ISC Topper Srijani: এৰিছিল পিতৃ-মাতৃৰ উপাধি, নাছিল ধৰ্ম; জানো আহক ISC ত শীৰ্ষস্থান প্ৰাপ্ত সৃজনীৰ কাহিনী

Share This Article

ISC Topper Srijani: দেশে স্বাধীনতা লাভৰ ৭৮ বছৰ হ’ল। কিন্তু স্বাধীনতাৰ ৭৮ বছৰ পিছতো লাগি থাকিল এটা ৰোগ। নাম বৈষম্যতা। ভাৰতত বহু প্ৰকাৰৰ বৈষম্য আছে। ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক বৈষম্য ইত্যাদি ইত্যাদি। আজিও বৈষম্যতাৰ কৱলত পৰি হীনমান্যতাত ভুগি আছে লাখ লাখ লোকে। বৈষম্যতাৰ বাবে পোৱা নাই মানুহ হিচাপে পাবলগীয়া ন্যূনতমখিনিও।

কিন্তু বৈষম্যতাৰ কলীয়া ডাৱৰে আৱৰি থকাৰ মাজতো ১৪০ কোটি ভাৰতীয়ক এতিয়া আইনা দেখুৱাইছে এগৰাকী ১৭ বছৰীয়া ছোৱালীয়ে। ১৭ বছৰীয়া ছোৱালীজনীৰ নাই কোনো উপাধি, ধৰ্মৰ ঠাইত তাই লিখে মানৱীয়তা। ১৪০ কোটি জনতাৰ মাজত তেনেকৈয়ে আজি পৰিচিত হৈ পৰিছে ছোৱালীজনী। এয়া হৈছে ISCত শীৰ্ষ স্থানপ্ৰাপ্ত সৃজনীৰ কাহিনী।

ISC Topper Srijani: সৃজনী কোন?

সৃজনীৰ ঘৰ কলকাতাত। অধ্যয়ন কৰিছিল দ্য ফিউছাৰ ফাউণ্ডেচন স্কুল নামৰ শিক্ষানুষ্ঠানত। ISCৰ সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে সৃজনীয়ে। ভৱিষ্যতে IISC বাংগালুৰুত পদাৰ্থ বিজ্ঞান বা গণিত অধ্যয়ন কৰাৰ মন সৃজনীৰ।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পূৰ্বে যেতিয়া ব’ৰ্ডত পঞ্জীয়ন কৰিব লাগে, তেতিয়াই এই সৃজনীয়ে দাখিল কৰিছিল এক বিশেষ আবেদন। সেই আবেদনত পঞ্জীয়নৰ বাবে উপাধি অবিহনে কেৱল নামহে লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল সৃজনীয়ে। অৰ্থাৎ ১৭ বছৰীয়া সৃজনীয়ে নিজৰ উপাধি ত্যাগ কৰাৰ লগতে তেওঁ কেৱল মানৱীয়তাকে ধৰ্ম হিচাপে অনুসৰণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে অন্তৰ্কন্দলত জৰ্জৰিত বিজেপি

সৃজনীৰ এই আবেদনক লৈ ফিউচাৰ ফাউণ্ডেশ্যন স্কুলৰ অধ্যক্ষ ৰঞ্জন মিট্টৰে কয়, “যেতিয়ালৈকে আইন সন্তুষ্ট হ’ব, তেতিয়ালৈকে এয়া আমাৰ বাবে কোনোধৰণৰ ইচ্ছ্যু নহয়, আৰু লগতে ই বাধ্যতামূলকো নহয়। মই ভাৱো যে প্ৰতিজন ব্যক্তিক নিজৰ আত্মসন্মানেৰে জীয়াই থাকিবলৈ দিয়া উচিত, আৰু পৰিয়ালে যদি এইয়াই বিচাৰে তেন্তে আমিও এই সিদ্ধান্তৰ লগতে আগবাঢ়িম।” এইদৰেই সৃজনীৰ আবেদনৰ প্ৰতি সঁহাৰি দিছিল শিক্ষানুষ্ঠানখনৰ অধ্যক্ষই।

