Assam Panchayat Election 2025: এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু ৫ টা শিকনি!

Share This Article

Assam Panchayat Election 2025: বহু জল্পনা-কল্পনা আৰু এটা দীঘলীয়া বিৰতিৰ অন্তত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ল৷ ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত ভোটগ্ৰহণৰ পাছত ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল৷ বিগত সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ ৰাইজে প্ৰত্যক্ষ কৰিলে৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈ, ভূপেন বৰা, অখিল গগৈলৈ সকলোৱে নিজৰ নিজৰ পৰিকল্পনা আৰু ভাষণেৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে৷ সমগ্ৰ প্ৰচাৰ অভিযানৰ পৰা এই নিৰ্বাচনৰ ৫ টা বিশেষ গুৰুত্বপূৰ্ণ দিশ স্পষ্ট হৈ পৰিছে৷ কি এই পাঁচটা দিশ? আজিৰ প্ৰতিবেদনত তাৰেই পৰ্যালোচনা৷

Assam Panchayat Election 2025: এই নিৰ্বাচনৰ ৫ টা বিশেষ গুৰুত্বপূৰ্ণ দিশ

প্ৰথম, মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ভোট লাভৰ প্ৰধান অস্ত্ৰই হৈছে হিতাধিকাৰী আঁচনি৷ প্ৰতিখন নিৰ্বাচনী সভাতেই তেওঁ চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ নাম লৈ ভোট বিচাৰিছে৷ বিশেষকৈ মহিলা হিতাধিকাৰীসকলেই হ’ল বৰ্তমানৰ বিজেপি চৰকাৰৰ প্ৰধান ভোটবেংক৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই লুঙীৰ প্ৰসংগ টানি আনি এটা বিশেষ সম্প্ৰদায়ৰ কথাকেই বুজাইছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ মূল লক্ষ্য যে হিতাধিকাৰীৰ ভোট সেয়া তেওঁৰ প্ৰতিটো ভাষণতেই স্পষ্ট হৈ পৰিছে৷ অৰুণোদয়ৰ পৰা লাখপতি বাইদেউ, নিযুত মইনালৈকে প্ৰতিখন আঁচনিৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰতিখন সভাত বাৰম্বাৰ উল্লেখ কৰিছে৷ লগতে বিদ্যুত মাচুল হ্ৰাস, সুলভ মূল্যৰ চেনি দাইল আদিৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে৷ ২০২৬ ৰ বিধানসভা নিৰ্বাচনতো একেই ইছ্যুৰেই যে বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হ’ব, সেয়া স্পষ্ট৷

লগতে পঢ়ক: বিশেষজ্ঞৰ পৰামৰ্শ নস্যাৎ! স্বতন্ত্ৰ কৰ্তৃপক্ষ অবিহনে গেৰুকামুখৰ প্ৰকল্পত উৎপাদনৰ বাবে সাজু NHPC

দ্বিতীয়, মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ হিতাধিকাৰী ভোটবেংকক প্ৰত্যাহ্বান জনাব পৰাকৈ বিৰোধী কেনেকৈ সাজু হ’ব, সেয়াও এইবাৰৰ নিৰ্বাচনত এটা ডাঙৰ প্ৰশ্ন হৈ ৰ’ল৷ বিজেপিৰ হিতাধিকাৰী অৰ্থনীতিৰ সন্মুখত বিৰোধীয়ে এতিয়াও কোনো পতিয়নযোগ্য বিকল্প দাঙি ধৰিব পৰা নাই৷ কংগ্ৰেছ দলে অৰুণোদয়ৰ ১২৫০ ৰ সলনি মাহিলি ২৫০০ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ কিন্তু পাই থকা আৰু পাবলগীয়াৰ মাজত পাৰ্থক্য আছে৷ তদুপৰি বিজেপিৰ হিতাধিকাৰী ভোটবেংকৰ এয়া বিকল্প আৰ্হি নহয়৷ সংস্থাপণ, শিক্ষা, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰতো বিৰোধীৰ হাতত নাই কোনো স্পষ্ট বিকল্প৷ ২০২৬ৰ পূৰ্বে যদি বিৰোধীয়ে বিজেপিৰ উন্নয়ণৰ এক বিকল্প আৰ্হি দাঙি ধৰাটো বাঞ্চনীয়৷

