সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোভিডৰ গণসংক্ৰমণ……

অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন। আনহাতে ৰাজ্য চৰকাৰে অসমত নতুনকৈ SOP জাৰি কৰা পাছতো কোভিড-১৯ একেদিনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত নতুনকৈ ২১৯৮ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত। সৰ্বাধিক কামৰূপ(ম)তে যোৱা ২৪ ঘণ্টাত…

হৰিদ্বাৰৰ মুছলমান বিদ্বেষী ঘটনাৰ বিৰুদ্ধে হব তদন্ত

আজি উচ্চতম ন্যায়ালয়ে হৰিদ্বাৰ আৰু দিল্লীত ১৭ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা দুটা অনুষ্ঠানত আপত্তিজনক ভাষণ প্ৰদান কৰা অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে । দিল্লীৰ বাসিন্দা কোৰবান আলি আৰু জ্যেষ্ঠ অধিবক্তা অঞ্জনা প্ৰকাসে দাখিল…

ক’ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

ক'ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। মন্ত্রীগৰকীয়ে নিজেই টুইটাৰ যোগে প্ৰকাশ কৰিছে এইকথা। বৰ্তমান তেওঁ হোম আইছ'লেচনত আছে। লগতে মন্ত্ৰী ৰাজনাথ সিঙে  এইকেইদিনত তেওঁৰ সংস্পর্শলৈ সকলো ব্যক্তিকে ক'ভিড টেস্ট কৰিবলৈ অনুৰোধ…

মুম্বাই বিমানবন্দৰত জুই : কথমপি বাচিল ৮৫ যাত্ৰী

আজি মুম্বাই বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পুছ বেক ট্ৰলিত জুই লাগে । ফলত বিমানবন্দৰত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ পুছ বেক ট্ৰলি হৈছে বিমান এখনক টেক্সি-ৱেৰ পৰা ৰানৱেলৈ অনা এখন ট্ৰেক্টৰ সদৃশ বাহন। এই ঘটনা সংঘটিত হোৱা সময়ত বিমানখনৰ ভিতৰত…

মোদীৰ যাত্ৰাভংগ : উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰিব তদন্ত

নিৰাপত্তাজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিনৰ পূৰ্বে আধাতে সামৰিবলগীয়া হৈছিল পঞ্জাৱ ভ্ৰমণ। এই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাসক-বিৰোধীৰ মাজতো তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। বিষয়টো গৈ পাইছিল উচ্চতম…

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত

নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক'ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক'ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই…

পুনৰ ভাৰতৰ ধনী ব্যক্তি তালিকাত স্থান লাভ আম্বানী আৰু আদানীৰ

পুনৰবাৰ এছিয়াৰ ভিতৰত ভাৰতৰ ধনী ব্যক্তি তালিকাত স্থান লাভ আম্বানী আৰু আদানীৰ। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী এছিয়াৰ ভিতৰত দ্বিতীয়জন ধনী ব্যক্তি হোৱাৰ বিপৰীতে প্ৰথমজন ধনী ব্যক্তিৰ তালিকাত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী৷ শেহতীয়াকৈ আদানীয়ে…

কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো

কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। কাৰণ, শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী মোডীৰ ফটো কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপৰ পৰা আঁতৰ কৰিবলৈ এক নিৰ্দেশনা দিছিল। ৫ ৰাজ্যত আগন্তক…

১২ দিনত বিক্রী প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ অসম গ্ৰন্থমেলাত

সামৰণি পৰিল  অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী জানুৱাৰীলৈকে ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা।প্ৰথমবাৰৰ বাবে অসম…

ভাৰতত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি

সমগ্ৰ দেশতে প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতত সোমবাৰৰ দিনটোত ১,৭৯,৭২৩ জন ৰোগী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে। বৰ্তমানৰলৈকে মুঠতে ভাৰতত  ৭,২৩,৬১৯ জন লোক আক্ৰান্ত হৈছে কোভিডৰ তৃতীয়টো ঢৌত। যোৱা ২৪ ঘণ্টাত ১৪৬ জন ৰোগী…