বিষয়াক ঢাল কৰি দুৰ্নীতি গাপ দিব নোৱাৰে বিশ্বজিত ফুকনে

Share This Article

এপেক্স বেংকৰ দুৰ্নীতি ঢাকিবলৈ জ্যেষ্ঠ সাংবাদিকৰ নাম ব্যৱহাৰ কৰাৰ চতুৰ কৌশল হাতত লৈছে বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকনে। অধ্যক্ষ হিচাপে বেংকটোৰ সকলো লেন-দেন বিশ্বজিত ফুকনৰ জ্ঞাতসাৰেই হব লাগে যদিও অজ্ঞানতাৰ ভাও জুৰি সমগ্ৰ বিষয়টোক লঘু কৰাৰ চেষ্টাতো লিপ্ত হৈছে বিশ্বজিত ফুকন। ইয়াৰ বাবে জ্যেষ্ঠ সাংবাদিকৰ নাম লৈ এপেক্স বেংকৰ বিয়াগোম কেলেংকাৰীক অন্য দিশে ঢাল খুওৱাৰ এক নতুন কৌশলী পদক্ষেপ লৈছে অধ্যক্ষগৰাকীয়ে। ভুৱা গোচৰ জাপি দি সাংবাদিকক কাৰাগাৰলৈ প্ৰেৰণ কৰা এপেক্স বেংক কৰ্তৃপক্ষ হেনো এইবাৰ চাৰ্টিফিকেট বিচাৰি দ্বাৰস্থ হব জ্যেষ্ঠ সাংবাদিককৰ। সাংবাদিকৰ বিৰুদ্ধে মনে সজা অভিযোগ ফাদিল হোৱাৰ পাছত এইবাৰ বিশ্বজিত ফুকনে যেন ব্যৰ্থ ষড়যন্ত্ৰ ঢাকিবলৈ জ্যেষ্ঠ সাংবাদিকসকলক ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰিছে। এই পদক্ষেপ সন্দৰ্ভত বিশ্বজিত ফুকনৰ বক্তব্য এনেধৰণৰ-‘বেংকৰ পৰিচালন সঞ্চালক নিযুক্তি, ডিজিটেল প্লেটফৰ্মৰ নিবিদা, ৰাজেশ বাজাজে জালিয়াতি কৰি ওলিয়াই লৈ যোৱা ধনৰ সম্পৰ্কীয় নথি পত্ৰৰ লগতে যোৱা চাৰি বছৰত হোৱা সকলো নিযুক্তিৰ তথ্য তেখেত সকলে নিজে চাব আৰু কৰবাত দুৰ্নীতি হৈছে যদি বাতৰি প্ৰচাৰ কৰিব।’
এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতি সন্দৰ্ভত সংবাদমেল সম্বোধন বা কৰ্তৃত্বশীল পক্ষৰ দ্বাৰা তদন্ত কৰাৰ সলনি বিশ্বজিত ফুকনে ৪ গৰাকী জ্যেষ্ঠ সাংবাদিকৰ দ্বাৰা চাৰ্টিফিকেট লোৱাৰ নতুন প্ৰচেষ্টা আৰম্ভ কৰিছে। ইয়াৰ মূল কাৰণেই হল ইতিমধ্যে জনমানসত ফাদিল হৈ পৰা বিশ্বজিত ফুকন নেতৃত্বাধীন এপেক্স বেংকৰ নিকৃষ্ট কাৰচাজি। বেংকৰ অনিয়ম সন্দৰ্ভত প্ৰশ্ন কৰাৰ বাবেই জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে দুটাকৈ ভুৱা, মনে সজা গোচৰ তৰিছিল এপেক্স বেংকৰ কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকে। সন্দেহ নাই যে এই নিকৃষ্টতকৈ নিকৃষ্টতম অভিসন্ধি বেংকটোৰ অধ্যক্ষৰ অনুমতি অবিহনে কেতিয়াও সম্ভৱপৰ নহয়। প্ৰথমাৱস্থাত সাংবাদিক গ্ৰেপ্তাৰৰ সৈতে এপেক্স বেংক কৰ্তপক্ষৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছিল বিশ্বজিত ফুকনে। তাৰ সলনি এগৰাকী অধস্তন কৰ্মচাৰীক সাংবাদিকৰ বিৰুদ্ধে ভুৱা গোচৰ দিবলৈ ব্যৱহাৰ কৰিছিল কিন্তু ন্যায়ালয়ৰ মজিয়াত এই অভিসন্ধি বিফল হোৱাৰ পাছতেই ভুৱা গোচৰ তৰিবলৈ নিয়োগ কৰা হয় বিশ্বজিত ফুকনৰ ঘনিষ্ঠ ডম্বৰু শইকীয়াক। কিন্তু আদালতৰ মজিয়াত সেই ষড়যন্ত্ৰও নিটিকিল। সংবাদমাধ্যমক আইনৰ অপপ্ৰয়োগেৰে বশ কৰাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত এইবাৰ সেই সংবাদমাধ্যমকেই অন্য উপায়েৰে ব্যৱহাৰ কৰাৰ গোপন কৌশল লৈছে বেংকটোৰ অধ্যক্ষ বিশ্বজিত ফুকনে। তাৰেই অংশ হিচাপে ৪ গৰাকী সাংবাদিকক বেংকৰ হিচাপ পৰীক্ষাৰ দায়িত্ব দিব বিচৰা হৈছে।
উল্লেখ্যে যে এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ এতিয়ালৈ কোনো পতিয়নযোগ্য উত্তৰ দিব পৰা নাই অধ্যক্ষ বিশ্বজিত ফুকনে।