তৃতীয়, শাসক পক্ষ এতিয়াও ঐক্যৱদ্ধ আৰু শৃংখলাৱদ্ধ৷ বিজেপি ক্ষমতাৰ চৰম শিখৰত থকা অৱস্থাতো বিজেপিয়ে অসম গণ পৰিষদৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰিছে৷ মিত্ৰদল হিচাপে অসম গণ পৰিষদৰ সৈতে সন্মানজনকভাৱে আসন বুজাবুজি কৰিছে৷ ইয়াৰ পৰা সহজেই অনুমেয় যে কোনো বাদ বিবাদ নোহোৱাকৈ ২০২৬ লৈকে এই মিত্ৰতা অক্ষুণ্ণ থাকিব৷ মিত্ৰতাৰ ধৰ্ম কেনেকৈ পালন কৰিব পাৰি, তাৰ নিদৰ্শনো পঞ্চায়তে নিৰ্বাচনতে শাসক পক্ষই দাঙি ধৰিলে৷ ইয়াৰ লগে লগে টিকট বিতৰণতো শাসক পক্ষই শৃংখলাৰ পৰিচয় দিলে৷

লগতে পঢ়ক: ISC Topper Srijani: এৰিছিল পিতৃ-মাতৃৰ উপাধি, নাছিল ধৰ্ম; জানো আহক ISC ত শীৰ্ষস্থান প্ৰাপ্ত সৃজনীৰ কাহিনী

চতুৰ্থ, নিৰ্বাচনত শাসক পক্ষ ঐক্যৱদ্ধ হৈ থকাৰ বিপৰীতে ছেদেলি ভেদেলি হৈ পৰিল বিৰোধী শিবিৰ৷ আনকি কংগ্ৰেছ দলতেই কেইবাটাও শিবিৰৰ বিভাজন উন্মুক্ত হৈ পৰিল৷ এনে পৰিস্থিতিত আন বিৰোধী দলবোৰ ঐক্যৱদ্ধ হোৱাৰ পূৰ্বে প্ৰধান বিৰোধী হিচাপে কংগ্ৰেছ যে নিজেও ঐক্যৱদ্ধ হোৱাৰ প্ৰয়োজন সেই শিকনিও এই পঞ্চায়ত নিৰ্বাচনেই দি গ’ল৷ আনহাতে কংগ্ৰেছত টিকট বিতৰণত ব্যাপক অনিয়মৰ  অভিযোগ উত্থাপন হ’ল৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই বেমেজালিসমূহ দূৰ হ’বনে? এই নিৰ্বাচনে সেই প্ৰশ্নও এৰি গ’ল৷

পঞ্চম, শাসক পক্ষই স্পষ্টকৈ কৈছে– হিতাধিকাৰী আঁচনিৰ সুবিধা পাবলৈ তেওঁলোকক ভোট দিব লাগে৷ হিন্দুত্বৰ পক্ষত তেওঁলোকক ভোট দিব লাগে৷ কিন্তু বিৰোধীৰ ফালৰ পৰা তেনে কোনো স্পষ্ট আহ্বান এতিয়াও দৃষ্টিগোচৰ নহ’ল৷ ইয়াৰ পৰা এটা কথা ক’ব পাৰি যে নিৰ্বাচনৰ পূৰ্বে বিৰোধীয়েও নিজৰ সুস্পষ্ট এজেণ্ডা প্ৰস্তুত কৰাটো অত্যন্ত জৰুৰী৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.