মুখ্যমন্ত্ৰীয়ে অহংকাৰ এৰকঃ দেৱালৰ লিখন পঢ়ক

Share This Article

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহংকাৰ এৰক আৰু দেৱালৰ লিখন পঢ়ক– এইটোৱে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ প্ৰতি আজিৰ সময়ৰ পোনপটীয়া আহ্বান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে ঘোষণা কৰি আহিছে যে অসম এতিয়া আন্দোলন বিবৰ্জিত ৰাজ্য৷চৌপাশে শান্তি আৰু শান্তি৷ প্ৰাচুৰ্যৰ এনে বানপানী বৈছে যে ঘৰবোৰ উভৈনদী হৈ পৰিছে৷ মানুহৰ মুখে মুখে হাঁহি, কেৱল হাঁহি৷ মুখ্যমন্ত্ৰীৰ ভাষণ শুনি থাকিলে এনেকুৱাই লাগিব যেন ৭০ বছৰৰ অন্ধকাৰৰ পাছত অসমে এতিয়া পোহৰ দেখিবলৈ আৰম্ভ কৰিছেহে৷ কিন্তু বাস্তৱত হৈছে কি? পলিটেকনিকৰ অধ্যাপকৰ ধৰ্ণা, কৰ্মৰত অধিবক্তাৰ আন্দোলন, সাংবাদিকৰ উত্তাল প্ৰতিবাদ,প্ৰাপ্য বিচাৰি আহি ৰাজধানীত নিৰ্যাতিত শিক্ষক, ভূমিহাৰা হোৱাৰ আশংকাত কাৰ্বি আংলং, পলাশবাৰীত গঞাৰ গৰ্জন–এনেকৈ এখন আন্দোলন বিবৰ্জিত ৰাজ্য চলে নেকি? মুখ্যমন্ত্ৰীৰ আন্দোলন বিবৰ্জিত অসমত অভিলেখ সংখ্যক হিতাধিকাৰীৰ সৃষ্টি হৈছে ঠিকেই কিন্তু তাৰ অৰ্থ এইটো নহয় যে বিনিময়ত জনতাই নিজৰ মৌলিক অধিকাৰকো চৰকাৰৰ ওচৰত বন্ধকত থব৷ সেইবাবেই চৰকাৰী নিৰ্যাতনৰ ভয়, চৰকাৰৰ ৰোষত পৰাৰ শংকাকো নেওচি জনতা ৰাজপথলৈ ওলাবলৈ সাজু হৈছে৷ আনকি শেষত কলম, কেমেৰা সামৰি থৈ সাংবাদিকো নামিবলগীয়া হ’ল ৰাজপথলৈ৷ মুখ্যমন্ত্ৰীৰ হাতত অপৰিসীম ক্ষমতা আছে৷ তেওঁৰ সংবাদ মাধ্যমক নিয়ন্ত্রণ কৰিব পাৰে, সংবাদ মাধ্যমক ভয় খুৱাব পাৰে, সংবাদ মাধ্যমক বিধানসভাৰ মজিয়াত তুচ্ছ তাচ্ছিল্য কৰিব পাৰে৷ সংবাদ মাধ্যমেও মুখ্যমন্ত্ৰীৰ এই ক্ষমতাক এটা পৰ্যায়লৈ সমীহ কৰিব ঠিকেই৷ কিন্তু সকলোৰে এটা সীমা থাকে৷ যেতিয়াই সংবাদ মাধ্যমক কোনো শাসকে বশ কৰিবলৈ নীচ অভিসন্ধি ৰচনা কৰে, তেতিয়াই উমি উমি জ্বলি থকা জুইকুৰা দাউ দাউকৈ জ্বলি উঠে৷ বুধবাৰে গুৱাহাটীৰ ৰাজপথতো তেনে দৃশ্যই দেখিবলৈ পোৱা গ’ল৷ শেহতীয়াকৈ সমালোচনা আৰু সংবাদ মাধ্যমক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ্যে অসহিষ্ণু আচৰণ কৰিবলৈ লৈছে৷ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰীৰ এই উষ্মা পাৰাস্তম্ভৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছে৷ এই কথা অসমৰ প্ৰতিগৰাকী সচেতন নাগৰিকেই দেখি আছে৷ কিন্তু ইতিহাস সাক্ষী হৈ আছে যে যেতিয়াই মত প্ৰকাশৰ স্বাধীনতালৈ ভাবুকি নামি আহিছে, তেতিয়াই সেয়া প্ৰতিহত কৰিবলৈ সংবাদ মাধ্যম ঐক্যবদ্ধ হৈছে৷ যেতিয়াই কোনো শাসকে স্বৈৰাচাৰী আচৰণ কৰিবলৈ লৈছে, তেতিয়াই সংবাদ মাধ্যমে সমালোচনাৰে তেনে আচৰণক নেফানেফ কৰিছে৷ স্বৈৰতন্ত্ৰৰ আগজাননী দেখিলেই সংবাদ মাধ্যমে সেয়া ওফৰাই পেলাবলৈ গৰজি উঠিছে৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথাও নিশ্চয় জানে যে ভাবুকি আৰু দমনেই ভাৰতীয় সাংবাদিকতাক আধুনিক ৰূপলৈ আনিছে৷ ভাৰতবৰ্ষৰ জনতাই বাক স্বাধীনতাৰ গুৰুত্ব প্ৰথমবাৰ উপলব্ধি কৰিছিল জৰুৰীকালীন সময়ত৷ তাৰ পাছৰে পৰাই ভাৰতীয় সাংবাদিকতাত সংযোজন হয় আধুনিকতা আৰু অভিনৱত্বৰ৷ অসমতো সংবাদ পত্ৰক জনতাৰ অধিক ওচৰ চপাই নিছিল হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰ দমনে৷ জনতাই সকলো চৰকাৰী প্ৰলোভন আৰু নিৰ্যাতনক আওকান কৰি সংবাদ মাধ্যমৰ স্বাধীনতাৰ পক্ষত থিয় হৈছিল৷ সেয়া বৰ বেছি পুৰণি দিনৰ কথা নহয়৷ এইটোও সঁচা যে পৰিস্থিতিয়ে দাবী কৰিলে ইতিহাৰ পুনৰাবৃত্তি ঘটেই৷ যেতিয়াই অন্ধ শাসকে চাটুকাৰৰ চৰ্চাকেই একমাত্ৰ সত্য বুলি গণ্য কৰিবলৈ লয়, সমালোচনাক জাতশত্ৰু হিচাপে বিবেচনা কৰিবলৈ লয়, তেতিয়াই জনতা সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ আটাইতকৈ বেছি সজাগ হৈ উঠে৷ বুধবাৰৰ দিনটো তেনে এক জাগৰণৰেই সাক্ষী হৈ ৰ’ল৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আন্দোলন বিবৰ্জিত অসম আৰু বাস্তৱৰ অসমৰ মাজত বিস্তৰ পাৰ্থক্য আছে৷ সেয়া দেখুৱাই দিবলৈ যাওঁতেই যদি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে শত্ৰুতাপূৰ্ণ আচৰণ কৰিবলৈ লয়, তেনেহ’লে সংঘাত অনিবাৰ্য৷ মুখ্যমন্ত্ৰীয়ে যদি সংঘাত নিবিচাৰে, তেনেহ’লে অনাহক অহংকাৰ এৰি দেৱালৰ লিখন পঢ়ক৷ এয়াই সময়ৰ আহ্বান৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.