২০২৩ চনত প্ৰথমবাৰৰ বাবে তথ্যসহ ফাদিল হৈছিল অসম কো অপাৰেটিভ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ দিনত চলা বিয়াগোম দুৰ্নীতি। সেই তথ্যতেই ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক উলংঘন কৰি কিদৰে বিধায়ক ফুকনৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰাজেশ বাজাজক কোটি কোটি টকা আদায় দিছিল এপেক্স বেংক কৰ্তৃপক্ষই, সেয়া স্পষ্টকৈ ওলাই পৰিছিল। ইয়াৰ বাবে অধঅযক্ষ ফুকনে ব্যৱসায়ী বাজাজ আৰু দিশপুৰ শাখাৰ প্ৰবন্ধকগৰাকীকে জগৰীয়া সজাব বিচাৰিছে। কিন্তু আচল কথাটো হল ৰাজেশ বাজাজক ৰিজাৰ্ভ বেংকে নিষিদ্ধ কৰা ডিমাণ্ড বিল পাৰ্ছেছৰ জৰিয়তে সৰ্বমুঠ ২০ কোটি ৩০লাখ টকা আদায় দিয়া হৈছিল বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ নিৰ্দেশতে।
প্ৰণিধানযোগ্য যে ২০১৫ চনৰ ১ জুলাইত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশনা জাৰি কৰি এই ‘ডিমাণ্ড বিল পাৰ্ছেছ’ বা চেক ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল৷ কিন্তু তত্সত্ত্বেও ২০২৩ চনৰ ৩ এপ্ৰিলত নৰ্থ ইষ্ট প্লাণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাজেশ বাজাজে অসম কো অপাৰেটিভ এপেক্স বেংক প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়ালৈ প্ৰেৰণ কৰিছিল এখন বিশেষ পত্ৰ। যত তেওঁ ডিমাণ্ড বিল পাৰ্ছেছৰ জৰিয়তে ১৫ কোটি টকা কোম্পানীটোক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল। এই পত্ৰখন সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে এপেক্স বেংকৰ দিশপুৰ শাখাৰ প্ৰবন্ধকলৈ প্ৰেৰণ কৰিছিল খোদ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই। অৰ্থাত্ ডম্বৰু শইকীয়াৰ অনুমোদনৰ ভিত্তিতেই এপেক্স বেংকৰ এই বিয়াগোম কেলেংকাৰী সংঘটিত হৈছিল। ডম্বৰু শইকীয়া কাৰ মানুহ, সেয়া বেংকৰ তলৰ পৰা ওপৰলৈ সকলোৱে ভালদৰে জানে। কাৰণ ডম্বৰু শইকীয়া এপেক্স বেংকৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা প্ৰক্ৰিয়াটো অতি ৰহস্যজনক। বেংকৰ শ্বিলং শাখাত প্ৰবন্ধক পদমৰ্যাদাৰ চাকৰিত কাৰ্যনিৰ্বাহ কৰা ডম্বৰু শইকীয়াক নীতিবহিৰ্ভূতভাৱে পৰিচালন সঞ্চলক হিচাপে বিশ্বজিত ফুকনে নিযুক্তি দিয়া অভিযোগ উত্থাপন হৈছে। আৰু সেইগৰাকী ডম্বৰু শইকীয়াই ব্যৱসায়ী ৰাজেশ বাজাজক নীতিবহিৰ্ভূতভাৱে কোটি কোটি টকা আদায়ৰ অনুমোদন দিছিল। কিন্তু বিশ্বজিত ফুকনে ইয়াৰ বাবে কেৱল দিশপুৰ শাখাৰ প্ৰবন্ধকগৰাকীক জগৰীয়া কৰি নিজৰ ভূমিকাক নিকা আৰু স্বচ্ছ দেখুৱাবলৈ বিভিন্ন কৌশল হাতত লৈছে। সেয়া লাগিলে কেতিয়াবা যদি সাংবাদিকক ভুৱা গোচৰত কাৰাগাৰালৈ নিক্ষেপ কৰি দুৰ্নীতি গোপন কৰাৰ চেষ্টা চলাইছে, আন কেতিয়াবা জ্যেষ্ঠ সাংবাদিকৰ নাম লৈ অভিযোগৰ পৰা পলায়নৰ চেষ্টা চলাইছে। সেইবাবেই বিশ্বজিত ফুকনে যেতিয়ালৈকে কৰ্তৃত্বসম্পন্ন চৰকাৰী সংস্থাৰ দ্বাৰা এপেক্স বেংকৰ হিচাপ পৰীক্ষা নকৰায়, ৰাজহুৱাভাৱে সকলো অভিযোগৰ পতিয়নযোগ্য উত্তৰ নিদিয়ে; তেতিয়ালৈকে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনে কেতিয়াও নিজকে ধোৱা তুলসীৰ পাত সজাব নোৱাৰিব। এই সাহস হবনে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.