সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

himanta biswa sarma

অসম সুখীনে?

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। -বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা লৈয়ে…

আৰক্ষী মানুহ হৈ আছেনে? কাঠগড়াত পুলিচ

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷…

কি অসম আছিল, কি অসম হ’ল?

'সেউজসমৃদ্ধ পৰিৱেশত অসমীয়াৰ সহজ সৰল জীৱনক বিশ্বৰ আদৰ্শ হিচাপে গঢ়ি তোলা হ’ব’– প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ‘স্বাধীন অসমৰ অৰ্থনীতি’ গ্ৰন্থখনত সামৰা হৈছে এইদৰে৷ স্বাধীন অসমৰ কোনোবাই বিৰোধিতা কৰিব পাৰে। কিন্তু এখন স্বাৱলম্বী অসমৰ সপোনক…

চৰকাৰী শিক্ষা ধ্বংস কৰিবলৈ আৰু কিমান তললৈ নামিব অসম চৰকাৰ?

অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক কবৰ দিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপেই লৈছে অসম চৰকাৰে৷ চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ- ছাত্ৰীক আকৰ্ষণ কৰাৰ সলনি বিভিন্ন অজুহাতত বন্ধ কৰি দিয়া হৈছে ৬ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয়৷ চৰকাৰৰ মূল যুক্তি চৰকাৰী বিদ্যালয়সমূহত…

আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়

অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?

নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ

২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷

PRC নোহোৱাকৈ কিদৰে পশ্চিমবংগ-ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে অসমৰ মহাবিদ্যালয়ত

অসমৰ উচ্চ শিক্ষা জগতত চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পি আৰ চিৰ প্ৰয়োজন নাই বুলি বিগত ৪ জুনত জাননী প্ৰকাশ কৰিছিল অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে৷ এই জাননী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷…

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা। ১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।