিক মধ্যমীয়া প্ৰবাহক প্ৰতিনিধিত্ব কৰে । টাইমৰ এই তালিকাখনত টেনিছ খেলুৱৈ নাওমি ওচাকা, ৰাছিয়াৰ বিৰোধী কৰ্মী আলেক্সি নাভালনি, সংগীত আইকন ব্ৰিটনি স্পিয়াৰ্ছ, এছিয়ান পেচিফিক পলিচী এণ্ড প্লেনিং কাউন্সিলৰ কাৰ্যবাহী সঞ্চালক মঞ্জুছা পি কুলকাৰ্ণী, এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক, অভিনেতা কেট উইন্সলেট আৰু বিশ্ব বাণিজ্য সংস্থা নগোজি ওকঞ্জো-ইৱেলাৰ নেতৃত্ব দিয়া প্ৰথম আফ্ৰিকান আৰু প্ৰথম মহিলাও অন্তৰ্ভুক্ত আছে।

Leave A Reply

Your email address will not be published.