অসমত নতুন শিক্ষা নীতি বলবৎ কৰিবলৈ গঠন হ’ব ৪০ জনীয়া সমিতি

Share This Article

দেশৰ নতুন শিক্ষা নীতি অসমত বলবৎ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব এখন ৪০ জনীয়া সমিতি ৷ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত গঠন হ’বলগীয়া সমিতিখনে অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ এই প্ৰতিবেদনত নতুন শিক্ষা নীতি অসমত কিদৰে কাৰ্যকৰী কৰা হ’ব তাৰ সম্পূৰ্ণ ৰূপৰেখা থাকিব ৷ আজি জনতা ভবনত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ লগতে কয় যে এই সমিতিখনে কেবাটাও সৰু সৰু গোটত বিভক্ত হৈ নতুন শিক্ষা নীতিৰ বিভিন্ন দিশসমূহ চালি জাৰি চাব আৰু ইয়াক অসমত সুষমভাৱে বলবৎ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব ৷ আজিৰ সংবাদমেলত মন্ত্ৰী ড : শৰ্মাই নতুন শিক্ষা নীতিক ঐতিহাসিক বুলি অভিহিত কৰি আদৰণি জনায় ৷উল্লেখ্য যে , যোৱা ২৯ জুলাইত কেন্দ্ৰীয় কেবিনেটে দেশৰ নতুন শিক্ষা নীতিত অনুমোদন জনাইছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.