সকলো ধৰণৰ বৈষম্যৰে বিৰোধী সৃজনী

ইফালে টাইমছ অফ ইণ্ডিয়াক নিজৰ সিদ্ধান্ত সন্দৰ্ভত সৃজনীয়ে কয়, “মই সকলো ধৰণৰ বৈষম্যৰে বিৰোধী সেয়া সামাজিক, অৰ্থনৈতিক বা ধৰ্মীয়ই হওঁক। সাম্প্ৰদায়িক আগ্ৰাসন আৰু ধৰ্মীয় শোষণবাদ হৈছে এক বিভাজনকাৰী শক্তি। এখন ভিন্ন সংস্কৃতিৰ সমাজ গঢ়িবলৈ কেৱল সহনশীলতা, পাৰস্পৰিক সন্মান আৰু সমতাবাদী ধাৰণাৰেহে সমৃদ্ধিশালী হ’ব পাৰে। মই এনে এখন সমাজৰ সপোন দেখিছো য’ত কোনো অভয়া, কোনো ধৰ্মীয় যুদ্ধ আৰু কোনো ধৰণৰ বৈষম্য নাথাকিব।”

আৰ জি কৰ হস্পিতালৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদতো ভাগ লৈছিল সৃজনীয়ে

সৃজনীয়ে অভয়া বুলি বুজাইছিল আৰ জি কৰৰ সেই দুৰ্ভগীয়া যুৱতীগৰাকীক। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ১৪ আগষ্টত আন হাজাৰ হাজাৰ লোকৰ সৈতে “ৰিক্লেইম দ্য নাইট” শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীতো উপস্থিত আছিল সৃজনী। আৰ জি কৰ কাণ্ডৰ বিৰোধিতাৰে আয়োজন কৰা হৈছিল এই প্ৰতিবাদী কাৰ্যসূচী।

সৃজনীৰ সিদ্ধান্তক লৈ কি কয় পিতৃ-মাতৃয়ে?

উল্লেখনীয় ভাৱে সৃজনীৰ এই মনোভাৱ তথা বিশ্বাস বহুলাংশে গঢ় লৈ উঠিছিল তেওঁৰ মাতৃ তথা গুৰুদাস মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা গোপা মুখাৰ্জী আৰু ২০১২ চনত শান্তিস্বৰূপ ভাটনগৰ বঁটা লাভ কৰা আই এছ আইৰ গণিতজ্ঞ তথা তেওঁৰ পিতৃ দেৱাশীষ গোস্বামীৰ পৰা। তেওঁলোকৰ মতে, সন্তানসকলক জাতি, ধৰ্ম আৰু ধৰ্মৰ কোনো বোজা নোহোৱাকৈ মুক্ত মনৰে ডাঙৰ হ’বলৈ দিব লাগে আৰু প্ৰথমে তেওঁলোক মানৱীয়তাৰ পাঠ পঢ়াব লাগে। সৃজনীৰ পিতৃ-মাতৃয়ে কয় যে সৃজনীৰ সিদ্ধান্তক লৈ তেওঁলোক নথৈ আনন্দিত। সৃজনীৰ মাতৃয়ে কয় যে যেতিয়া তেওঁলোকে সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিছিল তেতিয়া তেওঁলোকে নিজৰ উপাধি উল্লেখ কৰা নাছিল। এই সন্দৰ্ভত সৃজনীৰ মাতৃয়ে কয় যে আমি কেতিয়াও এই সন্দৰ্ভত কোনো ডাঙৰ প্ৰশ্নৰ সন্মুখীন হোৱা নাই। ক’তো উপাধি বাধ্যতামূলক নহয়, আনকি পাছপ’ৰ্টতো নহয়, কিন্তু ই কেৱল এটা মানসিকতাহে।

লগতে পঢ়ক: বিশেষজ্ঞৰ পৰামৰ্শ নস্যাৎ! স্বতন্ত্ৰ কৰ্তৃপক্ষ অবিহনে গেৰুকামুখৰ প্ৰকল্পত উৎপাদনৰ বাবে সাজু NHPC

সৃজনীৰ এই সিদ্ধান্তই এতিয়া আপ্লুত কৰিছে সকলোকে। স্থানীয় বিধায়ক তথা পশ্চিমবঙ্গৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাসেও সৃজনী চিন্তাধাৰাক প্ৰশংসা কৰে।

এয়া আছিল ১৭ বছৰীয়া সৃজনীৰ কাহিনী। যিয়ে ১৪০ কোটি ভাৰতীয়ৰ বাবে কঢ়িয়াই আনিছে বিশেষ বতৰা। নিজৰ চিন্তাধাৰাৰে বৈষম্যই আৱৰি থকা সমাজখনক নতুন দিগন্ত দেখুৱাইছে এইগৰাকী ১৭ বছৰীয়া সৃজনীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.